ETV Bharat / bharat

Yogi Adityanath casts vote : 80 শতাংশ আসনত জয়লাভৰ দাবী মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ

উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায় (UP Assembly Election 2022) ৰ ভোটদান বৃহস্পতিবাৰে পুৱাৰে পৰা আৰম্ভ হৈছে ৷ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে পুৱা প্ৰায় 7 বজাতে ভোটকেন্দ্ৰত উপস্থিত হৈ ভোটাধিকাৰ সাব্যস্ত (CM Yogi Adityanath casts his vote) কৰে । ৰাজ্যখনত দিনৰ 1 বজালৈ সম্পূৰ্ণ হৈছে 36.33% ভোটদান সম্পন্ন ৷

Chief Minister Yogi Adityanath casts his vote in Gorakhpur says we will win 80 percent seats
80 শতাংশ আসনত জয়লাভৰ দাবী মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ
author img

By

Published : Mar 3, 2022, 10:20 AM IST

Updated : Mar 3, 2022, 1:43 PM IST

নেশ্যনেল ডেস্ক, 3 মাৰ্চ : বৃহস্পতিবাৰে পুৱাৰে পৰা আৰম্ভ হৈছে উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায় (UP Assembly Election 2022) ৰ ভোটদান ৷ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে পুৱা প্ৰায় 7 বজাত ভোটকেন্দ্ৰত উপস্থিত হৈ ভোটাধিকাৰ সাব্যস্ত (Yogi Adityanath casts vote) কৰে । ভোটগ্ৰহণৰ পূৰ্বে তেওঁ গোৰখনাথ মন্দিৰত উপস্থিত হৈ দলৰ জয়লাভৰ বাবে প্ৰাৰ্থনা কৰে ৷

মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনৰ সন্দৰ্ভত কয় যে, বিগত 5 বছৰত উত্তৰ প্ৰদেশৰ পূৱ অংশত বহুতো উন্নয়নমূলক কাম সম্পন্ন হৈছে । পূৱ উত্তৰ প্ৰদেশৰ প্ৰায় প্ৰতিখন জিলাই এখনকৈ চিকিৎসা মহাবিদ্যালয় স্থাপনৰ অনুদান লাভ কৰে ৷ যাৰ বাবে ভোটাৰসকলে প্ৰদান কৰা ভোটসমূহে ৰাজ্যখনক দেশৰ অৰ্থনীতিৰ মানদণ্ড উন্নীত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ।

ভোটদানৰ পিছত মুখ্যমন্ত্ৰী গৰাকীয়ে আশা ব্যক্ত কৰে এনেদৰে- "ভোটাৰসকলে স্বতঃস্ফুৰ্তভাৱে ভোটদান কৰিব । প্ৰধানমন্ত্ৰী মোডীৰ নেতৃত্বত বিজেপিয়ে এক অভিলেখ গঢ়িব আৰু উত্তৰ প্ৰদেশৰ নিৰ্বাচনত বৃহৎ সংখ্যক আসন লাভ কৰিব । আমি 80% তকৈ অধিক আসনত জয়লাভ কৰিম । উন্নয়ন আৰু নিৰাপত্তাৰ বাবে ভোট দিয়ক, বিজেপিক ভোট দিয়ক" ।

ভোটাৰসকলক ভোট দিবলৈ আহ্বান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচন সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে টুইটযোগে প্ৰকাশ কৰে এনেদৰে, "উত্তৰ প্ৰদেশত গণতন্ত্ৰ উদযাপনৰ ষষ্ঠ পৰ্যায়ত প্ৰৱেশ কৰিছে । সকলো ভোটাৰক মোৰ বিনম্ৰ অনুৰোধ যে, তেওঁলোকে এই উদযাপনত যোগদান কৰক । আপোনালোকৰ এটা এটা ভোট, গণতন্ত্ৰৰ শক্তি" ৷

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ আবেদন

কেৱল দুৰ্নীতি আৰু স্বজনতোষণৰ পৰা মুক্ত শক্তিশালী চৰকাৰেহে উত্তৰ প্ৰদেশক প্ৰগতিৰ পথত আগুৱাই নিব পাৰিব । সেইকাৰণে ৰাজ্যখনক উন্নয়নৰ শীৰ্ষত ৰাখিবলৈ সদলবলে ওলাই আহি ভোট দিয়ক । ভোটাৰ ৰাইজক উদ্দেশ্যি এই আহ্বান জনালে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে ৷

লগতে চাওক: দুৰ্যোগৰ মুখামুখিৰ বাবে প্ৰাক্তন সেনাৰ তথ্য সংগ্ৰহ চৰকাৰৰ

Last Updated : Mar 3, 2022, 1:43 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.