ETV Bharat / bharat

Cinereous Vulture rescued : চেন্নাইৰ পৰা যোধপুৰলৈ বিমানযোগে স্থানান্তৰ বিৰল প্ৰজাতিৰ শগুণ

author img

By

Published : Nov 3, 2022, 5:53 PM IST

চেন্নাইত উদ্ধাৰ হোৱা চিনেৰিয়াছ প্ৰজাতিৰ শগুণটোক অৱশেষত ৰাজস্থানৰ জোধপুৰলৈ স্থানান্তৰ কৰা হয় (Cinereous Vulture Airlift)। সম্প্ৰতি যোধপুৰৰ মেকিয়া বায়োল'জিকেল পাৰ্কত ৰখা হৈছে শগুণটো । ছয় মাহ পূৰ্বে কন্যাকুমাৰীৰ সমীপৰ উদয়াগিৰিত আঘাতপ্ৰাপ্ত অৱস্থাত উদ্ধাৰ হৈছিল শগুণটো ।

Cinereous Vulture rescued
যোধপুৰলৈ বিমানযোগে স্থানান্তৰ বিৰল প্ৰজাতিৰ শগুণ

নেশ্যনেল ডেস্ক,৩ নৱেম্বৰ : ছমাহ পূৰ্বে চেন্নাইত উদ্ধাৰ হৈছিল এক বিৰল প্ৰজাতিৰ শগুণ । অৱশেষত চিনেৰিয়াছ প্ৰজাতিৰ শগুণটোক বৃহস্পতিবাৰে ৰাজস্থানৰ যোধপুৰলৈ অনা হৈছে (Vulture Rescue in jodhpur)। জাকৰ পৰা বিচ্ছিন্ন হৈ দক্ষিণ ভাৰতৰ কন্যাকুমাৰী পাইছিল গৈ শগুণটো ।

বৃহস্পতিবাৰে পুৱাই চেন্নাইৰ পৰা এয়াৰ ইণ্ডিয়া বিমানৰ জৰিয়তে শগুণটো যোধপুৰলৈ অনা হয় (Airlift of vulture in India))। কন্যাকুমাৰীৰ বন্যপ্ৰাণী বিষয়াসকলে শগুণটোক যোধপুৰলৈ আনিছে । সম্প্ৰতি শগুণটোক মেকিয়া বায়োল'জিকেল পাৰ্কত ৰখা হৈছে (Cinereous Vulture kept in Machia Biological Park)। য'ত কিছু দিনৰ বাবে ৰখাৰ পিছত মুকলি কৰি দিয়া হ'ব বুলি জানিব পৰা গৈছে ।

মেকিয়া পাৰ্কৰ উপ বন সংৰক্ষক (বন্যপ্ৰাণী) সন্দীপ চেলানিয়ে কোৱা মতে শগুণটো সম্পূৰ্ণৰূপে সুস্থ হৈ আছে যদিও কিছুদিনৰ বাবে চিনেৰিয়াছ প্ৰজাতিৰ শগুণটোক নিৰীক্ষণত ৰখা হ'ব । উল্লেখ্য যে শগুণৰ চিনেৰিয়াছ প্ৰজাতিক ইউৰোপ আৰু এছিয়া পোৱা যায় যাৰ বাবে ইয়াক ইউৰেছিয়া প্ৰজাতি বুলিও কোৱা হয় ।

বন্যপ্ৰাণী বিষয়াসকলে জনোৱা মতে প্ৰায় ছয় মাহ পূৰ্বে কন্যাকুমাৰীৰ সমীপৰ উদয়াগিৰিত আঘাতপ্ৰাপ্ত অৱস্থাত উদ্ধাৰ হৈছিল শগুণটো । তাৰ পাছতে শগুণটোৰ চিকিৎসা কৰা হৈছিল । এই প্ৰজাতিৰ শগুণ মূলতঃ অক্টোবৰত পৰ্তুগাল, ফ্ৰান্স, উজবেকিস্তান, মংগোলিয়াৰ জৰিয়তে ভাৰতলৈ আহে । এতিয়া বিষয়াজনে আশা কৰিছে যে অনাগত সময়ত, যেতিয়া এই প্ৰজাতিৰ শগুণ যোধপুৰলৈ আহিব তেতিয়া এই শগুণটো মুকলি কৰাৰ চেষ্টা কৰা হ'ব ।

এই প্ৰজাতি শগুণ স্পেইন, পৰ্তুগালৰ লগতে দক্ষিণ ফ্ৰান্সতো পোৱা যায় । শগুণৰ বিভিন্ন প্ৰজাতিৰ ভিতৰত ইয়াক আটাইতকৈ গধুৰ উৰণীয়া শগুণ বুলি কোৱা হয় । কিয়নো এই প্ৰজাতিৰ মাইকী শগুণৰ ওজন ৭ৰ পৰা ১৪ কিঃগ্ৰাঃ লৈ হোৱা দেখা যায় । আনহাতে মতা শগুণৰ সৰ্বাধিক ওজন হৈছে ১১.৫ কিঃগ্ৰাঃ । ইয়াৰ দৈৰ্ঘ্য ৯৮ ৰ পৰা ১২০ চেণ্টিমিটাৰ হয় ।

এই পাহাৰীয়া অঞ্চলবোৰত ২৬০০ ৰ পৰা ১২৫০০ ফুট উচ্চতালৈ এই প্ৰজাতি শগুণ উৰা দেখা যায় । আনহাতে সমতলত সৰ্বাধিক ১৪৮০০ ফুট উচ্চতালৈ আৰু মাউণ্ট এভাৰেষ্টত ২২ হাজাৰ ৮৭০ ফুট উচ্চতালৈ লৈকে দেখা গৈছে । এই শগুণৰ সৰ্বাধিক বয়স হৈছে ৩৫ বছৰ । যেতিয়া ইউৰোপত শীত কাল হয়, এই প্ৰজাতিৰ শগুণবোৰ সাধাৰণতে মাঞ্চুৰিয়া, মঙ্গোলিয়া আৰু কোৰিয়াত প্ৰজনন কৰে ।

লগতে পঢ়ক :Conrad Sangmas chopper emergency Landing: প্ৰতিকূল বতৰৰ বাবে জৰুৰী অৱতৰণ কনৰাড চাংমাৰ হেলিকপ্টাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.