ETV Bharat / bharat

জালোৰত পানীৰ অভাৱত শিশুৰ মৃত্যু: তদন্তৰ দাবী শিশু আয়োগৰ

ৰাজস্থানৰ জালোৰৰ ৰাণীবাড়া থানাৰ অন্তৰ্গত ৰোড়া গাঁৱৰ এগৰাকী যুৱতীয়ে পানী নাপাই মৃত্যুক আঁকোৱালি লোৱা ঘটনাক ৰাজস্থানৰ ৰাজ্যিক শিশু অধিকাৰ সংৰক্ষণ আয়োগে গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছে ৷ আয়োগে ঘটনা সন্দৰ্ভত সবিশেষৰ বুজ লৈ সঠিক তদন্ত কৰাবলৈ জালোৰৰ জিলা উপায়ুক্তক নিৰ্দেশ প্ৰদান কৰে ৷

author img

By

Published : Jun 8, 2021, 10:01 PM IST

children-commission-took-cognizance-on-death-of-girl-due-to-lack-of-water-in-jalore
জালোৰত পানীৰ অভাৱত শিশুৰ মৃত্যুৰ তদন্তৰ দাবী শিশু আয়োগৰ

নিউজ ডেস্ক, 8 জুন : ৰাজস্থানৰ জালোৰৰ ৰাণীবাড়া থানাৰ অন্তৰ্গত ৰোড়া গাঁৱৰ এগৰাকী যুৱতীয়ে পানী নাপাই মৃত্যুক আঁকোৱালি লোৱা ঘটনাক ৰাজস্থানৰ ৰাজ্যিক শিশু অধিকাৰ সংৰক্ষণ আয়োগে গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছে ৷ আয়োগে ঘটনা সন্দৰ্ভত সবিশেষে বুজ লৈ সঠিক তদন্ত কৰাবলৈ জালোৰৰ জিলা উপায়ুক্তক নিৰ্দেশ প্ৰদান কৰে ৷

শিশু আয়োগৰ অধ্যক্ষা সংগীতা বেনীৱালাই এই সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি কয় যে, বিভিন্ন বাতৰি কাকতৰ জৰিয়তে জানিব পৰা অনুসৰি এজন বয়োজ্যেষ্ঠই নিজৰ পাঁচবছৰীয়া নাতিনীয়েকৰ সৈতে খোজকাঢ়িয়েই নিজৰ আত্মীয়ৰ ঘৰত ফুৰিবলৈ ওলাই গৈছিল ৷ যাৰ পাছতে জনশূণ্য গাঁওলীয়া পথত পানী নাপাই পাঁচবছৰীয়া কণমানিজনীয়ে কৰুণ মৃত্যুক সাৱটি লয় ৷

আনহাতে, বয়োজ্যেষ্ঠ গৰাকীয়েও অত্যাধিক গৰমৰ ফলত সংজ্ঞা হেৰুৱাই পেলায় ৷ বৰ্তমান বৃদ্ধজন ৰাণীবাড়া চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৷ এই হৃদয় বিদাৰক ঘটনা ৰাজস্থানৰ ৰাজ্যিক শিশু অধিকাৰ সংৰক্ষণ আয়োগে গুৰুত্ব সহকাৰে লৈ বিষয়টোৰ উচিত তদন্ত কৰিবলৈ নিৰ্দেশ দিয়ে ৷

লগতে পঢ়ক: অমিত শ্বাহ(Amit Shah)ক সাক্ষাৎ শুভেন্দু অধিকাৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.