ETV Bharat / bharat

Nehru Memorial Museum and Library : নাম সলনি ৰাজনীতিক লৈ প্ৰধানমন্ত্ৰী মোদীক সমালোচনা কংগ্ৰেছৰ - Centre decision of NMML name change

নেহৰু স্মাৰক সংগ্ৰহালয় আৰু পুথিভঁৰালৰ নাম সলনিক লৈ ৰাজনীতি আৰম্ভ । নাম সলনিৰ সিদ্ধান্তক তীব্ৰ সমালোচনা কংগ্ৰেছৰ । জয়ৰাম ৰমেশৰ মতে মোদী সংকীৰ্ণতা আৰু প্ৰতিশোধৰ আন এটা নাম ।

Nehru Memorial Museum and Library
নাম সলনি ৰাজনীতিক লৈ প্ৰধানমন্ত্ৰী মোদীক সমালোচনা কংগ্ৰেছৰ
author img

By

Published : Jun 16, 2023, 4:40 PM IST

নেশ্যনেল ডেস্ক,১৬ জুন : নতুন দিল্লীস্থিত নেহৰু স্মাৰক সংগ্ৰহালয় আৰু পুথিভঁৰালৰ নাম সলনি হ'ব । নাম সলনি কৰি প্ৰধানমন্ত্ৰী সংগ্ৰহালয় আৰু চ'ছাইটী ৰখাৰ সিদ্ধান্ত লৈছে কেন্দ্ৰীয় চৰকাৰে । চৰকাৰৰ এই সিদ্ধান্তৰ পাছতে বিৰোধী ক্ষোভিত হৈ পৰিছে । নেহৰু স্মাৰক সংগ্ৰহালয় আৰু পুথিভঁৰালৰ নাম সলনি কৰাৰ কেন্দ্ৰৰ সিদ্ধান্তক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তীব্ৰ সমালোচনা কৰে কংগ্ৰেছে ।

কেন্দ্ৰক সমালোচনা কৰি জ্যেষ্ঠ নেতা তথা কংগ্ৰেছৰ মুখপাত্ৰ জয়ৰাম ৰমেশে টুইট কৰি কয় যে মোদী সংকীৰ্ণতা আৰু প্ৰতিশোধৰ আন এটা নাম । প্ৰায় ৫৯ বছৰ পুৰণি নেহৰু স্মাৰক সংগ্ৰহালয় আৰু পুথিভঁৰাল হৈছে বিশ্বৰ অন্যতম বৌদ্ধিক লেণ্ডমাৰ্ক আৰু গ্ৰন্থ আৰু আৰ্কাইভৰ ভাণ্ডাৰ । তেওঁ প্ৰশ্ন কৰা মতে প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতীয় ৰাষ্ট্ৰ-ৰাজ্যৰ স্থপতিবিদৰ নাম আৰু উত্তৰাধিকাৰ বিকৃত, অৱমাননা আৰু ধ্বংস কৰিবলৈ কি নকৰে ? প্ৰধানমন্ত্ৰী এজন স্বঘোষিত বিশ্বগুৰু হৈ পৰিছে বুলি দাবী কৰে কংগ্ৰেছ নেতাগৰাকীয়ে ।

  • संकीर्णता और प्रतिशोध का दूसरा नाम मोदी है। 59 वर्षों से अधिक समय से नेहरू स्मारक संग्रहालय और पुस्तकालय एक वैश्विक बौद्धिक ऐतिहासिक स्थल और पुस्तकों एवं अभिलेखों का ख़ज़ाना घर रहा है। अब से इसे प्रधानमंत्री म्यूजियम और सोसायटी कहा जाएगा। पीएम मोदी भारतीय राष्ट्र-राज्य के…

    — Jairam Ramesh (@Jairam_Ramesh) June 16, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

নেহৰু স্মাৰক সংগ্ৰহালয় আৰু পুথিভঁৰালৰ এখন বিশেষ সভাৰ পাছতে নামটো সলনি কৰাৰ সিদ্ধান্তত অনুমোদন জনোৱা হৈছিল । চ'ছাইটীৰ বিশেষ বৈঠকত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সভাপতিত্ব কৰে । ৰাজনাথ সিং চ'ছাইটীৰ উপ-সভাপতিও । কাৰ্যবাহী পৰিষদৰ সদস্য সূৰ্য প্ৰকাশে কয় যে চ'ছাইটীৰ সাধাৰণ সংস্থাৰ দ্বাৰা প্ৰস্তাৱটো গৃহীত হয় । গণতন্ত্ৰৰ প্ৰতি প্ৰতিশ্ৰুতিৰ পুনৰাবৃত্তি হিচাপে এই পদক্ষেপ লোৱা হৈছে বুলি তেওঁ উল্লেখ কৰে ।

তেওঁ কোৱা মতে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে তেওঁৰ ভাষণত নাম সলনি কৰাৰ প্ৰস্তাৱক আদৰণি জনাইছে । কিয়নো এই নতুন ৰূপত প্ৰতিষ্ঠানটোৱে জৱাহৰলাল নেহৰুৰ পৰা নৰেন্দ্ৰ মোদীলৈকে সকলো প্ৰধানমন্ত্ৰীৰ অৱদান আৰু প্ৰতিক্ৰিয়া প্ৰদৰ্শন কৰিব ।

উল্লেখ্য যে ২০১৬ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ত্ৰিমূৰ্তি কমপ্লেক্সত ভাৰতৰ সকলো প্ৰধানমন্ত্ৰীক উৎসৰ্গিত এক সংগ্ৰহালয় স্থাপনৰ ধাৰণা প্ৰস্তাৱ কৰিছিল । প্ৰধানমন্ত্ৰীৰ সংগ্ৰহালয়টো যোৱা বছৰৰ ২১ এপ্ৰিলত ৰাইজৰ বাবে মুকলি কৰা হৈছিল । আমোদজনক ভাৱে, চৰকাৰৰ পৰা নিমন্ত্ৰণ পোৱা স্বত্বেও নেহৰু-গান্ধী পৰিয়ালৰ কোনো সদস্যই উদ্বোধনী অনুষ্ঠানত উপস্থিত নাছিল । পণ্ডিত জৱাহৰলাল নেহৰু, ইন্দিৰা গান্ধী আৰু ৰাজীৱ গান্ধীকে ধৰি নেহৰু-গান্ধী পৰিয়ালৰ তিনিগৰাকী সদস্যই ভাৰতীয় প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছে ।

লগতে পঢ়ক :Balasore Trian accident : চিকিৎসাধীন আৰু এজনৰ মৃত্যু, মৃতকৰ সংখ্যা ২৯০ লৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.