ETV Bharat / bharat

উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীৰ আছুতীয়া সাক্ষাৎকাৰ

উত্তৰাখণ্ডৰ প্ৰাকৃতিক দুৰ্যোগ সম্পৰ্কে প্ৰতি নিয়ত খবৰ প্ৰকাশ কৰি আহিছে ইটিভি ভাৰতে ৷ এই প্ৰতিবেদনত আগবঢ়োৱা হৈছে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীৰ এক আছুতীয়া সাক্ষাৎকাৰ-

cm trivendra singh rawat exclusive interview on glacier burst incident in chamoli Etv bharat news
উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীৰ আছুতীয়া সাক্ষাৎকাৰ
author img

By

Published : Feb 9, 2021, 3:06 PM IST

ডেৰাডুন,9 ফেব্ৰুৱাৰী: উত্তৰাখণ্ডৰ প্ৰাকৃতিক দুৰ্যোগ সম্পৰ্কে প্ৰতি নিয়ত খবৰ প্ৰকাশ কৰি আহিছে ইটিভি ভাৰতে ৷ অদ্যপি এই সন্দৰ্ভত অব্যাহত আছে উদ্ধাৰ অভিযান ৷ ইয়াৰ মাজতে সংবাদ মাধ্যমৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী ত্ৰিবেন্দ্ৰ সিং ৰাৱটে পৰিস্থিতিৰ বুজ লোৱাৰ উপৰিও অন্য বহু কথা প্ৰকাশ কৰে ৷

কেন্দ্ৰৰ পৰা বৈজ্ঞানিক দল প্ৰেৰণ:

মুখ্যমন্ত্ৰী ত্ৰিবেন্দ্ৰ সিং ৰাৱটে প্ৰকাশ কৰা অনুসৰি,ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে উত্তৰাখণ্ডৰ এনে ভয়াৱহ প্ৰাকৃতিক দুৰ্যোগৰ পৰা জন সাধাৰণক উদ্ধাৰ কৰিবলৈ প্ৰেৰণ কৰিছে বৈজ্ঞানিকৰ দল ৷ দলটোৱে পৰিস্থিতি অধ্যয়ন কৰি এনে ঘটনা সংঘটিত হোৱাৰ মূখ্য কাৰণ সন্দৰ্ভত অৱগত কৰিব ৷ প্ৰায় 14 কিল’মিটাৰলৈকে হিমবাহৰ স্খলন হোৱা বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে অৱগত কৰিছে ৷

এলাৰ্মৰ প্ৰয়োজনীয়তা:

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হোৱা বৈজ্ঞানিকৰ দলটোক এই ঘটনা সন্দৰ্ভে সকলো তথ্য পুংখানুপুংখভাৱে দাখিল কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ৷ তদুপৰি ভৱিষ্যতৰ বাবে এই সম্পৰ্কে আগতীয়া তথ্য লাভ কৰিবলৈ এলাৰ্ম চিষ্টেম আৱিস্কাৰ কৰাৰ সন্দৰ্ভত আলোচনা কৰে ৷

উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীৰ আছুতীয়া সাক্ষাৎকাৰ

ঋষিগংগা প্ৰকল্প সম্পূৰ্ণৰূপে বিধ্বস্ত:

উত্তৰাখণ্ডৰ তপোবন পাৱাৰ জংছন সম্পৰ্কত মুখ্যমন্ত্ৰী ৰাৱটে কয় যে, এই প্ৰকল্প আৰম্ভ হোৱাই নাছিল আৰু ই সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰে ৷ এই প্ৰকল্প সম্পৰ্কে অনাগত দিনত চিন্তা-চৰ্চা চলোৱা হ’ব ৷ ঋষিগংগা প্ৰকল্প তৈয়াৰ কৰিবলৈ এক দশকৰো অধিক সময়ৰ প্ৰয়োজন হৈছিল ৷

উল্লেখ্য যে, মুখ্যমন্ত্ৰী ৰাৱটে চিকিৎসাধীন হৈ থকা আহত ব্যক্তিসকলৰ স্বাস্থ্যৰ বুজ লয় ৷ লগতে উদ্ধাৰ কাৰ্য অব্যাহত থকা বুলি প্ৰকাশ কৰে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.