ETV Bharat / bharat

Ulta Rath Yatra mishap : ত্ৰিপুৰাৰ ৰথ যাত্ৰাত হতাহত লোকৰ বাবে আৰ্থিক সাহায্য ঘোষণা চৰকাৰৰ

ত্ৰিপুৰাৰ ৰথ যাত্ৰাত নিহত আৰু আহতসকলৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ পৃথকে সাহায্য ঘোষণা । প্ৰধানমন্ত্ৰী মোডীয়ে সাহায্য ঘোষণা কৰে । অসমৰ মুখ্যমন্ত্ৰীৰো দুৰ্ঘটনাক লৈ শোক প্ৰকাশ ।

author img

By

Published : Jun 29, 2023, 10:28 AM IST

Ulta Rath Yatra mishap
ত্ৰিপুৰাৰ ৰথ যাত্ৰাত হতাহত লোকৰ বাবে আৰ্থিক সাহায্য ঘোষণা চৰকাৰৰ

নেশ্যনেল ডেস্ক,২৯ জুন : ত্ৰিপুৰাৰ উনাকোটি জিলাত ৰথ যাত্ৰাৰ সময়ত সংঘটিত শোকাৱহ দুৰ্ঘটনাত ৭ গৰাকী লোক নিহত হয় । আনহাতে ১৬ গৰাকী লোক গুৰুতৰভাৱে আহত হয় । সমগ্ৰ ঘটনাক লৈ উদ্বিগ্ন চৰকাৰ । ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ড৹ মাণিক সাহাই এই ঘটনাত শোক প্ৰকাশ কৰিছে । সমান্তৰালকৈ দুৰ্ঘটনাত নিহত লোকসকলৰ আত্মীয়ৰ বাবে ৪ লাখ টকাৰ আৰ্থিক সাহায্যৰ ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

আহতসকলৰো চিকিৎসাৰ সকলো খৰচ বহন কৰিব চৰকাৰে । আনহাতে ৬০ শতাংশতকৈ অধিক অগ্নিদগ্ধ লোকসকলক ২.৫০ লাখ টকা আৰু ৪০ ৰ পৰা ৬০ শতাংশলৈকে অগ্নিদগ্ধ লোকসকলক ক্ষতিপূৰণ হিচাপে ৭৪,০০০ টকা দিয়া হ'ব ।

উল্লেখ্য যে বুধবাৰে ৰথ যাত্ৰাৰ সময়ত বিদ্যুৎস্পৃষ্ট হৈ ৭ জন লোকৰ মৃত্যু হয় আৰু ১৬ জনৰো অধিক লোক গুৰুতৰভাৱে আহত হয় । দুৰ্ঘটনাটোৰ পাছতে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অঞ্চলটো পৰিদৰ্শন কৰে আৰু ব্যক্তিগতভাৱে পৰিস্থিতিৰ মূল্যাঙ্কন কৰে ।

মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ মতে আহত লোকসকলক ফতিক্ৰয়, কুমাৰঘাট আৰু জিবি পন্ত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । মুখ্যমন্ত্ৰীগৰাকীয়ে ভুক্তভোগী আৰু মৃতকৰ পৰিয়ালৰ সদস্যসকলক সাক্ষাতৰ বাবে ফতিক্ৰয় আৰু কুমাৰঘাট চিকিৎসালয়ত উপস্থিত হয় । স্বাস্থ্য বিভাগ আৰু ৰাজ্যৰ মুখ্য সচিবক এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশ দিয়ে ।

ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও এই ঘটনাত গভীৰ শোক প্ৰকাশ কৰে আৰু প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ (পিএমএনআৰএফ) পৰা প্ৰতিগৰাকী মৃত ব্যক্তিৰ নিকটাত্মীয়লৈ ২ লাখ টকাৰ অনুদান আৰু দুৰ্ঘটনাত আহত সকলক ৫০,০০০ টকাকৈ প্ৰদান কৰা হ'ব বুলি ঘোষণা কৰে । ইফালে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাইয়ো সমগ্ৰ ঘটনাক লৈ শোক প্ৰকাশ কৰে । টুইটযোগে দুৰ্ঘটনাত নিহত লোকসকলৰ আত্মীয়লৈ গভীৰ সমবেদনা জ্ঞাপন কৰে । আনহাতে আহত লোকসকলৰ আশু আৰোগ্য কামনা কৰে ।

লগতে পঢ়ক :Rath Yatra 2023: ৰথ যাত্ৰাত বিদ্যুৎ পৰিবাহী তাঁৰ ছিগি 7 জন লোকৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.