ETV Bharat / bharat

Yogi Adityanath sets records : ৫ বছৰত ৯৯ বাৰ বাৰাণসী ভ্ৰমণ যোগী আদিত্যনাথৰ - CM Yogi Adityanath in Varanasi

মুখ্যমন্ত্ৰী হিচাপে যোগী আদিত্যনাথে গঢ়িলে অভিলেখ । মুখ্যমন্ত্ৰী হিচাপে ৫ বছৰত ৯৯ বাৰকৈ কাশী ভ্ৰমণ কৰিছে যোগীয়ে (CM Yogi Varanasi visits history)। মঙলবাৰে পুনৰ কাশীত উপস্থিত হোৱাৰ লগে লগে এই সংখ্যা শতকৰ ঘৰত সোমাইছে ।

Yogi Adityanath
৫ বছৰত ৯৯ বাৰ বাৰাণসী ভ্ৰমণ আদিত্যনাথৰ
author img

By

Published : Oct 11, 2022, 7:34 PM IST

নেশ্যনেল ডেস্ক,১১ অক্টোবৰ : যোগী আদিত্যনাথ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছৰে পৰা বহুতো পূৰ্বৰ ৰেকৰ্ড ভংগ কৰিছে । লগতে বহুতো নতুন অভিলেখো গঢ়িছে । তেওঁ বিজেপিৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী যিয়ে পাঁচ বছৰ ধৰি একেৰাহে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হৈ আছে । এইবাৰ মুখ্যমন্ত্ৰীয়ে বাৰাণসী ভ্ৰমণৰ ক্ষেত্ৰতো অভিলেখ গঢ়ি তুলিছে (CM Yogi Varanasi visits history)।

বাৰাণসী হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সংসদীয় সমষ্টি (Varanasi is parliamentary constituency of PM Modi)। আনহাতে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ প্ৰিয় চহৰো বাৰাণসী । য'ত মুখ্যমন্ত্ৰী যোগীৰ বহুতো সপোনৰ প্ৰকল্পও আছে ।

চহৰখনৰ উন্নয়ন পৰ্যালোচনা কৰা, বাবা বিশ্বনাথ দৰ্শন আৰু কাশীৰ জনসাধাৰণৰ অৱস্থাৰ বুজ ল'বলৈ মুখ্যমন্ত্ৰীয়ে প্ৰায়ে বাৰাণসীলৈ যায় । মুখ্যমন্ত্ৰীৰ বাৰাণসী ভ্ৰমণ এতিয়া এক অভিলেখলৈ পৰিণত হ'বলৈ গৈ আছে । যোগী আদিত্যনাথ উত্তৰ প্ৰদেশৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী, যিয়ে যোৱা ৫ বছৰত ৯৯ বাৰকৈ বাৰাণসী ভ্ৰমণ কৰিছে । মঙলবাৰে, মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ এই ভ্ৰমণৰ শতক সম্পূৰ্ণ কৰিছে (CM Yogi Adityanath visit Varanasi)।

Yogi Adityanath
৫ বছৰত ৯৯ বাৰ বাৰাণসী ভ্ৰমণ আদিত্যনাথৰ

মুখ্যমন্ত্ৰী যোগীয়ে প্ৰায় ৮৯ বাৰ বাবা বিশ্বনাথৰ দৰৱাৰত উপস্থিত হৈছে আৰু বাবাৰ আশীৰ্বাদ লৈছে । মুখ্যমন্ত্ৰীয়ে ২০১৭ চনত ৬ বাৰ, ২০১৮ চনত ২২ বাৰ, ২০১৯ চনত ২৩ বাৰ, ২০২০ চনত ১৩ বাৰ, ২০২১ চনত ২৩ বাৰ আৰু ২০২২ চনৰ ১১ অক্টোবৰলৈকে ১৩ বাৰ কাশী ভ্ৰমণ কৰিছে । ২০১৭ চনৰ ২৬ মে'ৰ পৰা ২০২২ চনৰ ১১ অক্টোবৰলৈ তেওঁ ৮৯ বাৰ বাবা বিশ্বনাথ দৰ্শন কৰি পূজা-অৰ্চনা কৰিছে (Yogi visits Baba Biswanath)।

যোগী আদিত্যনাথে বাৰাণসী ভ্ৰমণৰ সময়ত আন এক অভিলেখ গঢ়িছে । মুখ্যমন্ত্ৰী যোগী হৈছে উত্তৰ প্ৰদেশৰ প্ৰথম মুখ্যমন্ত্ৰী যিয়ে তেওঁৰ চাৰে পাঁচ বছৰীয়া কাৰ্যকালত ১০০ বাৰৰ বাবে বাৰাণসী ভ্ৰমণ কৰিছে (CM Yogi Adityanath in Varanasi)। মুখ্যমন্ত্ৰী হিচাপে কাশীলৈ ইমান বাৰ কোনেও অহা নাই ।

Yogi Adityanath
৫ বছৰত ৯৯ বাৰ বাৰাণসী ভ্ৰমণ আদিত্যনাথৰ

কাশী হৈছে বাবা বিশ্বনাথৰ চহৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সংসদীয় সমষ্টি । বাৰাণসীৰ পৰা সাংসদ হোৱাৰ পাছত, যেতিয়া মোদী দেশৰ প্ৰধানমন্ত্ৰী হৈছিল, তেওঁ ২০১৪ চনৰ পৰা ২০২১ চনলৈ প্ৰায় ৩০ বাৰ বাৰাণসী ভ্ৰমণ কৰিছে । ২০১৪ চনৰ পৰা ২০২১ চনলৈ সাত বছৰত প্ৰায় ৩১০ টা আঁচনি আৰম্ভ কৰিছে । যিবোৰ আঁচনি খৰচ হ'ব প্ৰায় ১ ট্ৰিলিয়ন ৫৮ বিলিয়ন ৯৫ কোটি ২৮ লাখ টকা । একে সময়তে, ২০২১ চনৰ ডিচেম্বৰলৈকে ১৬২ টা আঁচনিৰ আধাৰশিলা স্থাপন কৰা হৈছে । যাৰ বাবে প্ৰায় ৪১ বিলিয়ন ৭৪ কোটি ১৩ লাখ ব্যয় হৈছে ।

লগতে পঢ়ক :Trekkers successfully rescued: অৱশেষত উদ্ধাৰ হিমালয়ত আবদ্ধ দুই পৰ্বতাৰোহী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.