ETV Bharat / bharat

CBI Summons KCRs daughter: দিল্লীৰ আবকাৰী কেলেংকাৰী গোচৰত কেচিআৰৰ জীয়াৰীক চমন চিবিআইৰ

দিল্লীৰ আবকাৰী নীতি কেলেংকাৰীৰ তদন্ত কৰি থকা কেন্দ্ৰীয় অনুসন্ধান ব্যুৰোৱে (CBI) শুকুৰবাৰে তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ কন্যা আৰু টিআৰএছৰ এমএলচি কে কবিতাক ৬ ডিচেম্বৰত গোচৰটো সন্দৰ্ভত সোধা-পোছাৰ বাবে জাননী জাৰি কৰিছে (CBI summons KCR daughter Kavitha) ।

author img

By

Published : Dec 3, 2022, 2:59 PM IST

Kavitha
Kavitha

নিউজ ডেস্ক, ৩ ডিচেম্বৰ : দিল্লীৰ আবকাৰী নীতি কেলেংকাৰীৰ (Delhi excise policy scam) তদন্ত কৰি থকা কেন্দ্ৰীয় অনুসন্ধান ব্যুৰোৱে (Central Bureau of Investigation, CBI শুকুৰবাৰে মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ কন্যা আৰু টিআৰএছৰ এমএলচি কে কবিতাক ৬ ডিচেম্বৰত গোচৰটো সন্দৰ্ভত সোধা-পোছাৰ বাবে জাননী জাৰি কৰিছে (CBI summons KCR daughter Kavitha) ।

কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে চিআৰপিচিৰ ধাৰা ১৬০-ৰ (Section 160 of CrPC) অধীনত জাননী জাৰি কৰিছে আৰু সেইদিনা পুৱা ১১ বজাত সোধা-পোছাৰ বাবে তেওঁৰ সুবিধা অনুসৰি তেওঁৰ ঘৰত স্থান নিৰ্ধাৰণ কৰিবলৈ কৈছে । আনহাতে, কবিতাই এক বিবৃতিত কৈছিল যে তেওঁ কৰ্তৃপক্ষক জনাইছিল যে তেওঁলোকে তেওঁক হায়দৰাবাদৰ বাসস্থানত লগ কৰিব পাৰে । "ওপৰত উল্লেখ কৰা বিষয়টোৰ অনুসন্ধানৰ সময়ত, কিছুমান তথ্য উদ্ঘাটন হৈছে যাৰ সৈতে আপুনি (কবিতা) পৰিচিত হ'ব পাৰে । সেয়েহে তদন্তৰ স্বাৰ্থত এনে তথ্যৰ ওপৰত আপোনাৰ সোধা-পোছাৰ প্ৰয়োজন ।" চিবিআয়ে জাননীখনত এনেদৰে কয় (Telangana CM K Chandrasekhar Rao)।

"সেয়েহে উপৰোক্ত গোচৰটোৰ অনুসন্ধানৰ সন্দৰ্ভত 6-12-2022 তাৰিখে দিনৰ 11 বজাত আপোনাৰ সোধা-পোছাৰ বাবে আপোনাৰ সুবিধা অনুসৰি বাসস্থান (হায়দৰাবাদ বা সম্ভৱত দিল্লী) অৱগত কৰিবলৈ অনুৰোধ কৰা হৈছে ।" জাননীখনত এই কথাও লিখা হৈছে । উল্লেখ্য যে উক্ত জাননীখন দুৰ্নীতিবিৰোধী ব্যুৰো (Anti Corruption Bureau) শাখাৰ ডিএছপি আলোক কুমাৰ শ্বাহীয়ে জাৰি কৰিছে । কেলেংকাৰীটোত দিল্লীৰ এখন আদালতত প্ৰৱৰ্তন সঞ্চালকালয়ে (Enforcement Directorate) দাখিল কৰা জিম্মা প্ৰতিবেদনত (remand report) তেওঁৰ নাম উত্থাপিত হোৱাৰ পিছত কবিতাই কৈছিল যে তেওঁ যিকোনো তদন্তৰ সন্মুখীন হ'বলৈ সাজু ।

"মোৰ স্পষ্টীকৰণ বিচাৰি চিআৰপিচিৰ ধাৰা 160-ৰ অধীনত মোক চিবিআই জাননী জাৰি কৰা হৈছে । মই কৰ্তৃপক্ষক জনাইছোঁ যে মই তেওঁলোকৰ অনুৰোধ অনুসৰি ৬ ডিচেম্বৰত হায়দৰাবাদত থকা মোৰ বাসগৃহত তেওঁলোকক লগ কৰিব পাৰোঁ ।" চিবিআইৰ জাননী পোৱাৰ পিছত তেওঁ কয় ।

প্ৰণিধানযোগ্য যে চিবিআয়ে ২৫ নৱেম্বৰত দিল্লীৰ আবকাৰী নীতি কেলেংকাৰী গোচৰত সাতজন অভিযুক্তৰ বিৰুদ্ধে প্ৰথম অভিযোগ-পত্ৰ দাখিল কৰিছিল । এতিয়ালৈকে কৰা তদন্ত অনুসৰি, বিজয় নায়াৰে আপৰ নেতাসকলৰ হৈ অমিত অৰোৰাকে ধৰি বিভিন্ন ব্যক্তিৰ দ্বাৰা দক্ষিণ গ্ৰুপ নামৰ এটা গ্ৰুপৰ পৰা (শৰৎ ৰেড্ডী, কে কবিতা, মগুণ্টা শ্ৰীনিবাসলু ৰেড্ডীৰ দ্বাৰা নিয়ন্ত্ৰিত) কমেও 100 কোটি টকা উপঢৌকন লাভ কৰিছে ।" ইডিয়ে (ED) দিল্লীৰ এজন অভিযুক্ত অমিত অৰোৰা সন্দৰ্ভত আদালতত দাখিল কৰা জিম্মা প্ৰতিবেদনত এই কথা কৈছে ।

ইডিয়ে কয় যে অৰোৰাই তেওঁৰ বিবৃতি ৰেকৰ্ডিঙৰ সময়ত উপৰোক্ত কথাবোৰ প্ৰকাশ কৰিছিল । বিষয়াসকলে কবিতাক তেলেংগানাৰ মুখ্যমন্ত্ৰী কেচি ৰাওৰ কন্যা হিচাপে চিনাক্ত কৰে । আনহাতে, টিআৰএছ এমএলচিগৰাকীয়ে (TRS MLC Kavitha) বৃহস্পতিবাৰে কয় যে তেওঁ আৰু তেওঁৰ দলৰ নেতাসকল যিকোনো তদন্তৰ সন্মুখীন হ'বলৈ সাজু । "আমি কওঁ যে আমি যিকোনো ধৰণৰ তদন্তৰ সন্মুখীন হ'ম । যদি সংস্থাবোৰে আমাক প্ৰশ্ন সুধিবলৈ আহে, আমি নিশ্চিতভাৱে উত্তৰ দিম । কিন্তু সংবাদ মাধ্যমক নিৰ্বাচিত অংশ দি নেতাসকলৰ ছবি কলুষিত কৰিলে, মানুহে ইয়াক খণ্ডন কৰিব ।" কবিতাই হায়দৰাবাদত এনেদৰে কয় ।

লগতে পঢ়ক :Badaruddin Ajmal Statement: আজমলৰ বিৰুদ্ধে তদন্ত কৰক মুখ্যমন্ত্ৰীয়ে: দেবব্ৰত শইকীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.