নেশ্যনেল ডেস্ক, 16 অক্টোবৰ: কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো (চিবিআই) (Central Bureau of Investigation) য়ে 17 টাকৈ বেংকক প্ৰবঞ্চনাৰ গোচৰত দেৱান হাউচিং ফাইনেন্স কৰ্পোৰেচন লিমিটেডৰ (ডিএইচএফএল)প্ৰাক্তন চি এম ডি কপিল ৱাধবানৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰে (CBI filed charge sheet against Kapil Wadhawan)৷
দিল্লীৰ ৰাউজ এভিনিউ আদালতত প্ৰাক্তন চিএমডি কপিল ৱাধাৱান, ডিএইচএফএলৰ প্ৰাক্তন তদানীন্তন সঞ্চালক ধীৰাজ ৱাধাৱান আৰু আন 17 জনৰ বিৰুদ্ধে বেংক জালিয়াতি কৰাৰ গোচৰত অভিযোগ দাখিল কৰা হৈছিল (Defrauding consortium of 17 banks)৷
এই ঘটনাক দেশৰ ভিতৰত সৰ্ববৃহৎ বেংক জালিয়াতি বুলি অভিহিত কৰা হৈছিল ৷ 2010 চনত প্ৰতিষ্ঠানটোৰ প্ৰাক্তন চিএমডি কপিল ৱাধাবান আৰু আন 17 গৰাকী লোকে বেংকসমূহত 42,871 কোটি টকাৰ লোণ আবেদন কৰিছিল ৷ ঋণ মঞ্জুৰ হোৱাৰ পিছতে ডিএইচএফএলে ভুৱা হিচাপ দি সেই পুঁজিৰ এক গুৰুত্বপূৰ্ণ অংশ আত্মসাৎ কৰিছিল ৷ লগতে অবৈধ উপায়েৰে বেংকৰ বৈধ প্ৰাপ্য পৰিশোধত অগ্ৰাহ্য কৰিছিল ৷ ইয়াৰ ফলত বেংকে 34,615 কোটি টকাৰ লোকচানৰ সন্মুখীন হৈছিল ৷
ইয়াৰ পিছতে চিবিআইয়ে 19 জুলাইত কোটি কোটি টকাৰ বেংক ঋণ জালিয়াতিৰ গোচৰত দুই ভাতৃক গ্ৰেপ্তাৰ কৰিছিল ৷ ইউনিয়ন বেংক অফ ইণ্ডিয়াসহ 17 টা বেংকে প্ৰতিষ্ঠানটোৰ লগতে ৱাধবানৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল ৷ অভিযোগপত্ৰখনত সংস্থাটোৱে 18 জন ব্যক্তি আৰু 57 টা কোম্পানীয়ে ধনৰ লেনদেন কৰা হৈছিল বুলি কৈছিল ৷
তাৰ পিছতে কপিল ৱাধাৱান আৰু ধিৰাজ ৱাধাৱানে দিল্লীৰ এখন বিশেষ আদালতত জামিনৰ বাবে আবেদন দাখিল কৰিছিল ৷ ‘‘২০২০-২১ চনত কে পি এম জিয়ে ডিএইচএফএল ঋণ একাউণ্টৰ এক ফৰেনছিক অডিটত প্ৰকাশ পাইছে যে ঋণ গ্ৰহণকাৰী প্ৰতিষ্ঠানটোৱে ডিএইচএফএল প্ৰমোটাৰ এণ্টিটিসমূহৰ সৈতে সামঞ্জস্য থকা কেইবাটাও আন্তঃসংযোগী সত্তা আৰু ব্যক্তিক বৃহৎ পৰিমাণৰ ধন ঋণ আৰু অগ্ৰিম ধন প্ৰদান কৰিছিল ৷" ইউ বি আইৰ অভিযোগত উল্লেখ কৰিছিল এই বিস্ফোৰক তথ্য ৷
এই মাহৰ আৰম্ভণিতে দিল্লীৰ এখন আদালতে ডিএইচএফএলৰ প্ৰাক্তন প্ৰচাৰক, কপিল ৱাধাৱান আৰু তেওঁৰ ভাতৃ ধীৰাজৰ আইনী জামিন আবেদন খাৰিজ কৰিছিল ৷ বিশেষ ন্যায়াধীশ বিশাল গোগনে(Special Judge Vishal Gogne) কোৱা অনুসৰি তদন্তত বৰ্তমানৰ অভিযোগপত্ৰ দাখিল কৰা ধাৰা ১৬৭(২)(ক)(আই) চি আৰ পিচিৰ দ্বাৰা নিয়ন্ত্ৰিত হ'ব ৷
লগতে পঢ়ক: Bank Fails to Pay Consumer : ৫০০ টকাৰ বিপৰীতে বেংকে ভৰিলে লাখ টকাৰ ক্ষতিপূৰণ