ETV Bharat / bharat

HC, SC Judges Salaries Amendment Bill : ৰাজ্যসভাত উত্থাপন কৰা হ'ব উচ্চ-উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ দৰমহা সংশোধনী বিধেয়ক

author img

By

Published : Dec 13, 2021, 2:16 PM IST

সোমবাৰে ৰাজ্যসভাত উচ্চ-উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ দৰমহা সংশোধনী বিধেয়ক বিবেচনাৰ বাবে উত্থাপন কৰিব কেন্দ্ৰই(Judges Salaries Amendment Bill in RS) । কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে এই বিধেয়ক ৰাজ্যসভাত উত্থাপন কৰিব ।

HC, SC Judges Salaries Amendment Bill in RS
ৰাজ্যসভাত উত্থাপন কৰা হ'ব উচ্চ, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ দৰমহা সংশোধনী বিধেয়ক

নেশ্যনেল ডেস্ক, ১৩ ডিচেম্বৰ : সংসদৰ শীতকালীন অধিৱেশনৰ একাদশ দিনটোতে কেন্দ্ৰই ৰাজ্যসভাত উত্থাপন কৰিব 'উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ (দৰমহা আৰু সেৱাৰ চৰ্তাৱলী) সংশোধনী বিধেয়ক ২০২১'(HC, SC Judges Salaries Amendment Bill 2021) । বিবেচনাৰ বাবে ৰাজ্যসভাত বিধেয়কখন উত্থাপন কৰিব কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী কিৰেণ ৰিজিজুৱে(Rijiju to move Judges Salaries Amendment Bill) ।

১২ জন সাংসদৰ নিলম্বনক লৈ বিৰোধীৰে বিতৰ্ক অব্যাহত থকাৰ মাজতে সোমবাৰে বিধেয়কখন ৰাজ্যসভাত উত্থাপন কৰাৰ সিদ্ধান্ত লোৱা হৈছে । এই বিধেয়কখনৰ জৰিয়তে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ (দৰমহা আৰু সেৱাৰ চৰ্তাৱলী) আইন, ১৯৫৪ আৰু উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ (দৰমহা আৰু সেৱাৰ চৰ্তাৱলী) আইন, ১৯৫৮ৰ সংশোধন বিচৰা হৈছে ।

বিধেয়কখন গৃহীত কৰি কেন্দ্ৰই এজন অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ অতিৰিক্ত পৰিমাণৰ পেঞ্চনৰ যোগ্যতাৰ তাৰিখ স্পষ্ট কৰিব বিচাৰিছে । উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ(দৰমহা আৰু সেৱাৰ চৰ্তাৱলী) আইন, ১৯৫৪ আৰু উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ(দৰমহা আৰু সেৱাৰ চৰ্তাৱলী) আইন, ১৯৫৮ এই দুয়োখনেই উচ্চ ন্যায়ালয় আৰু ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলৰ দৰমহা আৰু সেৱাৰ চৰ্তাৱলী নিয়ন্ত্ৰণ কৰে ।

এই আইনৰ অধীনত উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ৰ সকলো অৱসৰপ্ৰাপ্ত ন্যায়াধীশ আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকল পেঞ্চন বা পাৰিবাৰিক পেঞ্চনৰ অধিকাৰী ।

যেতিয়া তেওঁলোকে এক নিৰ্দিষ্ট স্কেল অনুসৰি, নিৰ্দিষ্ট বয়সৰ হয়গৈ তেতিয়া তেওঁলোক অতিৰিক্ত পৰিমাণৰ পেঞ্চন অথবা পাৰিবাৰিক পেঞ্চনৰ অধিকাৰী হয় । এই স্কেলত বয়সৰ পাঁচটা সীমা নিৰ্ধাৰণ কৰা থাকে(নিম্নতম বয়স ৮০, ৮৫, ৯০, ৯৫ আৰু ১০০ বছৰ) আৰু বয়সৰ সৈতে অতিৰিক্ত ধনৰাশিৰ পৰিমাণ(পেঞ্চন বা পাৰিবাৰিক পেঞ্চন ২০ শতাংশৰ পৰা ১০০ শতাংশলৈ) বৃদ্ধি হয় । যোৱা ৮ ডিচেম্বৰত বিধেয়কখন লোকসভাত গৃহীত হৈছে ।

লগতে পঢ়ক: জমাকৰ্তাসকলক সকীয়নি ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ শক্তিকান্ত দাসৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.