ETV Bharat / bharat

হিমাচল প্ৰদেশত ডাৱৰ বিস্ফোৰণ - চাম্বা জিলাৰ মেহলা খণ্ডত ভূমিস্খলন

হিমাচল প্ৰদেশৰ চাম্বা জিলাৰ মেহলা খণ্ডত ডাৱৰ বিস্ফোৰণৰ ফলত সৃষ্টি হৈছে প্ৰৱল বৃষ্টিপাত ৷ যাৰ বাবে বৰ্তমান স্তব্ধ হৈ পৰিছে সাধাৰণ জনজীৱন ৷

Cloudburst hits Himachal Pradesh's Chamba; triggers landslides
হিমাচল প্ৰদেশত ডাৱৰ বিস্ফোৰণৰ ফলত ভূমিস্খলন
author img

By

Published : May 5, 2021, 3:26 PM IST

নেশ্যনেল ডেস্ক, ৫ মে': হিমাচল প্ৰদেশত সংঘটিত হৈছে ডাৱৰ বিস্ফোৰণৰ ঘটনা ৷ ৰাজ্যখনৰ চাম্বা জিলাৰ মেহলা খণ্ডত ডাৱৰ বিস্ফোৰণ হোৱাৰ ফলত সৃষ্টি হৈছে প্ৰৱল বৃষ্টিপাতৰ । উক্ত অঞ্চলত একেৰাহে হৈ থকা বৰষুণৰ ফলত স্তব্ধ হৈ পৰিছে জনজীৱন ৷ কেইবাটাও বাসগৃহ, পথ ক্ষতিগ্ৰস্ত বৃষ্টিপাতৰ ফলত ।

ইয়াৰোপৰিও, ধাৰাসাৰ বৰষুণৰ ফলত অঞ্চলটোত ভূমিস্খলন হয় । যাৰ ফলত উক্ত অঞ্চলটোত যান-বাহনৰ চলাচল স্তব্ধ হৈ পৰে । বৰষুণত চাহো-পালিউৰ নামৰ নৈখনৰ জলস্তৰ বৃদ্ধি পোৱাত চাম্বা চহৰৰ পৰা প্ৰায় ২০ কিলোমিটাৰ দূৰত অৱস্থিত কানেৰ গাঁওখন সম্পূৰ্ণৰূপে বুৰাই পেলায় । অৱশ্যে, এতিয়ালৈ কোনো লোক হতাহত হোৱাৰ খবৰ লাভ কৰা নাই ।

লগতে পঢ়ক: পশ্চিমবংগৰ নিৰ্বাচনী হিংসাৰ বাবে টিএমচিক সমালোচনা বিজেপিৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.