ETV Bharat / bharat

CM Naveen Patnaik birthday : ৭৭ বছৰত ভৰি দিলে ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কে

author img

By

Published : Oct 16, 2022, 3:43 PM IST

এসময়ত ৰাজনীতি আৰু ওড়িশাৰ পৰা আঁতৰি থকা নবীন পাটনায়ক আজি এগৰাকী সফল মুখ্যমন্ত্ৰী । ৰাজ্যখনৰ আটাইতকৈ দীঘলীয়া সময়ৰ বাবে মুখ্যমন্ত্ৰী হৈ থাকি অভিলেখ ৰচনা কৰা পাটনায়কৰ আজি জন্মদিন (CM Naveen Patnaik birthday)। প্ৰধানমন্ত্ৰী মোডীয়ে মুখ্যমন্ত্ৰীগৰাকীক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে ।

Naveen
৭৭ বছৰত ভৰি দিলে ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কে

নেশ্যনেল ডেস্ক,১৬ অক্টোবৰ : ৭৭ বছৰীয়া হ'ল মুখ্যমন্ত্ৰী আৰু বিজেডিৰ সভাপতি নবীন পাটনায়ক (Naveen Patnaik turned 77 on Sunday)। মুখ্যমন্ত্ৰীগৰাকীৰ জন্মদিনত তেওঁৰ শুভাকাংশীসকলে শুভেচ্ছা জ্ঞাপন কৰা দেখা গৈছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও দেওবাৰে ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে (PM Modi greets Naveen)।

অৱশ্যে তেওঁক জন্মদিন উদযাপন কৰা দেখা নগ'ল কিয়নো দুদিনীয়া ভ্ৰমণসূচীৰে তেওঁ হায়দৰাবাদলৈ ৰাওনা হৈছে (CM Patnaik Hyderabad tour)। ওড়িশাৰ আটাইতকৈ দীঘলীয়া সময়ৰ বাবে মুখ্যমন্ত্ৰী হৈ থকা নবীন পাটনায়কৰ জন্ম ১৯৪৬ চনৰ ১৬ অক্টোবৰত কটকত হৈছিল (Longest serving CM of Odisha)। তেওঁ ওড়িশাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজু পাটনায়কৰ পুত্ৰ ।

ডেৰাডুনত স্কুলীয়া শিক্ষা গ্ৰহণ কৰাৰ পাছত নবীন পাটনায়কে দিল্লী বিশ্ববিদ্যালয়ৰ পৰা কলা শাখাত স্নাতক ডিগ্ৰী লাভ কৰে । ৰাজনীতিত প্ৰৱেশ কৰাৰ পূৰ্বে তেওঁ এগৰাকী লেখক হিচাপে জনপ্ৰিয় আছিল আৰু শিক্ষা সম্পূৰ্ণ কৰাৰ পাছত তেওঁ বিদেশত বাস কৰিছিল (CM Patnaik education life)। অৱশ্যে, ১৯৯৭ চনত পিতৃৰ মৃত্যুৱে তেওঁৰ জীৱনত এক পৰিৱৰ্তন আনিছিল আৰু তেওঁ মুখ্যমন্ত্ৰী হিচাপে শাসনভাৰ গ্ৰহণ কৰিব লগীয়া হৈছিল ।

মুখ্যমন্ত্ৰী হিচাপে তেওঁৰ দুৰ্নীতি বিৰোধী স্থিতি আৰু দৰিদ্ৰ-পন্থী নীতিৰ ফলস্বৰূপে ওড়িশাত এক বৃহৎ সমৰ্থন আছে । যাৰ বাবে পাঁচবাৰকৈ একেৰাহে তেওঁ ক্ষমতালৈ আহিবলৈ সক্ষম হৈছে । তেওঁ পিতৃৰ দৰে আমোলাতন্ত্ৰক নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে আৰু ৰাজ্যত বিকাশৰ মাত্ৰা বৃদ্ধি কৰিবলৈ সক্ষম হৈছে । তেওঁ ইণ্ডিয়ান নেচনেল ট্ৰাষ্ট ফৰ আৰ্ট এণ্ড কালচাৰেল হেৰিটেজৰ অন্যতম প্ৰতিষ্ঠাপক সদস্য । তেওঁৰ জ্যেষ্ঠ ভগ্নী হৈছে লেখিকা গীতা মেহতা ।

পিতৃ বিজু পাটনায়কৰ মৃত্যুৰ পাছত, তেওঁ ওড়িশাৰ আস্কা সংসদীয় সমষ্টিৰ পৰা উপ-নিৰ্বাচনত একাদশ লোকসভাৰ সদস্য হিচাপে নিৰ্বাচিত হয় । তেওঁ ষ্টীল আৰু খনি মন্ত্ৰালয়ৰ পৰামৰ্শদাতা সমিতিৰ সদস্য, বাণিজ্যৰ স্থায়ী সমিতিৰ সদস্য আৰু সংসদৰ সদস্য পুথিভঁৰাল সমিতিৰ সদস্য আছিল । ১৯৯৭ চনত, জনতা দল বিভাজিত হয় আৰু নবীন পাটনায়কে বিজু জনতা দল প্ৰতিষ্ঠা কৰে, যি বিজেপি নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ সৈতে মিত্ৰতা স্থাপন কৰি ভাল প্ৰদৰ্শন কৰে আৰু নবীন পাটনায়কক প্ৰধানমন্ত্ৰী বাজপেয়ীৰ কেবিনেটত কেন্দ্ৰীয় খনি মন্ত্ৰী হিচাপে নিৰ্বাচিত কৰা হয় ।

নবীন পাটনায়ক নেতৃত্বাধীন চৰকাৰে ৰাজ্যখনত দৰিদ্ৰতা দূৰীকৰণৰ বাবে বহুতো কল্যাণমূলক আঁচনি আৰম্ভ কৰিছিল । ফলস্বৰূপে, ২০০৪ চনত নবীন পাটনায়কৰ মিত্ৰজোঁটৰ চৰকাৰ ২০০০ চনৰ তুলনাত অধিক সফল হৈছিল । প্ৰতিদ্বন্দী কংগ্ৰেছ বৃহৎ ব্যৱধানত পৰাজিত হৈছিল আৰু নবীন পাটনায়ক একেৰাহে দ্বিতীয়বাৰৰ বাবে ওড়িশাৰ মুখ্যমন্ত্ৰী হৈছিল ।

অৱশ্যে, ২০০৯ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেডি বিজেপি নেতৃত্বাধীন চৰকাৰৰ সৈতে পৃথক হয় আৰু অকলে নিৰ্বাচনত জয়ী হয় । যাৰ ফলস্বৰূপে ২০১৪ চনত দলটোৰ ভোটৰ অংশ সামান্য হ্ৰাস পাইছিল । ২০১৯ চনৰ ২৯ মে'ত আঞ্চলিক দলটোৱে ওড়িশাৰ ৰাজনীতিত ইতিহাস ৰচনা কৰি পঞ্চমবাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত লৈছিল ।

লগতে পঢ়ক :CBI summons Sisodia : দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়াক চিবিআইৰ চমন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.