ETV Bharat / bharat

Pushpa fever : পৰীক্ষাৰ বহীত ছাত্ৰই লিখিলে 'পুষ্পা ৰাজ আপুন লিখেগা নেহি..'

author img

By

Published : Apr 8, 2022, 4:29 PM IST

আল্লু অৰ্জুনৰ বিখ্যাত সংলাপ 'পুষ্পা, পুষ্পা ৰাজ'য়ে সমগ্ৰ দেশত আলোড়নৰ সৃষ্টি কৰিছে । শেহতীয়াকৈ, পুষ্পাৰ প্ৰভাৱ পৰিছে পশ্চিমবংগৰ মাধ্যমিক পৰীক্ষাত । প্ৰশ্নৰ উত্তৰৰ পৰিৱৰ্তে ছাত্ৰই লিখিলে 'পুষ্পা'ৰ সংলাপ (Student writes Pushpa dialogue in answer sheet)। হতবাক শিক্ষক তথা ৰাজ্যবাসী ।

Pushpa fever
পৰীক্ষাৰ বহীত ছাত্ৰই লিখিলে পুষ্পা ৰাজ আপুন লিখেগা নেহি

নেশ্যনেল ডেস্ক,৮ এপ্ৰিল : 'পুষ্পা' জ্বৰত আক্ৰান্ত দেশবাসী (Pushpa films gained popularity across the country)। শেহতীয়াকৈ মুক্তি লাভ কৰা 'পুষ্পা-দ্য ৰাইছ' (Pushpa: The Rise) ছবিখনে ব্যাপক সমাদৰ লাভ কৰিছে । কেৱল দেশতে নহয় বিদেশতো চৰ্চা লাভ কৰিছে ছবিখনে । ইতিমধ্যে উপাৰ্জনৰ ফালৰ পৰাও পূৰ্বৰ বহু অভিলেখ ভংগ কৰিছে ছবিখনে ।

আল্লু অৰ্জুন অভিনীত ছবিখনে সামাজিক মাধ্যমত বিশেষ স্থান লাভ কৰিছে । ছবিখনৰ এটি গীতৰ বিশেষ নৃত্যৰ শৈলী বহুতে অনুসৰণ কৰা দেখিবলৈ পোৱা গৈছে । ক্ৰীড়াক্ষেত্ৰৰ পৰা ৰাজনৈতিক ক্ষেত্ৰলৈ বিশ্বৰ বহু তাৰকাই সেই বিশেষ নৃত্যৰ অংশ সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে । ছবিখনৰ বহু সংলাপ এতিয়া মানুহৰ মুখে মুখে ।

কণ কণ ল'ৰা-ছোৱালীৰ মুখতো ছবিখনৰ বহু সংলাপ শুনিবলৈ পোৱা গৈছে । বিশেষকৈ ছবিখনৰ হিন্দী সংস্কৰণৰ দুটা সংলাপ বিশেষভাৱে প্ৰচাৰ হৈছে । সেই দুটা হৈছে 'পুষ্পা, পুষ্পা ৰাজ' আৰু 'মাই ঝুকেগা নাহি' ।

মুঠতে যথেষ্ট পৰিমাণে জনপ্ৰিয়তা লাভ কৰিছে ছবিখনে । পিছে জনপ্ৰিয়তা ইমানে বাঢ়িছে যে এইবাৰ পৰীক্ষাৰ বহীত শিক্ষাৰ্থীয়ে লিখিলে 'পুষ্পা' ছবিখনৰ সংলাপ (Student writes Pushpa dialogue in answer sheet)। পশ্চিমবংগৰ এখন মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰই পৰীক্ষাৰ উত্তৰ বহীত লিখিলে ছবিখনৰ সংলাপ (West Bengal student writes Pushpa dialogue in exam)।

উল্লেখ্য যে শেহতীয়াকৈ ৰাজ্যখনত মাধ্যমিক পৰীক্ষা সমাপ্ত হৈছে আৰু উত্তৰ বহীৰ মূল্যাঙ্কন চলি আছে । মূল্যায়নৰ সময়তে এই কথা পোহৰলৈ আহে । এগৰাকী ছাত্ৰই গোটেই উত্তৰ বহীতে ডাঙৰ ডাঙৰকৈ আখৰেৰে 'পুষ্পা' ছবিখনৰ জনপ্ৰিয় সংলাপ লিখি থৈছে ।

ছাত্ৰগৰাকীৰ এই কৰ্মকাণ্ড দেখি উত্তৰ বহী মূল্যায়ন কৰা সকলো আচৰিত হৈছে । বহীখনত ছাত্ৰজনে লিখিছে "পুষ্পা, পুষ্পা ৰাজ... আপুন লিখেগা নেহি....." । ছাত্ৰজনৰ সেই উত্তৰ বহীখনৰ ফটো এতিয়া সামাজিক মাধ্যমত ব্যাপকভাৱে প্ৰচাৰ হোৱা দেখা গৈছে ।

লগতে পঢ়ক :আইপিএল জ্বৰত আক্ৰান্ত হৰিদ্বাৰৰ সাধু-সন্ত এইবাৰ ক্ৰিকেটাৰৰ ৰূপত

For All Latest Updates

TAGGED:

Pushpa fever
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.