ETV Bharat / bharat

মই ৰাষ্ট্ৰপতিৰ দায়িত্ব লোৱাৰ পাচত কংগ্ৰেছৰ প্ৰভাৱ ধূসৰ হৈছিল: দ্য প্ৰেছিডেন্সিয়েল ইয়াৰ্ছ

author img

By

Published : Dec 12, 2020, 2:02 PM IST

Updated : Dec 12, 2020, 4:03 PM IST

মই ৰাষ্ট্ৰপতি হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পাচৰে পৰা কংগ্ৰেছৰ ৰাজনৈতিক প্ৰভাৱ ধূসৰ হ'বলৈ আৰম্ভ হৈছিলঃ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী । প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙক তেওঁৰ দ্বিতীয়টো কাৰ্যকালত মিত্ৰজোঁটক ৰক্ষা কৰিবলৈ প্ৰথমৰ পৰাই সাজু কৰি ৰখা হৈছিল । প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদী প্ৰথম কাৰ্যকালত নিৰংকুশ আছিল । অহা মাহত প্ৰকাশিত হ'বলগীয়া গ্ৰন্থ 'দ্য প্ৰেছিডেন্সিয়েল ইয়াৰ্ছ'ৰ চতুৰ্থ তথা অন্তিম সংস্কৰণত এই সকলো কথা সাঁচি ৰাখিলে প্ৰয়াত প্ৰণৱ মুখাৰ্জীয়ে ।

অহা জানুৱাৰী মাহত প্ৰকাশিত হ'ব 'দ্য প্ৰেসছিডেন্সিয়েল ইয়াৰ্ছ'

নেশ্যনেল ডেস্ক, ১২ ডিচেম্বৰ: ৰাষ্ট্ৰপতি হিচাপে প্ৰণৱ মুখাৰ্জীয়ে দায়িত্ব লোৱাৰ পাচতে ৰাজনৈতিক ক্ষেত্ৰখনত কংগ্ৰেছৰ প্ৰভাৱ হ্ৰাস পাবলৈ আৰম্ভ কৰে । দলৰ একাংশ সদস্যই ভাবিছিল যে, তেওঁ ২০০৪ চনত প্ৰধানমন্ত্ৰীৰ আসন উপৱিষ্ট হৈ শাসনৰ বাঘজৰী নিজৰ হাতলৈ আনিব । প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়ে পৰলোকপ্ৰপ্তিৰ পূৰ্বে 'দ্য প্ৰেসছিডেন্সিয়েল ইয়াৰ্ছ'ৰ চতুৰ্থ তথা অন্তিম সংস্কৰণৰ গ্ৰন্থখনত এই কথা উল্লেখ কৰিছে । এই গ্ৰন্থখন ৰূপাৰ দ্বাৰা অহা জানুৱাৰী মাহত প্ৰকাশিত হ'ব ।

উল্লেখ্য যে, 'COVID-১৯ত আক্ৰান্ত হোৱাৰ পিছতে ৮৪ বছৰীয়া প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে আন বিভিন্ন স্বাস্থ্যজনিত সমস্যাত ভূগিছিল আৰু যোৱা ৩১ জুলাইত চিৰবিদায় মাগে । কংগ্ৰেছত অন্তৰ্কন্দল চলি থকাৰ সময়ত তেওঁ যি পৰ্যবেক্ষণ কৰিছিল সেই উপলব্ধিক লিখিতভাৱে গ্ৰন্থৰ ৰূপ দি গৈছে প্ৰণৱ মুখাৰ্জীয়ে । গ্ৰন্থখনৰ প্ৰকাশকে জনোৱা মতে, অহা জানুৱাৰী মাহত 'দ্য প্ৰেছিডেন্সিয়েল ইয়াৰ্ছ' পাঠকৰ হাতত পৰিব ।

গ্ৰন্থখনত প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে লিখিছে যে, 'কংগ্ৰেছৰ কিছু সংখ্যক সদস্যই ভাবিছিল যে, ২০০৪ চনত মই ভাৰতৰ প্ৰধানমন্ত্ৰীৰ দায়িত্ব ল'ম । মই বিশ্বাস কৰোঁ যে, মই ৰাষ্ট্ৰপতিৰ পদত অধিষ্ঠিত হোৱাৰ পিছত কংগ্ৰেছৰ নেতৃত্বই ভাৰতৰ ৰাজনীতিত ফলপ্ৰসূ প্ৰভাৱ বিস্তাৰ কৰাত বিফল হৈছে । দলৰ দায়িত্ব পালনত ছোনিয়া গান্ধী যেতিয়া বিফল হয়, তেতিয়া সদনত ড০ মনমোহন সিঙৰ দীঘলীয়া অনুপস্থিতিৰ ফলত সাংসদসকলৰ লগত থকা ব্যক্তিগত সম্পৰ্কতো ফাঁট মেলে ।'

লগতে তেওঁ লিখিছে, মই ভাৱো যে, শাসন কৰাৰ নৈতিক অধিকাৰ প্ৰধানমন্ত্ৰী হাতত থাকে । প্ৰধানমন্ত্ৰীৰ কাম-কাজত সমগ্ৰ দেশবাসীয়ে দৃষ্টি নিক্ষেপ কৰে । প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিং তেওঁৰ দ্বিতীয়টো কাৰ্যকালত মিত্ৰজোঁটক ৰক্ষা কৰিবলৈ প্ৰথমৰ পৰাই সাজু হৈ আছিল । আনহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ প্ৰথমটো কাৰ্যকালত নিৰংকুশ শৈলীৰে শাসন চলাইছিল । প্ৰকাশক ৰূপাৰ তৰফৰ পৰা কোৱা হৈছে যে, প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে গ্ৰন্থখনত ইয়াকো লিখিছে যে, কেৱল সময়েহে ক'ব এই চৰকাৰখনে দ্বিতীয়টো কাৰ্যকালত এই বিষয়ত কেনে ধৰণৰ পদক্ষেপ ল'ব লাগে সেয়া বুজি পায় নে নাপায় ।

পাঁচটা দশক ধৰি ৰাজনীতিৰ পথাৰত কাম কৰা মুখাৰ্জী ভাৰতৰ ত্ৰয়োদশ সংখ্যক ৰাষ্ট্ৰপতি আছিল । গ্ৰন্থত পশ্চিমবংগৰ এখন সুন্দৰ গাঁৱৰ পৰা ৰাষ্ট্ৰপতি ভৱনলৈকে তেওঁৰ জীৱনৰ এক মূল্যৱান অধ্যায় প্ৰতিফলিত হৈছে । ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা সময়ত তেওঁ সন্মুখীন হোৱা প্ৰত্যাহ্বান সম্পৰ্কেও গ্ৰন্থখনত অৱতাৰণা কৰিছে । ২০১৫ চনত আমেৰিকাৰ তৎকালীন ৰাষ্ট্ৰপতি বাৰাক অ'বামাৰ ভাৰত ভ্ৰমণৰ সময়ত সংঘটিত হোৱা ৰাজনৈতিক সমস্যাৰ কথাও গ্ৰন্থত উল্লেখ কৰা হৈছে ।

আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ বাবে এখন বিশেষ বাহন অনা হৈছিল ভাৰতলৈ । এই বাহনখনতে প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়ে ভ্ৰমণ কৰাতো তেওঁলোকে বিচাৰিছিল । কিন্তু তেওঁলোকৰ এই প্ৰস্তাৱ মুখাৰ্জীয়ে বিনম্ৰতাৰে নাকচ কৰে । তেওঁ কৈছিল যে, আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকী ভাৰত ভ্ৰমণৰ বাবে আহিব বিচাৰিছে । গতিকে তেওঁ ভাৰতৰ সুৰক্ষা ব্যৱস্থাৰ ওপৰতো বিশ্বাস কৰিব লাগিব । কেৱল এয়াই নহয়, আন বহুতো অপ্ৰকাশিত আকৰ্ষণীয় ঘটনাৰ বিষয়ে পাঠকে পঢিবলৈ পাব প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ 'দ্য প্ৰেছিডেন্সিয়েল ইয়াৰ্ছ'ত ।

লগতে পঢ়ক:চট্টিশগড়ৰ মুখ্যমন্ত্ৰীৰ আসনক লৈ অনিশ্চয়তা

Last Updated : Dec 12, 2020, 4:03 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.