ETV Bharat / bharat

ED raids in Chhattisgarh: কংগ্ৰেছে ইডিৰ অভিযানলৈ ভয় নকৰে; কে চি বেণুগোপাল - ED raids

কংগ্ৰেছ নেতাৰ বিৰুদ্ধে ইডিৰ অভিযান অব্যাহত আছে (ED raids against congress leader)। জ্যেষ্ঠ কংগ্ৰেছী নেতা কে চি বেণুগোপালৰ মতে তেওঁলোকে এই অভিযানক ভয় নকৰে । কংগ্ৰেছৰ কেইবাগৰাকী নেতাই ইডিৰ অভিযানক বিজেপিৰ ৰাজনৈতিক প্ৰতিহিংসা বুলি অভিহিত কৰে ।

ED raids in Chhattisgarh
কংগ্ৰেছে ইডিৰ অভিযানলৈ ভয় নকৰে
author img

By

Published : Feb 21, 2023, 6:19 PM IST

নেশ্যনেল ডেস্ক,২১ ফেব্ৰুৱাৰী : ‘‘আমি এনফৰ্চমেণ্ট ডিৰেক্টৰেটৰ অভিযানলৈ ভয় নকৰো ।’’ এই মন্তব্য নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালৰ (KC Venugopal reacts over ED raid)। মঙলবাৰে ইডিৰ অভিযানক "ৰাজনৈতিক প্ৰতিহিংসা" বুলি গৰিহণা দি তেওঁ কয় যে, এনে ধৰণৰ কাৰ্যই কংগ্ৰেছক ভয় খুৱাব নোৱাৰে । বেণুগোপালে লগতে কয় যে, কংগ্ৰেছে আইনৰ মতেই ইয়াৰ বিৰুদ্ধে যুঁজ দিব ।

তেওঁ দাবী কৰে যে, যেতিয়াই নিৰ্বাচন আহে তেতিয়াই ইডি আহে । তেওঁলোকে আগৰ পৰাই এই কথা জানিছিল । এই সত্য সমগ্ৰ দেশে জানে বুলিও তেওঁ দাবী কৰে । স্বামী বিবেকানন্দ বিমানবন্দৰত কে চি বেণুগোপালে সাংবাদিকৰ আগত কয় যে, কংগ্ৰেছে ইডিৰ অভিযানক ভয় নকৰে । কংগ্ৰেছৰ নেতাসকলৰ দেশৰ আইনৰ ওপৰত বিশ্বাস আছে আৰু কংগ্ৰেছে আইন অনুসৰি যুঁজ দিব (KC Venugopal slams ED)। কংগ্ৰেছৰ পূৰ্ণাংগ অধিৱেশন আহি থকা সময়ত এনে ধৰণৰ অভিযান অস্বাভাৱিক নহয় বুলিও তেওঁ ক্ষোভ প্ৰকাশ কৰে ।

উল্লেখ্য যে, ৰায়পুৰত ২৪ ৰ পৰা ২৬ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'বলগীয়া কংগ্ৰেছৰ ৮৫ সংখ্যক পূৰ্ণাংগ অধিৱেশনৰ প্ৰস্তুতি তদাৰক কৰিবলৈ বেণুগোপাল ৰায়পুৰত উপস্থিত হয় (Congress 85th plenary session at Raipur)। তেওঁ দলীয় বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হ'ব আৰু তাৰ পাছত দিল্লীলৈ ৰাওনা হ'ব ।

ইফালে মুখ্যমন্ত্ৰী ভূপেশ বাঘেল আৰু জ্যেষ্ঠ কংগ্ৰেছ নেতা জয়ৰাম ৰমেশেও ইডিৰ অভিযানক তীব্ৰ সমালোচনা কৰে (Bhupesh Bhaghel and Jairam Ramesh slams ED)। তেওঁলোকে এই অভিযানক ৰাজনৈতিক প্ৰতিহিংসা বুলি অভিহিত কৰে আৰু অভিযোগ কৰে যে, ভাৰত জোড়ো যাত্ৰাৰ সফলতাৰ পাচত বিজেপি কংগ্ৰেছক লৈ শংকিত হৈ পৰিছে । আনহাতে আদানি গ্ৰুপৰ বিষয়টোৰ (Adani group issue) পৰা মনোযোগ আঁতৰোৱাৰ বাবে এই অভিযান চলোৱা হৈছে বুলি অভিযোগ কৰে ।

ইয়াৰ পূৰ্বে, কংগ্ৰেছ নেতাসকলে ৰায়পুৰত ইডিৰ কাৰ্যালয়ৰ সন্মুখত এই অভিযানৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল (Congress protest against ED raid)। লক্ষ্যনীয়ভাৱে সোমবাৰে ইডিয়ে কংগ্ৰেছ দলৰ বিধায়ক আৰু নেতাসকলৰ কেইবাটাও স্থানত কয়লা খনন গোচৰ সন্দৰ্ভত অভিযান চলায় (ED raids against congress leader)।

ইফালে কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী, ৰাহুল গান্ধীকে ধৰি কেইবাগৰাকী শীৰ্ষ নেতৃত্বৰ বিৰুদ্ধেও ইডিয়ে অনুসন্ধান অব্যাহত ৰাখিছে । তাৰ সমান্তৰালকৈ দেশৰ বিভিন্ন প্ৰান্তত কংগ্ৰেছে ইডিৰ বিৰুদ্ধে প্ৰতিবাদো অব্যাহত ৰাখিছে ।

লগতে পঢ়ক :Gangster terror case : উত্তৰ ভাৰতৰ কেইবাখনো ৰাজ্যত NIAৰ অভিযান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.