ETV Bharat / bharat

প্ৰথম কেবিনেট বৈঠকতে 18 লাখ দৰিদ্ৰক প্ৰধানমন্ত্ৰী আৱাস গৃহ প্ৰদানৰ সেউজ সংকেত মুখ্যমন্ত্ৰী বিষ্ণুদেউৰ - Prime Minister Awas Approved

ৰায়পুৰৰ বৈঠক মহানদী ভৱনত মুখ্যমন্ত্ৰী বিষ্ণুদেউৰ প্ৰথমখন কেবিনেট অনুষ্ঠিত হয় । বিষ্ণুদেউ সাইৰ উপৰিও দুয়োজন উপ মুখ্যমন্ত্ৰী অৰুণ সাও আৰু বিজয় শৰ্মায়ো এই বৈঠকত অংশগ্ৰহণ কৰে । কেবিনেট বৈঠকত প্ৰধানমন্ত্ৰী মোদীৰ অন্যতম গেৰান্টি PM আৱাস যোজনাক দিয়া হৈছে সেউজ সংকেত । কেবিনেট বৈঠকৰ অন্তত সংবাদমেলত মুখ্যমন্ত্ৰী সাইয়ে কয় যে চৰকাৰে জনসাধাৰণক দিয়া প্ৰতিশ্ৰুতি সময়মতে পূৰণ কৰিব ।

CM Vishnu deo Sai
First Cabinet Meeting of Vishnudeo Sai
author img

By ETV Bharat Assamese Team

Published : Dec 14, 2023, 9:20 PM IST

ৰায়পুৰ, 14 ডিচেম্বৰ: ছত্তীশগড়ত নৱগঠিত বিষ্ণুদেউ সাই চৰকাৰৰ প্ৰথমখন কেবিনেট বৈঠকৰ অন্ত পৰিল । বিজেপিৰ ইস্তাহাৰত দিয়া প্ৰতিশ্ৰুতি আৰু প্ৰধানমন্ত্ৰী মোদীৰ গেৰান্টিৰ বিষয়ে কেবিনেট বৈঠকত আলোচনা কৰা হয় । মুখ্যমন্ত্ৰী বিষ্ণুদেউ সাইৰ লগতে দুয়োজন উপ-মুখ্যমন্ত্ৰী অৰুণ সাও আৰু বিজয় শৰ্মাও এই বৈঠকত উপস্থিত থাকে । কেবিনেট বৈঠক শেষ হোৱাৰ পাছত মুখ্যমন্ত্ৰী বিষ্ণুদেউ সাইয়ে তেওঁৰ প্ৰথম কেবিনেট বৈঠকত লোৱা সিদ্ধান্ত সম্পৰ্কে তথ্য প্ৰদান কৰে ৷

১৮ লাখ পিএম হাউছিঙৰ অনুমোদন: বিষ্ণুদেউ সাই চৰকাৰৰ প্ৰথমখন কেবিনেট বৈঠকত ১৮ লাখ পিএম হাউছিঙৰ অনুমোদন । কেবিনেট বৈঠকত প্ৰধানমন্ত্ৰী মোদীৰ গেৰান্টিৰ বিষয়ে আলোচনা কৰা হয় । পি এম আৱাস যোজনাৰ অধীনত ১৮ লাখ হিতাধিকাৰীয়ে লাভ কৰিব বাসগৃহ । এই চৰকাৰৰ এইটোৱেই হ’ব ৰাজ্যত কৰা প্ৰথম কাম । দৰিদ্ৰ পৰিয়ালসমূহ এই আঁচনিৰ দ্বাৰা উপকৃত হ’ব । মুখ্যমন্ত্ৰীয়ে আগন্তুক পাঁচ বছৰত সকলো নিশ্চয়তা পূৰণৰ কথাও কয় ।

"মোদী জীৰ প্ৰথম গেৰান্টি আছিল ১৮ লাখ দৰিদ্ৰ পৰিয়ালক ঘৰ প্ৰদান কৰা । আমি আমাৰ প্ৰতিশ্ৰুতিত উপনীত হৈছো, আমি ছত্তীশগড়ৰ ১৮ লাখ দৰিদ্ৰ পৰিয়ালক তেওঁলোকৰ অধিকাৰ প্ৰদান কৰিম । আজিৰ বৈঠকত এই সিদ্ধান্ত লোৱা হৈছে । পূৰ্বৰ চৰকাৰেও গৃহ প্ৰদানৰ প্ৰতিশ্ৰুতি দিছিল । সেয়া পূৰণ নকৰিলে । আমি নিৰ্বাচনৰ সময়ত এই প্ৰতিশ্ৰুতি দিছিলো, আমি যিকোনো পৰিস্থিতিতেই সেয়া পূৰণ কৰিম ।" বিষ্ণুদেউ সাইয়ে কয় ৷

প্ৰধানমন্ত্ৰী মোদীৰ প্ৰথম গেৰান্টি সন্দর্ভত আলোচনা: সাংবাদিকৰ সৈতে কথা পাতি মুখ্যমন্ত্ৰী বিষ্ণুদেউ সাইয়ে কয় যে আজিৰ প্ৰথম কেবিনেট বৈঠকত ধান ক্ৰয়ৰ পৰা আৰম্ভ কৰি ধানৰ বোনাছ দিয়ালৈকে আৰু মাহতাৰী বন্দন যোজনাৰ বিষয়ে আলোচনা কৰা হয় । ২৫ ডিচেম্বৰত চৰকাৰে কৃষকক দুবছৰৰ বোনাছ দিব । এই চৰকাৰৰ লক্ষ্য নৰেন্দ্ৰ মোদীয়ে দিয়া গেৰান্টি ১০০% পূৰণ কৰা ।

পুৰণি চৰকাৰে ৰাজকোষ খালী কৰিলে: মুখ্যমন্ত্ৰী বিষ্ণুদেউ সাইৰ অভিযোগ যে কংগ্ৰেছ চৰকাৰে ৰাজ্যখনক অৰ্থনৈতিকভাৱে দুৰ্বল কৰি পেলালে । তথাপিও বিজেপি চৰকাৰে সকলো গেৰান্টি পূৰণ কৰিব । মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিয়ে যে এই চৰকাৰ সবকা সাথ, সবকা বিকাশৰ আদৰ্শৰে চলিব । ছত্তীশগড় মাহতাৰীয়ে এতিয়া চিন্তা কৰাৰ প্ৰয়োজন নাই, এইখন দৰিদ্ৰ আৰু কৃষকৰ চৰকাৰ, তেওঁলোকৰ যত্ন লোৱাটো চৰকাৰৰ কাম ।

সকলো বিভাগৰ সচিবৰ সৈতে আলোচনা: মুখ্যমন্ত্ৰী আৰু দুয়োজন উপ মুখ্যমন্ত্ৰীয়েও তেওঁলোকৰ বিভাগৰ অধীনত চলি থকা কাম-কাজৰ বিষয়ে সকলো বিভাগৰ সচিবৰ পৰা তথ্য বিচাৰিছিল৷ সচিবসকলৰ সৈতে হোৱা আলোচনাৰ সময়ত মুখ্যমন্ত্ৰীয়ে এই চৰকাৰখন ডাবল ইঞ্জিন চৰকাৰ বুলি দাবী কৰে । প্ৰতিটো পৰিস্থিতিত দুখীয়াৰ সপোন পূৰণ কৰাটো চৰকাৰৰ দায়িত্ব । বিভাগীয় সচিবসকলে সকলোকে মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰীৰ সৈতে চিনাকি কৰাই দিয়ে । উন্নয়নৰ কাম বন্ধ নহ’ব বুলি সচিবসকলক নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী আৰু উপ-মন্ত্ৰীয়ে ।

লগতে পঢ়ক: কাৰ্যভাৰ লৈয়ে ধৰ্মীয় স্থানত লাউড স্পীকাৰ ব্যৱহাৰক লৈ কঠোৰ মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.