ETV Bharat / bharat

Rahul Gandhi in Raipur: ছত্তীশগড়ত কৃষকৰ সৈতে খেতি পথাৰত ৰাহুল গান্ধী

নিৰ্বাচনমুখী ছত্তীশগড়ত দুদিনীয়া ভ্ৰমণসূচীৰে উপস্থিত ৰাহুল গান্ধী । কৃষকৰ সৈতে ধান চপোৱাত ব্যস্ত নেতাগৰাকী । ছত্তীশগড়ৰ দৰে দেশজুৰি কৃষকৰ উন্নয়নৰ বাবে আঁচনি ৰূপায়ণৰ আশ্বাস কংগ্ৰেছ নেতাগৰাকীৰ ।

author img

By ETV Bharat Assamese Team

Published : Oct 29, 2023, 4:50 PM IST

Rahul Gandhi in Raipur
ছত্তীশগড়ত কৃষকৰ সৈতে খেতি পথাৰত ৰাহুল গান্ধী

নেশ্যনেল ডেস্ক, ২৯ অক্টোবৰ: লোকসভা নিৰ্বাচন সমাগত । তাৰ প্ৰাকক্ষণত বিৰোধী মিত্ৰজোঁটৰ সম্ভাব্য প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী ৰাহুল গান্ধী ভোটাৰৰ কাষ চাপিছে । তাৰ অংশস্বৰূপে ৰাহুল গান্ধীক দেওবাৰে কৃষকসকলৰ সৈতে দেখা গৈছে । ছত্তীশগড়ৰ ৰায়পুৰৰ সমীপৰ এখন গাঁৱত কিছুমান খেতিয়কক ধান চপোৱাত সহায় কৰা দেখা গৈছে ৰাহুল গান্ধীক । কৃষকসকলৰ কাষত থিয় দি তেওঁ ছত্তীশগড়ত কংগ্ৰেছ চৰকাৰৰ কৃষক পন্থী 'মডেল' সমগ্ৰ ভাৰতত পুনৰাবৃত্তি কৰাৰ প্ৰতিশ্ৰুতি দিয়ে ।

ৰাহুল গান্ধীয়ে লগতে নিৰ্বাচনমুখী ছত্তীশগড়ত কংগ্ৰেছ চৰকাৰৰ ৫ টা আঁচনিৰ ওপৰতো আলোকপাত কৰে । তাৰ ভিতৰত আছে ঋণ ৰেহাই আৰু ইনপুট ৰাজসাহায্য, কৃষকসকলৰ স্বাৰ্থত সৰ্বশ্ৰেষ্ঠ কাম । ৰাহুল গান্ধীয়ে এক্সৰ পোষ্টত লিখিছে যে যদি কৃষকসকল সুখী হয় তেন্তে ভাৰত সুখী হ'ব । এগৰাকী দলীয় কৰ্মীয়ে জনোৱা মতে ৰাহুল গান্ধীয়ে পুৱা ৰাজধানী ৰায়পুৰৰ সমীপৰ কাথিয়া গাঁও পৰিদৰ্শন কৰে য'ত তেওঁ কৃষক আৰু শ্ৰমিকসকলৰ সৈতে বাৰ্তালাপ কৰে আৰু ধান চপোৱাত তেওঁলোকক সহায় কৰে ।

খেতিপথাৰত কাম কৰা আৰু কৃষকৰ সৈতে বাৰ্তালাপ কৰা গান্ধীৰ ফটো কংগ্ৰেছ দলে প্ৰকাশ কৰে । ভ্ৰমণৰ পাছত গান্ধীয়ে এক্সত একেখন ফটো পোষ্ট কৰি কয় যে ছত্তীশগড়ৰ কৃষকসকলৰ বাবে কংগ্ৰেছ চৰকাৰে ৫ টা উৎকৃষ্ট কাম কৰিছে । যিয়ে কৃষকসকলক ভাৰতত আটাইতকৈ সুখী কৰি তুলিছে বুলিও তেওঁ দাবী কৰে ।

ৰাহুল গান্ধীয়ে আঁচনিৰ কথা উল্লেখ কৰি লিখিছে ধানৰ ওপৰত এমএছপি ২,৬৪০ প্ৰতি কুইন্টল, ২৬ লাখ কৃষকক ২৩,০০০ কোটি টকাৰ ইনপুট ৰাজসাহায্য, ১৯ লাখ কৃষকৰ ১০,০০০ কোটি টকাৰ ঋণ ৰেহাই, বিদ্যুতৰ বিল হ্ৰাস, ৫ লাখ কৃষি শ্ৰমিকক বছৰি ৭,০০০ টকা । এই আৰ্হি দেশৰ আন প্ৰান্ততো ৰূপায়ণৰ প্ৰতিশ্ৰুতি দিছে ৰাহুল গান্ধীয়ে ।

২০১৮ চনৰ বিধানসভা নিৰ্বাচনৰ পাছত কংগ্ৰেছ শাসনলৈ অহাৰ পাছত ভূপেশ বাঘেল চৰকাৰে এই আঁচনিবোৰ আৰম্ভ কৰিছিল । ৰাহুল গান্ধীয়ে শনিবাৰে নিৰ্বাচনমুখী ছত্তীশগড়ত উপস্থিত হয় । দেওবাৰে ৰাজনন্দগাঁও আৰু কাৱাৰধা সমষ্টিত তেওঁ দুখন ৰাজহুৱা ৰেলী সম্বোধন কৰাৰ কথা আছে । উল্লেখ্য যে ৯০ জনীয়া ছত্তীশগড় বিধানসভাৰ ভোটগ্ৰহণ ৭ আৰু ১৭ নৱেম্বৰত দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব । আনহাতে ভোটগণনা ৩ ডিচেম্বৰত কৰা হ'ব ।

লগতে পঢ়ক :Roti Bank : ৯ বছৰ ধৰি দৰিদ্ৰ লোকক খাদ্য় প্ৰদান ৰুটি বেংকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.