ETV Bharat / bharat

CJI D Y Chandrachud : শুকুৰবাৰে বিচাৰ প্ৰক্ৰিয়াত অংশ নলয় মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে

author img

By

Published : Jul 28, 2023, 1:11 PM IST

ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত উচ্চতম ন্যায়ালয়ৰ এখন বিচাৰপীঠে শুকুৰবাৰে হিংসাপীড়িত মণিপুৰৰ দুগৰাকী বিবস্ত্ৰ মহিলাৰ ভাইৰেল ভিডিঅ' সম্পৰ্কীয় গোচৰৰ শুনানি গ্ৰহণৰ কথা আছিল । লগতে কেইবাটাও গুৰুত্বপূৰ্ণ গোচৰৰ শুনানি গ্ৰহণৰ কথা আছিল । অৱশ্যে, মুখ্য ন্যায়াধীশৰ অনুপস্থিতিত সেই গোচৰৰ শুনানি স্থগিত ৰখা হয় ।

CJI D Y Chandrachud
শুকুৰবাৰে বিচাৰ প্ৰক্ৰিয়াত অংশ নলয় মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে

নেশ্যনেল ডেস্ক,২৮ জুলাই : ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে শুকুৰবাৰে আদালতৰ বিচাৰ প্ৰক্ৰিয়াত অংশগ্ৰহণ নকৰে । উচ্চতম ন্যায়ালয়ে এক বিবৃতিযোগে এই কথা উল্লেখ কৰে । মুখ্য ন্যায়াধীশৰ নেতৃত্বত এখন বিচাৰপীঠে শুকুৰবাৰে কেইবাটাও গুৰুত্বপূৰ্ণ গোচৰৰ শুনানি গ্ৰহণ কৰাৰ কথা আছিল । তাৰ ভিতৰত দুগৰাকী মহিলাক সংঘৰ্ষগ্ৰস্ত মণিপুৰত উলংগ কৰি পেৰেড কৰা সম্পৰ্কীয় গোচৰো আছে ।

বিবৃতিত উল্লেখ কৰা মতে ভাৰতৰ মুখ্য ন্যায়াধীশে ২৮ জুলাই শুকুৰবাৰে আদালত অংশগ্ৰহণ নকৰে । সেয়েহে, আদালত নং ১-ত মুখ্য ন্যায়াধীশ আৰু মনোজ মিশ্ৰাক লৈ গঠিত বিচাৰপীঠৰ বিচাৰ প্ৰক্ৰিয়া বাতিল কৰা হৈছে । লগতে কোৱা হৈছে যে এই বিচাৰপীঠৰ সন্মুখত তালিকাভুক্ত গোচৰবোৰৰ শুনানি গ্ৰহণ কৰা নহ'ব আৰু স্থগিত ৰখা হ'ব । অৱশ্যে উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ ন্যায়াধীশ এছ কে কৌলৰ নেতৃত্বৰ এখন বিচাৰপীঠৰ সন্মুখত গোচৰসমূহৰ জৰুৰী উল্লেখ কৰিব পাৰিব ।

বুধবাৰৰ পৰাই মুখ্য ন্যায়াধীশগৰাকীয়ে আদালতৰ বিচাৰ প্ৰক্ৰিয়াত অংশ লোৱা নাই । মণিপুৰত বিবস্ত্ৰ মহিলাৰ সমদল সম্পৰ্কে আদালতে শুনানি গ্ৰহণ কৰাৰ কথা আছিল লগতে মুখ্য ন্যায়াধীশ নেতৃত্বাধীন বিচাৰপীঠৰ সন্মুখত গৃহ মন্ত্ৰালয়ে উত্তৰ দিয়াৰ কথা আছিল । বৃহস্পতিবাৰে গৃহ মন্ত্ৰালয়ে উচ্চতম ন্যায়ালয়ক কয় যে মণিপুৰত উলংগ হৈ পেৰেড কৰা মহিলা দুগৰাকীৰ উক্ত গোচৰৰ তদন্ত কেন্দ্ৰীয় অনুসন্ধান ব্যুৰ' চমুকৈ চিবিআইলৈ স্থানান্তৰ কৰা হৈছে ।

মন্ত্ৰালয়ে সচিব অজয় কুমাৰ ভাল্লাৰ জৰিয়তে দাখিল কৰা এক শপতনামাত শীৰ্ষ আদালতক মণিপুৰৰ বাহিৰত গোচৰটোৰ বিচাৰ সময়সীমাৰ ভিতৰত সমাপ্ত কৰাৰ বাবে স্থানান্তৰ কৰিবলৈও আহ্বান জনায় । গোচৰটোত এতিয়ালৈকে ৭ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে ।

উচ্চতম ন্যায়ালয়ে ২০ জুলাইত ঘটনাটো সম্পৰ্কে কৈছিল যে, ভিডিঅ'টোৰ দ্বাৰা আদালত গভীৰভাৱে বিচলিত হৈছে আৰু হিংসাৰ উদ্দেশ্যে মহিলাসকলক আহিলা হিচাপে ব্যৱহাৰ কৰাটো সাংবিধানিক গণতন্ত্ৰত কেতিয়াও গ্ৰহণযোগ্য নহয় বুলিও কৈছিল । মুখ্য ন্যায়াধীশে কেন্দ্ৰ আৰু মণিপুৰ চৰকাৰক তাৎক্ষণিক প্ৰতিকাৰমূলক, পুনৰ্সংস্থাপন আৰু প্ৰতিৰোধমূলক পদক্ষেপ ল'বলৈ নিৰ্দেশ দিছিল আৰু গ্ৰহণ কৰা পদক্ষেপসমূহ শীৰ্ষ আদালতক অৱগত কৰিবলৈ নিৰ্দেশ দিছিল ।

লগতে পঢ়ক : Manipur violence : মণিপুৰত সেনা আৰু উগ্ৰপন্থীৰ সংঘৰ্ষ, ২ সুৰক্ষাকৰ্মী আহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.