ETV Bharat / bharat

ভূমিস্খলনত জাহ যোৱাৰ উপক্ৰম হৈছে এখন গাঁওঃ ক'ৰ এই গাঁওখন ? - chamba

গাঁওখনত প্ৰতি দিনেই 15 পৰা 20 মিটাৰ পৰ্য্যন্ত ভূমিস্খলন সংঘটিত হৈছে ৷ হিমাচলৰ চুৱাহ সমষ্টিৰ অন্তগত মাণ্ডুন গাঁওখনত 32 টা পৰিয়ালে বাস কৰা লগতে ইয়াৰ জনসংখ্যা আঢ়ৈশৰো অধিক ৷ জিলাৰ সৰৰ পৰা গাঁৱৰ দূৰত্ব 90 কিলোমিটাৰ ৷ জনপ্ৰতিনিধিৰ লগতে বিভাগীয় কৰ্তৃপক্ষই এই ক্ষেত্ৰত কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ তুলিছে স্থানীয় লোকে ৷

chamba-villagers-fear-for-life-as-landslide-risk-severes
ভূমিস্খলনত জাহ যোৱাৰ উপক্ৰম হৈছে এখন গাঁও, ক'ৰ এই গাঁওখন ?
author img

By

Published : Nov 12, 2020, 3:24 PM IST

নিউজ ডেস্ক, 12 নৱেম্বৰঃ হিমাচল প্ৰদেশৰ চুৱাহ সমষ্টিৰ অন্তগত মাণ্ডুন নামৰ এখন গাঁও ৷ বিগত দিনসমূহত হৈ থকা ব্যাপক ভূমিস্খলনে মাণ্ডুন গাঁওবাসীৰ বাবে এক অসহনী সংকেট মাতি আনিছে ৷ গাঁওখনত ইতিমধ্যে এই ভূমিস্খলনত কেইবাজনো লোকৰ মৃত্যু হোৱাৰ লগতে বহু খেতি মাটি ভূমিস্খলনত জাহ গৈছে ৷

মাণ্ডুন গাঁৱৰ ৰাইজে সদৰি কৰা মতে গাঁওখনৰ ওচৰতে এটা বেচৰকাৰী প্ৰকল্প নিৰ্মাণৰ কাম চলি আছে ৷ যাৰ বাবে গাঁৱৰ বৰষুণৰ পানীখিনি উলাই যোৱাত সমস্যা সৃষ্টি হৈছে আৰু ভূমিস্খলনৰ দৰে ঘটনা সংঘটিত হৈছে ৷

ইয়াৰ সমান্তৰালভাৱে জনপ্ৰতিনিধিৰ লগতে বিভাগীয় কৰ্তৃপক্ষই এই ক্ষেত্ৰত কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ তুলিছে স্থানীয় লোকে ৷ গাঁওবাসীৰ মতে স্থানীয় বিধায়কৰ লগতে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰ এই ক্ষেত্ৰত অৱগত হয় যদিও এই পৰ্য্যন্ত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ৷

উল্লেখ্য যে চুৱাহ সমষ্টিৰ অন্তগত মাণ্ডুন গাঁওখনত 32 টা পৰিয়ালে বাস কৰা লগতে ইয়াৰ জনসংখ্যা আঢ়ৈশৰো অধিক ৷ জিলাৰ সদৰৰ পৰা গাঁৱৰ দূৰত্ব 90 কিলোমিটাৰ ৷

পৰিতাপৰ বিষয় এই যে গাঁওখনৰ সচেতন লোক সকলে জিলাৰ প্ৰশাসনৰ লগত কেইবাবাৰো যোগাযোগ কৰিছিল যদিও কোনো সুফল নাপালে ৷ যাৰ ফলস্বৰূপে প্ৰত্যেক দিনেই গাঁওবাসী একেবাৰে নিৰাপত্তাহীনভাৱে দিন অতিবাহিত কৰিবলগীয়া হৈছে ৷ গাঁওখনত প্ৰতি দিনেই 15 পৰা 20 মিটাৰ পৰ্য্যন্ত ভূমিস্খলন সংঘটিত হৈছে ৷

লগতে পঢ়কঃ বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ বৃহৎ অৰ্থনৈতিক পূঁজি 2.0ৰ ঘোষণা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.