ETV Bharat / bharat

Viveka murder case: বিবেকানন্দ হত্যাকাণ্ডৰ নতুন তথ্য প্ৰকাশ CBI ৰ - Jagan Reddy cancels tours

বিবেকানন্দ ৰেড্ডীৰ হত্যাকাণ্ডত ভাস্কৰ ৰেড্ডী আৰু উদয়কুমাৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা বুলি প্ৰকাশ কৰে CBI য়ে(Pulivendula murder case) । দুয়োগৰাকীয়ে বিবেকানন্দ ৰেড্ডীৰ হত্যাকাণ্ডক গাপ দিবলৈ প্ৰমাণ ধ্বংস কৰিছিল বুলি উল্লেখ কৰে CBI য়ে । দুয়োগৰাকী CBI য়ে জিম্মাত বিচাৰি আদালতত আৱেদন কৰাৰ সময়ত প্ৰকাশ কৰে এই তথ্য ।

Pulivendula murder case
বিবেকা হত্যাকাণ্ডৰ নতুন তথ্য প্ৰকাশ CBI ৰ
author img

By

Published : Apr 18, 2023, 4:38 PM IST

নেশ্যনেল ডেস্ক, ১৮ এপ্ৰিল: বিবেকানন্দ ৰেড্ডী হত্যাকাণ্ডৰ সন্দৰ ন ন তথ্য ফাদিল হৈছে প্ৰতিদিনে । চিবিআইয়ে সোমবাৰে হায়দৰাবাদৰ আদালতক জনাই যে, অভিযুক্ত ৱাই এছ ভাস্কৰ ৰেড্ডী আৰু উদয়কুমাৰ ৰেড্ডীয়ে বিবেকানন্দ ৰেড্ডী হত্যাৰ ষড়যন্ত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । চিবিআইয়ে প্ৰকাশ কৰে যে, এই দুই অভিযুক্তই প্ৰমাণধ্বংস কৰিছিল আৰু বিবেকা হত্যাক ঢাকিবলৈ চেষ্টা কৰিছিল আৰু সকলোকে বিশ্বাস কৰাইছিল যে এয়া এক স্বাভাৱিক মৃত্যু আছিল (Bhaskar Reddy key conspirator)। ভাস্কৰ ৰেড্ডী আৰু উদয়কুমাৰ ৰেড্ডীক চিবিআইয়ে জিম্মাত বিচাৰি আৱেদন কৰাৰ সময়ত উত্থাপন কৰে এই অভিযোগ ।

চিবিআইৰ মুখ্য আদালতৰ ন্যায়াধীশ চি এইচ ৰমেশ বাবুয়ে সোমবাৰে চিবিআইৰ দ্বাৰা দাখিল কৰা আবেদনৰ শুনানি লৈছিল আৰু ৰায়দান মঙলবাৰ পৰ্যন্ত স্থগিত ৰাখিছিল । জিম্মাৰ আৱেদনত, চিবিআইৰ পৰামৰ্শদাতাই যুক্তি দিছিল যে, বিবেকা ২০১৭ ৰ এমএলচি নিৰ্বাচনত পৰাজিত হৈছিল । ভাস্কৰ ৰেড্ডীয়ে আন এজন অভিযুক্ত শিৱশংকৰ ৰেড্ডীৰ সৈতে তেওঁক পৰাভূত কৰিবলৈ কাম কৰিছিল । বিবেকানন্দই এই তথ্যৰ উমান পোৱাৰ পাচতে ক্ষোভিত হৈ উঠিছিল । বিবেকানন্দক ৰাজনীতিৰ পৰা আঁতৰাবলৈ কৰা প্ৰচেষ্টাৰ অংশ আছিল এই ষড়যন্ত্ৰ । ষড়যন্ত্ৰত এই দুই অভিযুক্তই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল বুলি দস্তাগিৰিয়ে সাক্ষ্য প্ৰদান কৰিছিল (Pulivendula murder case) ।

চিবিআইয়ে আদালতক কয় যে, অভিযুক্ত অনুমোদনকাৰী দস্তাগিৰিয়ে দাবী কৰিছিল যে গংগি ৰেড্ডীয়ে তেওঁক কৈছিল শিৱশংকৰ ৰেড্ডী আৰু আনসকলে বিবেকানন্দক হত্যাৰ বিনিময়ত ৪০ কোটি টকা দিছিল । অবিনাশ ৰেড্ডী, শিৱশংকৰ ৰেড্ডী আৰু উদয়কুমাৰ ৰেড্ডীয়ে হৃদৰোগত আক্ৰান্ত হৈ তেজ বমি কৰাৰ পিচত বিবেকানন্দৰ মৃত্যু হোৱা বুলি ভুল তথ্য প্ৰকাশ কৰা বুলি দস্তাগিৰিয়ে প্ৰকাশ কৰাৰ কথা CBI য়ে আদালতত জ্ঞাত কৰিছিল (CBI custody petitions for Bhaskar Reddy) ।

CBI য়ে আদালতক জনোৱা অনুসৰি উদয়কুমাৰ ৰেড্ডীয়ে ইতিমধ্যে হত্যাৰ বিষয়ে জানিছিল ৷ তেওঁৰ মাতৃয়ে কৈছিল যে, তেওঁ হত্যকাণ্ড সংঘটিত হোৱাৰ দিনা পুৱা ৪ বজাত বাহিৰলৈ গৈছিল । দেখা গৈছিল যে, উদয়কুমাৰ ৰেড্ডী পুৱা ৩.৩৫ বজাত বাহিৰলৈ গৈছিল আৰু বিবেকানন্দ হত্যাকাণ্ডৰ দিনা পুৱা ৪.০১ বজাত পুলিভেণ্ডুলালৈ উভতি আহিছিল ।

উদয়কুমাৰ ৰেড্ডীয়ে ইচি গাংগি ৰেড্ডী চিকিৎসালয়ত কম্পাউণ্ডাৰ হিচাপে কাম কৰি থকা গজলা জয়প্ৰকাশ ৰেড্ডীক কপাহ আৰু বেণ্ডেজৰ ব্যৱস্থা কৰিবলৈ ফোন কৰিছিল । জয়প্ৰকাশ ৰেড্ডীয়ে বিবেকাক বেণ্ডেজ কৰিছিল আৰু শিৱশংকৰ ৰেড্ডী, ৱাইএছ ভাস্কৰ ৰেড্ডী আৰু এৰা গাংগিৰেড্ডীৰ নিৰ্দেশত আঘাতবোৰ ঢাকি ৰাখিছিল বুলি প্ৰমাণ লাভ কৰাৰ কথাও চিবিআইয়ে আদালতক জানিবলৈ দিয়ে ।

ইয়াৰ পূৰ্বে, অভিযুক্ত ৱাইএছ ভাস্কৰ ৰেড্ডী আৰু উদয়কুমাৰ ৰেড্ডীৰ অধিবক্তাসকলে বিভিন্ন যুক্তি প্ৰদান কৰে আৰু কয় যে, চিবিআইয়ে তেওঁলোকৰ কিছু মক্কেলক লক্ষ্য কৰি তদন্ত অব্যাহত ৰাখিছে । তেওঁলোকে অভিযুক্ত হিচাপে যিয়ে বিচাৰে তেওঁলোকক গ্ৰেপ্তাৰ কৰিছে । এই ঘটনাৰ পম খেদি আন কাৰোবাক গ্ৰেপ্তাৰ কৰা হ'ব বুলি চিন্তা আছে । এই গোচৰটোত অভিযুক্তৰ বিৰুদ্ধে সাক্ষীৰ কোনো উল্লেখ নাই ।

ভাস্কৰ ৰেড্ডী নামৰ এজন ৭৫ বছৰীয়া বৃদ্ধক কেইবাবাৰো সোধা-পোছাৰ বাবে মাতি অনা হৈছিল । অসহযোগৰ অভিযোগৰ বাহিৰে কি প্ৰশ্নৰ উত্তৰ দিয়া হোৱা নাছিল সেয়া স্পষ্ট নহয় । চিবিআইয়ে প্ৰথমে দাখিল কৰা দুখন অভিযোগপত্ৰত ভাস্কৰ ৰেড্ডীৰ নাম উল্লেখ নাছিল । তেওঁলোকে ভাস্কৰ ৰেড্ডীক মিছা প্ৰমাণৰ সৈতে গোচৰটোত জড়িত কৰিবলৈ চেষ্টা কৰি আছে । ভাস্কৰ ৰেড্ডীৰ স্বাস্থ্য ভাল নহয় । তেওঁৰ মেৰুদণ্ডৰ অস্ত্ৰোপচাৰ কৰা হৈছিল বুলি অভিযুক্তৰ অধিবক্তাসকলে যুক্তি দাঙি ধৰে ।

লগতে পঢ়ক: Copper Bottle: চখ হিচাপে তামৰ বটল ক্ৰয় কৰিছে নেকি ? প্ৰথমে জানি লওক ইয়াৰ পানী খোৱাটো কিমান নিৰাপদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.