ETV Bharat / bharat

Chhattisgarh healthcare in sick bed: সন্তানৰ মৃতদেহ পলিথিনত বান্ধি ৭০ কিলোমিটাৰ ভ্ৰমণ পিতৃৰ

author img

By ETV Bharat Assamese Team

Published : Aug 30, 2023, 10:52 AM IST

উন্নয়নৰ নগ্নস্বৰূপ ৷ হাস্পতাল আৰু এম্বুলেঞ্চলৰ অভাৱত এজন অসহায় পিতৃয়ে বাইকত নিজ ডেৰ বছৰীয়া শিশুৰ মৃতদেহ পলিথিনত বান্ধি মৰণোত্তৰ পৰীক্ষাৰ বাবে ৭০ কিলোমিটাৰ ভ্ৰমণ কৰে ৷

father carried child dead body in polythene
শিশুৰ মৃতদেহ পলিথিনত বান্ধি মৰণোত্তৰ পৰীক্ষাৰ বাবে ৭০ কিলোমিটাৰ ভ্ৰমণ

নেশ্যনেল ডেস্ক, 30 আগষ্ট: দেশত উন্নয়নৰ ঢাক ঢোল বজোৱাৰ সময়তে ছত্তিশগড়ত ইয়াৰ এক বিপৰীত ছবি পোহৰলৈ আহিছে ৷ হাস্পতাল আৰু এম্বুলেঞ্চলৰ অভাৱত এজন অসহায় পিতৃয়ে বাইকত নিজ ডেৰ বছৰীয়া শিশুৰ মৃতদেহ পলিথিনত বান্ধি মৰণোত্তৰ পৰীক্ষাৰ বাবে ৭০ কিলোমিটাৰ ভ্ৰমণ কৰে ৷ কোৰবা জিলাৰ আদসেনা গাঁৱত সংঘটিত হৈছে এই ঘটনা ৷

কোৰবা উন্নয়ন খণ্ডৰ আদসেনা গাঁৱত বাস কৰা দাৰাছ ৰাম যাদৱে তেওঁৰ পত্নী আৰু সন্তানৰ সৈতে খেতি কৰি জীৱন অতিবাহিত কৰে । বৰ্তমান খেতিৰ সময় । সেয়েহে দাৰাছৰ পত্নীয়ে ডেৰ বছৰীয়া পুত্ৰৰ সৈতে খেতিপথাৰলৈ গৈছিল । মাক খেতিত ব্যস্ত হৈ থাকোঁতেই শিশুটোৱে খেলি থাকোঁতে পথাৰৰ ওচৰৰ পুখুৰীৰলৈ গৈছিল ।

ইফালে মাতৃয়ে গম পোৱালৈকে শিশুটো পুখুৰীৰ পানীত বুৰ গৈছিল । সেই ঠাইত উপস্থিত লোকে পুখুৰীটোৰ পৰা শিশুটোক বিচাৰ খোচাৰ কৰে যদিও, শিশুটোক অচেতন অৱস্থাত উদ্ধাৰ কৰা হৈছিল । লগে লগে পৰিয়ালৰ লোকে লেমৰুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ শিশুটোক লৈ যায় । কিন্তু তেতিয়ালৈ চিকিৎসকে শিশুটোক মৃত বুলি ঘোষণা কৰে ৷ চিকিৎসকলে শিশুটোৰ মৰণোত্তৰ পৰীক্ষা কৰিবলৈ ঘৰৰ লোকক অৱগত কৰিছিল ৷

ইফালে আদসেনা গাঁও জিলা সদৰৰ পৰা ৭০ কিলোমিটাৰ দূৰত । শিশুটোৰ পিতৃ দাৰাছ ৰাম যাদৱে প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসকসকলক শিশুটোৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে এম্বুলেন্সৰ ব্যৱস্থা কৰিবলৈ কৈছিল । কিন্তু স্বাস্থ্য কেন্দ্ৰ কৰ্তৃপক্ষই তেওঁক নিজে ব্যৱস্থা কৰি চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ যাবলৈ পৰামৰ্শ দিছিল । উপায়ন্তৰ হৈ শিশুটোৰ মৃতদেহটো এটা পলিথিনত মেৰিয়াই এজন বন্ধুৰ সৈতে এখন বাইকত মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ ৰাওনা হৈছিল অসহায় পিতৃজন । এই ঘটনা পোহৰলৈ অহাৰ পিচতে অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

লগতে পঢ়ক: Fire broke out: বিধবংসী অগ্নিকাণ্ডত 4 জন নিহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.