ETV Bharat / bharat

Chandrayaan 3: ভাৰতৰ চন্দ্ৰৰ দক্ষিণ মেৰু জয় অভিযানৰ টাইমলাইন - ISROs ambitious Chandrayaan 3 mission

নিজৰ তৃতীয় প্ৰচেষ্টাত ইছৰোৰ চন্দ্ৰযান-৩ চন্দ্ৰপৃষ্ঠত উপনীত হ'বলৈ আগবাঢ়িছে । ১৪ জুলাইত আৰম্ভ হোৱা এই যাত্ৰাৰ পৰৱৰ্তী সময়ত ঐতিহাসিক অভিযানটোৰ অগ্ৰগতিৰ টাইমলাইন এবাৰ চাওক ।

Chandrayaan 3
Chandrayaan 3
author img

By ETV Bharat Assamese Team

Published : Aug 23, 2023, 2:49 PM IST

নিউজ ডেস্ক, ২৩ আগষ্ট : ইছৰোৰ উচ্চাভিলাষী চন্দ্ৰযান-৩ অভিযান ১৪ জুলাইত আৰম্ভ হোৱাৰ পিছৰে পৰা চন্দ্ৰলৈ এক স্থিৰ যাত্ৰা কৰি আছে । ভাৰতীয় মহাকাশ সংস্থাটোৰ মতে, চন্দ্ৰযান-৩-ৰ লেণ্ডাৰ আৰু তাৰ ভিতৰত থকা ৰ'ভাৰে ২৩ আগষ্টৰ সন্ধিয়া প্ৰায় ৬.০৪ বজাত চন্দ্ৰপৃষ্ঠ স্পৰ্শ কৰিব বুলি আশা কৰা হৈছে ।

ভাৰতৰ তৃতীয় চন্দ্ৰ অন্বেষণ অভিযানৰ এতিয়ালৈকে গ্ৰহণ কৰা যাত্ৰাৰ এক আভাস তলত দিয়া হৈছে :

  • ১৪ জুলাই : এলভিএম-৩ এম-৪ বাহনে অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ পৰা চন্দ্ৰযান-৩ কক্ষপথলৈ সফলতাৰে উৎক্ষেপণ কৰে । চন্দ্ৰযান-৩-য়ে সঠিক কক্ষপথলৈ যাত্ৰা আৰম্ভ কৰে ।
  • ১৫ জুলাই : প্ৰথম কক্ষপথ বৃদ্ধিৰ কৌশল (Earthbound firing-1) ISTRAC/ISRO, বেংগালুৰুৰ পৰা সফলতাৰে প্ৰদৰ্শন কৰা হয় । মহাকাশযানখন ৪১৭৬২ কিলোমিটাৰ X ১৭৩ কিলোমিটাৰ কক্ষপথত সোমায় ।
  • ১৭ জুলাই : দ্বিতীয় কক্ষপথ বৃদ্ধিৰ কৌশল সমাপ্ত কৰা হয় । মহাকাশযানখন ৪১৬০৩ কিলোমিটাৰ X ২২৬ কিলোমিটাৰ কক্ষপথত সোমায় ।
  • ২২ জুলাই : Earth-bound perigee firing ব্যৱহাৰ কৰি আন এটা কক্ষপথ বৃদ্ধিৰ কৌশল সম্পূৰ্ণ কৰা হয় ।
  • ২৫ জুলাই : ইছৰোৱে আৰু এটা কক্ষপথ বৃদ্ধিৰ কৌশল সম্পন্ন কৰে । মহাকাশযানখন ৭১৩৫১ কিলোমিটাৰ X ২৩৩ কিলোমিটাৰ কক্ষপথত প্ৰৱেশ কৰে ।
  • ১ আগষ্ট : ইছৰোৱে সফলতাৰে ট্ৰেন্সলুনাৰ ইঞ্জেকচন (Translunar Injection) প্ৰদৰ্শন কৰে আৰু মহাকাশযানখন ট্ৰেন্সলুনাৰ কক্ষপথত সুমুৱাই দিয়ে । অৰ্জন কৰা কক্ষপথ হৈছে ২৮৮ কিলোমিটাৰ X ৩৬৯৩২৮ কিলোমিটাৰ ।
  • ৫ আগষ্ট : চন্দ্ৰযান-৩-ৰ চন্দ্ৰ-কক্ষপথ অন্তৰ্ভুক্তকৰণ সফলতাৰে সম্পন্ন হয় । অৰ্জন কৰা কক্ষপথ হৈছে ১৬৪ কিঃমিঃ X ১৮০৭৪ কিঃমিঃ ।
  • ৬ আগষ্ট : ইছৰোৱে দ্বিতীয় Lunar Bound Phase (এলবিএন) সম্পন্ন কৰে । ইয়াৰ পিছত মহাকাশযানখন চন্দ্ৰৰ চাৰিওফালে ১৭০ কিঃমিঃ X ৪৩১৩ কিলোমিটাৰ কক্ষপথত সোমায় । মহাকাশ সংস্থাটোৱে চন্দ্ৰৰ কক্ষপথ অন্তৰ্ভুক্তিৰ সময়ত চন্দ্ৰযান-৩-ৰ দ্বাৰা তোলা চন্দ্ৰৰ ভিডিঅ' মুকলি কৰে ।
  • ৯ আগষ্ট : চন্দ্ৰযান-৩-ৰ কক্ষপথ কৌশল সম্পাদন কৰাৰ পিছত ১৭৪ কিলোমিটাৰ X ১৪৩৭ কিলোমিটাৰলৈ হ্ৰাস কৰা হয় ।
  • ১৪ আগষ্ট : আন এটা কৌশলৰ পিছত মিছনটো orbit circularisation পৰ্যায়ত প্ৰৱেশ কৰে । মহাকাশযানখন ১৫১ কিলোমিটাৰ X ১৭৯ কিলোমিটাৰ কক্ষপথত প্ৰৱেশ কৰে ।
  • ১৬ আগষ্ট : ফায়াৰিং সম্পূৰ্ণ হোৱাৰ পিছত মহাকাশযানখন ১৫৩ কিলোমিটাৰ X ১৬৩ কিলোমিটাৰ কক্ষপথলৈ নামি আহে ।
  • ১৭ আগষ্ট : লেণ্ডাৰ মডিউল সফলতাৰে প্ৰপালচন মডিউলৰ পৰা পৃথক কৰা হয় ।
  • ১৯ আগষ্ট : ইছৰোৱে লেণ্ডাৰ মডিউলৰ কক্ষপথ হ্ৰাস কৰিবলৈ ইয়াৰ ডি-বুষ্টিং কৰে । লেণ্ডাৰ মডিউলটো চন্দ্ৰৰ চাৰিওফালে ১১৩ কিলোমিটাৰ X ১৫৭ কিলোমিটাৰ কক্ষপথত সোমায় ।
  • ২০ আগষ্ট : লেণ্ডাৰ মডিউলত আৰু এটা ডি-বুষ্টিং বা কক্ষপথ হ্ৰাস কৌশল সম্পাদন কৰা হয় । লেণ্ডাৰ মডিউলটো ২৫ কিলোমিটাৰ X ১৩৪ কিলোমিটাৰ কক্ষপথত প্ৰৱেশ কৰে ।
  • ২১ আগষ্ট : চন্দ্ৰযান-২ অৰ্বিটাৰে চন্দ্ৰযান-৩ লেণ্ডাৰ মডিউলক আনুষ্ঠানিকভাৱে স্বাগতম জনাই কয়, 'বন্ধু!'। দুয়োৰে মাজত দ্বিমুখী যোগাযোগ প্ৰতিষ্ঠা কৰা হয় । মিছন অপাৰেচন কমপ্লেক্সৰ (Mission Operations Complex, MOX) এতিয়া লেণ্ডাৰ মডিউলৰ সৈতে যোগাযোগ কৰাৰ অধিক উপায় আছে ।
  • ২২ আগষ্ট : ইছৰোৱে প্ৰায় ৭০ কিলোমিটাৰ উচ্চতাৰ পৰা চন্দ্ৰযান-৩ অভিযানৰ লেণ্ডাৰ পজিচন ডিটেকচন কেমেৰাৰ (Lander Position Detection Camera, LPDC) দ্বাৰা বন্দী কৰা চন্দ্ৰৰ ছবি মুকলি কৰে । প্ৰক্ৰিয়াবোৰ নিয়মীয়া পৰীক্ষাৰ মাজেৰে গৈ আছে । মসৃণ যাত্ৰা অব্যাহত আছে ।
  • ২৩ আগষ্ট : চন্দ্ৰপৃষ্ঠৰ দক্ষিণ মেৰুত চন্দ্ৰযান-৩-ৰ লেণ্ডাৰ মডিউলৰ সুৰক্ষিত আৰু মসৃণ অৱতৰণ সন্ধিয়া ৬.০৪ বজাত হোৱাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক :Chandrayaan 3 mission : চন্দ্ৰযান ৩ অভিযানৰ সফলতাত মই আত্মবিশ্বাসী; ইছৰোৰ প্ৰাক্তন সঞ্চালক ড৹ সুৰেন্দ্ৰ পাল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.