ETV Bharat / bharat

খেলি থাকোতেই গ্ৰেণেড ফুটি আহত শিশু - উগ্ৰপন্থীৰ গতিবিধি

টিৰাপ জিলাত চাঞ্চল্যকৰ ঘটনা ৷ খেলি থাকোঁতেই গ্ৰেণেড বিস্ফোৰণ হৈ আহত শিশু (Three children injured grenade explosion) ৷ শিশুকেইটিক খুনচাৰ জিলা অসামৰিক চিকিৎসালয়ৰ পৰা ততাতৈয়াকৈ অসমৰ ডিব্ৰুগড় জিলাৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে ।

Children injured in grenade blast
Children injured in grenade blast
author img

By

Published : Mar 13, 2022, 1:16 PM IST

তেজপুৰ, ১৩ মাৰ্চ: অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাত ভয়ংকৰ দুৰ্ঘটনা । শনিবাৰে বিয়লি জিলাখনৰ লাজু ৰাজহ চক্ৰৰ অধীনৰ উজনি চিনহান গাঁৱত এজাক কণ কণ শিশুৱে খেলি থকা অৱস্থাতে বিস্ফোৰণ হয় এটা গ্ৰেণেড (Grenade blast in Triap) । গ্ৰেণেড বিস্ফোৰণ হোৱাৰ ফলত তিনিটা শিশু গুৰুতৰভাৱে আহত হয় । ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এক তদন্ত অব্যাহত ৰাখিছে ।

জানিব পৰা মতে, কোনো দুষ্কৃতিকাৰীয়ে মুকলি ঠাইত পেলাই থোৱা এটা গ্ৰেণেডৰ পৰা দুৰ্ঘটনাটো সংঘতিত হয় (Three children injured grenade explosion)। আৰক্ষী সূত্ৰত প্ৰকাশ যে, শিশুকেইটিক খুনচাৰ জিলা অসামৰিক চিকিৎসালয়ৰ পৰা ততাতৈয়াকৈ অসমৰ ডিব্ৰুগড় জিলাৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে । কিছুদিন পূৰ্বে অৰুণাচলত NSCN উগ্ৰপন্থী আৰু সেনাৰ মাজত হোৱা সংঘৰ্ষৰ সূত্ৰপাত হৈছিল (Firing between NSCN extrimist and Security force)৷ সেই সংঘৰ্ষৰ মাজতে গ্ৰেণেডটো জংঘলৰ কাষৰীয়া ঠাইত পৰি ৰৈছিল বুলি সন্দেহ কৰা হৈছে ৷ শিশু কেইটাই গ্ৰেণেডটো বুটলি আনি খেলি থকা সময়তে দুৰ্ভাগ্যবশতঃ বিস্ফোৰণটো সংঘটিত হয় ৷

মনকৰিবলগীয়া যে, টিৰাপ আৰু চাংলাং জিলাত উগ্ৰপন্থীৰ গতিবিধি যথেষ্ট পৰিমাণে অব্যাহত আছে । বিশেষকৈ ম্যানমাৰৰ সীমান্তত থকা জিলা দুখনত NSCN(IM) আৰু NSCN(K) গোটৰ প্ৰাদুৰ্ভাৱ যথেষ্ট পৰিমাণে বেছি ৷ সময়ে সময়ে উগ্ৰপন্থী বিৰোধী অভিযান চলি থাকে আৰু কেন্দ্ৰীয় চৰকাৰে উক্ত অঞ্চলত পুনৰবাৰ অশান্ত অঞ্চল ঘোষণা কৰি সেনাৰ বিশেষ ক্ষমতা আইন বলৱৎ কৰিছে ।

লগতে পঢ়ক : Brutal murder in Dibrugarh: ধলাজান চাহ বাগিচাত ৪ বছৰীয়া শিশুক ডিঙি কাটি হত্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.