ETV Bharat / bharat

নাগৰিক হত্যাক লৈ প্ৰাণৰ সংশয়ত ভুগিছে কাশ্মিৰী পণ্ডিতসকল

author img

By

Published : Oct 9, 2021, 12:04 PM IST

সন্ত্ৰাসবাদীয়ে ধাৰাবাহিকভাৱে সাধাৰণ নাগৰিকক হত্যা কৰা ঘটনাক লৈ শংকিত হৈ পৰিছে কাশ্মিৰী পণ্ডিতসকল । আতংকময় পৰিস্থিতি অব্যাহত থকাৰ সময়তে বুদগাম আৰু মধ্য কাশ্মীৰত বাস কৰা একাংশ পৰিয়ালে প্ৰাণৰ মমতাত জম্মুলৈ ৰাওনা হৈছে ।

Killing of civilians by unidentified militants
আতংকিত হৈ পৰিছে কাশ্মিৰী পণ্ডিতসকল

নেশ্যনেল ডেস্ক, ৯ অক্টোবৰ: নিৰাপত্তাহীনতাত ভুগিছে কাশ্মিৰী পণ্ডিতসকল । শ্ৰীনগৰকে ধৰি কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ বিভিন্ন স্থানত থকা কাশ্মীৰী প্ৰব্ৰজনকাৰী পণ্ডিতৰ কলনীত সঘনাই আক্ৰমণ কৰিছে অচিনাক্ত সন্ত্ৰাসবাদীয়ে । এই স্থানসমূহত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে যদিও কাশ্মীৰ পণ্ডিতসকলৰ মাজত আতংকময় পৰিৱেশ বিৰাজ কৰিছে । ইতিমধ্যে, বুদগাম আৰু মধ্য কাশ্মীৰত বাস কৰা একাংশ পৰিয়ালে প্ৰাণৰ মমতাত জম্মুলৈ ৰাওনা হৈছে ।

ই টিভি ভাৰতৰ সাংবাদিকৰ আগত একাংশ পণ্ডিতে কয় যে, শেহতীয়াকৈ জম্মু-কাশ্মীৰত সংঘটিত হোৱা ঘটনাক লৈ তেওঁলোক আতংকিত হৈ পৰিছে । কিয়নো, কেইবাগৰাকীও নাগৰিকক গুলীয়াই হত্যা কৰা হৈছে । সেয়ে, তেওঁলোকে প্ৰাণ ৰক্ষাৰ বাবে জম্মুলৈ ৰাওনা হৈছে । ইফালে, বুদগামৰ শ্বেখপোৰাত থকা কাশ্মীৰী প্ৰব্ৰজনকাৰী পণ্ডিতৰ কলনীতো নিৰাপত্তা বৃদ্ধি কৰা হৈছে ।

লগতে অঞ্চলটোলৈ অহা লোকসকলক সোধপোছ কৰিছে নিৰাপত্তা বাহিনীয়ে । শুকুৰবাৰে, বুদগামৰ জিলা উপায়ুক্ত আৰু এছ এছ পিয়ে অঞ্চলটো পৰিদৰ্শন কৰে আৰু আৱাসীসকলক আশ্বাস দিয়ে যে, নিৰাপত্তা সম্পৰ্কীয় বিষয়বোৰৰ গুৰুত্ব আৰোপ হ'ব । ভীতিগ্ৰস্ত নহ'বলৈও তেওঁ সকলোকে আহ্বান জনায় ।

বিষয়াসকলে আশ্বাস দিয়া স্বত্বেও আশ্বস্ত হ'ব পৰা নাই কাশ্মিৰী পণ্ডিতসকল । একাংশ লোকে কয় যে, তেওঁলোক এতিয়াও শংকিত হৈ আছে । লগতে শীঘ্ৰেই পৰিস্থিতি পুনৰ নিয়ন্ত্ৰণলৈ আহিব বুলি তেওঁলোকে আশা প্ৰকাশ কৰে আৰু পুনৰ উভতি আহিব বুলি জনাইছে ।

নিৰাপত্তা সংস্থাসমূহৰ মতে, প্ৰব্ৰজনকাৰী পণ্ডিতৰ কলনীৰ লগতে আন স্থানত বাস কৰা কাশ্মিৰী পণ্ডিতসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে । ইয়াৰ উপৰিও এতিয়া অঞ্চলটোত নিৰীক্ষণৰ বাবে চি চি টিভি কেমেৰাও স্থাপন কৰা হ'ব । অৱশ্যে, অধিকাংশ কাশ্মীৰী পণ্ডিতে কয় যে, কাশ্মীৰ তেওঁলোকৰ ঘৰ আৰু তেওঁলোকে নিজ ঘৰ এৰি যাব নোৱাৰে ।

লগতে পঢ়ক:পুনৰ পৰ্যটকৰ বাবে মুকলি কৰা হ’ল ৰামোজী ফিল্ম চিটি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.