ETV Bharat / bharat

CBSEৰ দশম শ্ৰেণীৰ ফলাফল: ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা লিংকক 'ভুৱা' আখ্যা ব'ৰ্ডৰ - পৰিষদৰ অফিচিয়েল ৱেবছাইট

CBSEৰ দশম শ্ৰেণীৰ ফলাফল সম্পৰ্কীয় লিংক এতিয়াও ঘোষণা কৰা হোৱা নাই । ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা দশম শ্ৰেণীৰ ফলাফল সম্পৰ্কীয় লিংক ভুৱা । এই কথা স্পষ্ট কৰি দিলে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে ।

CBSE terms social media link of Class 10th results as 'fake'
ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা লিংকক 'ভুৱা' আখ্যা কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ
author img

By

Published : Jul 23, 2021, 9:15 PM IST

নেশ্যনেল ডেস্ক, ২৩ জুলাই : কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ (Central Board of Secondary Education)ৰ দশম শ্ৰেণীৰ ফলাফলক লৈ ছাত্ৰ-ছাত্ৰীৰ মাজত উৎকণ্ঠা অব্যাহত থকাৰ মাজতে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে এটা লিংক । একাংশই এই লিংকটো ভাইৰেল কৰি দাবী কৰিছে যে, এই লিংকটো দশম শ্ৰেণীৰ ফলাফল সম্পৰ্কীয় লিংক । ইয়াৰ পাছতে পৰীক্ষাৰ্থীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । কিন্তু সকলো বিতৰ্কৰ ওৰ পেলাই শুকুৰবাৰে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে (Central Board of Secondary Education) স্পষ্ট কৰি দিয়ে যে, ২০২১ বৰ্ষৰ CBSEৰ দশম শ্ৰেণীৰ ফলাফল সম্পৰ্কীয় কোনো ধৰণৰ লিংক এতিয়ালৈকে ঘোষণা কৰা হোৱা নাই ।

CBSE
CBSE

ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা দশম শ্ৰেণীৰ ফলাফল সম্পৰ্কীয় এই লিংকটো ভুৱা । কিয়নো, পৰিষদে বৰ্তমানেও দশম শ্ৰেণীৰ ফলাফল ঘোষণা কৰা নাই । আনকি ফলাফল কেতিয়া ঘোষণা কৰা হ'ব তাৰ বাবে নিৰ্দিষ্ট দিনো নিৰ্ধাৰণ কৰি দিয়া নাই । দশম শ্ৰেণীৰ ব'ৰ্ড পৰীক্ষাৰ ফলাফল সম্পৰ্কীয় যিকোনো তথ্যৰ বাবে পৰিষদৰ অফিচিয়েল ৱেবছাইটৰ ওপৰত নিৰ্ভৰ কৰিবলৈ শিক্ষাৰ্থীসকলক আহ্বান জনাইছে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে (Central Board of Secondary Education)।

লক্ষণীয়ভাৱে, ক'ভিড-১৯ মহামাৰীৰ সংক্ৰমণ অব্য়াহত থকা বাবে শিক্ষাৰ্থীসকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি চলিত বৰ্ষত CBSEৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ ব'ৰ্ড পৰীক্ষা বাতিল কৰা হৈছিল । পৰিষদে পৰীক্ষাৰ ফলাফল প্ৰস্তুত কৰিবলৈ এক বিশেষ মূল্যাংকন নীতিৰ বিষয়ে ঘোষণা কৰে । পৰিষদে জনোৱা মতে, দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ৩১ জুলাইৰ ভিতৰত ঘোষণা কৰা হ'ব আৰু দশম শ্ৰেণীৰ ফলাফলো শীঘ্ৰেই ঘোষণা কৰা হ'ব ।

CBSE terms social media link of Class 10th results as 'fake'
ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা লিংকক 'ভুৱা' আখ্যা কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ

পূৰ্বে দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ২২ জুলাইত ঘোষণাৰ কৰাৰ কথা আছিল ৷ আনহাতে, কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ পৰীক্ষা নিয়ন্ত্ৰক সন্যাম ভৰদ্বাজে বুধবাৰে প্ৰকাশ কৰা মতে, শিক্ষকসকলে পৰীক্ষাৰ ফলাফল প্ৰক্ৰিয়াক লৈ ভুল হোৱাৰ আশংকা কৰিছে ৷ কোনো খেলি-মেলিৰ সৃষ্টি নোহোৱাকৈ যাতে ফলাফল ঘোষণা কৰিব পাৰি তাৰ বাবে ফলাফল যুগুত কৰা প্ৰক্ৰিয়াটো অধিক গুৰুত্বসহকাৰে নিৰীক্ষণ কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে । আনহাতে, বাৰে বাৰে ফলাফল ঘোষণাৰ দিন পিছুৱাই দিয়াৰ বাবে অনিশ্চয়তাত ভূগিছে পৰীক্ষাৰ্থীসকলে ।

লগতে পঢ়ক:জম্মু-কাশ্মীৰত বিস্ফোৰক ভৰ্তি ড্ৰোণ ধ্বংস কৰিলে আৰক্ষীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.