ETV Bharat / bharat

ঘোষণা হ’ল CBSE ৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফলৰ তাৰিখ - সান্যাম ভৰদ্বাজৰ মন্তব্য

CBSE ব’ৰ্ডৰ পৰীক্ষা নিয়ন্ত্ৰক সান্যাম ভৰদ্বাজে (Sanyam Bhardwaj) জনোৱা মতে, কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ(CBSE)য়ে আগন্তুক 20 জুলাইৰ ভিতৰত দশম শ্ৰেণীৰ পৰীক্ষা ফলাফল আৰু 31 জুলাইৰ ভিতৰত দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰিবলৈ প্ৰচেষ্টা চলাই আছে ।

cbse to declare result date
cbse পৰীক্ষাৰ ফলাফলৰ তাৰিখ ঘোষণা
author img

By

Published : Jun 17, 2021, 9:35 PM IST

নেশ্যনেল ডেস্ক,17 জুন : আগন্তুক 20 জুলাইৰ ভিতৰত চিবিএছই(CBSE)ৰ দশম শ্ৰেণীৰ পৰীক্ষা ফলাফল আৰু 31 জুলাইৰ ভিতৰত দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’ব ৷ বৃহস্পতিবাৰে এই কথা ঘোষণা কৰে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে (CBSE) ৷ ইতিমধ্যে দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ বাবে গ্ৰেড/নম্বৰ প্ৰদানৰ ক্ষেত্ৰত মূল্যাংকন চৰ্ত উচ্চতম ন্যায়ালয় (Supreme Court)ত দাখিল কৰিছে ব’ৰ্ডে ৷

দশম আৰু দ্বাদশ শ্ৰেণীৰ বাবে পৰীক্ষাত 5 খন কাকতৰ পৰা সৰ্বোচ্চ তিনিখন কাকতৰ নম্বৰ বিবেচনা কৰা হ’ব । সংবাদ মাধ্যমৰ সৈতে হোৱা এক বাৰ্তালাপত ব’ৰ্ডৰ পৰীক্ষা নিয়ন্ত্ৰক সান্যাম ভৰদ্বাজে (Sanyam Bhardwaj) কয় যে, ব’ৰ্ডৰ প্ৰচেষ্টা অনুসৰি দশম শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল আগন্তুক 20 জুলাইৰ ভিতৰত ঘোষণা কৰা হ’ব আৰু ৩১ জুলাইৰ ভিতৰত দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’ব ৷ যাতে বিদেশত অধ্যয়নৰ বাবে যাবলৈ বিচৰা শিক্ষাৰ্থীসকলৰ কোনো অসুবিধা নহয় ৷

উচ্চতম ন্যায়ালয়ত দাখিল কৰা মূল্যাংকনৰ চৰ্তবোৰ বৰ্ণনা কৰি পৰীক্ষা নিয়ন্ত্ৰকে সংবাদ মাধ্যমৰ আগত কয় যে, পৰীক্ষা অনুষ্ঠিত নকৰাকৈ ফলাফল ঘোষণা কৰিব লগাতো ব’ৰ্ডৰ বাবে এক প্ৰত্যাহ্বানস্বৰূপ । এই ক্ষেত্ৰত এখন সমিতি গঠন কৰা হৈছে । লগতে তেওঁ কয় যে, যদি শিক্ষাৰ্থীসকলে ফলাফলত সন্তুষ্ট নহয় তেন্তে পৰিস্থিতিয়ে পৰীক্ষা অনুষ্ঠিত কৰাৰ অনুমতি দিলে শিক্ষাৰ্থীসকলে নিজ নিজ পৰীক্ষা হলত গৈ পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰিব ৷ শিক্ষাৰ্থীসকলে ফলাফলক লৈ কোনো চিন্তা কৰাৰ প্ৰয়োজন নাই ৷ লগতে শিক্ষাৰ্থীসকল কোনো ক্ষতিৰ সন্মুখীন নহ’ব বুলি মন্তব্য কৰে পৰীক্ষা নিয়ন্ত্ৰক সান্যাম ভৰদ্বাজে ৷

লগতে পঢ়ক : উচ্চতম ন্যায়ালয়ত দ্বাদশ শ্ৰেণীৰ মূল্যায়ন প্ৰণালী দাখিল কৰিব CBSE য়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.