ETV Bharat / bharat

Ethics Committee recommended Moitras expulsion : মহুৱা মৈত্ৰক বহিষ্কাৰৰ পৰামৰ্শ

author img

By ETV Bharat Assamese Team

Published : Nov 10, 2023, 12:53 PM IST

তৃণমূলৰ সাংসদ মহুৱা মৈত্ৰক লোকসভাৰ নৈতিকতা সমিতিয়ে নিম্ন সদনৰ পৰা বহিষ্কাৰৰ পৰামৰ্শ । নৈতিকতা সমিতিক তীব্ৰ সমালোচনা মৈত্ৰৰ । সমিতিৰ ৬ জনীয়া সদস্যই প্ৰস্তাৱ গ্ৰহণক সমৰ্থন কৰিছে আৰু ৪ জনে ইয়াৰ বিৰোধিতা কৰিছে ।

Ethics Committee recommended Moitras expulsion
মহুৱা মৈত্ৰক বহিষ্কাৰৰ পৰামৰ্শ

নেশ্যনেল ডেস্ক,১০ নৱেম্বৰ : তৃণমূলৰ সাংসদ মহুৱা মৈত্ৰক লোকসভাৰ নৈতিকতা সমিতিয়ে নিম্ন সদনৰ পৰা বহিষ্কাৰৰ পৰামৰ্শ দিছে । অৱশ্যে মহুৱা মৈত্ৰই এই পৰামৰ্শক নাকচ কৰি এয়া 'কেংগাৰু আদালতৰ পূৰ্ব নিৰ্ধাৰিত মেচ' বুলি অভিহিত কৰিছে । লগতে ইয়াক ভাৰতত গণতন্ত্ৰৰ অপমৃত্যু বুলিও উদ্বেগ প্ৰকাশ কৰিছে ।

বিজেপি সাংসদ বিনোদ কুমাৰ সোনকাৰৰ নেতৃত্বত গঠিত সমিতিখনে মহুৱা মৈত্ৰৰ ধনৰ বিনিময়ৰ প্ৰশ্ন গোচৰ সন্দৰ্ভত এখন বৈঠক অনুষ্ঠিত কৰে আৰু সমিতিয়ে ৬:৪ সংখ্যাগৰিষ্ঠাৰ সৈতে এই প্ৰস্তাৱ গ্ৰহণ কৰে । সূত্ৰৰ মতে ৪৭৯ পৃষ্ঠাৰ প্ৰতিবেদনত মৈত্ৰক লোকসভাৰ পৰা বহিষ্কাৰ কৰাৰ পৰামৰ্শ দিয়া হৈছিল । এতিয়া নৈতিকতা সমিতিৰ প্ৰতিবেদন সংসদৰ শীতকালীন অধিবেশনত লোকসভাত উত্থাপন কৰা হ'ব আৰু ইয়াৰ সৈতে জড়িত প্ৰস্তাৱটোৰ ওপৰত ভোটগ্ৰহণ কৰা হ'ব । সোনকাৰে সাংবাদিকক কয় যে সমিতিৰ ৬ জনীয়া সদস্যই প্ৰস্তাৱ গ্ৰহণক সমৰ্থন কৰিছে আৰু ৪ জনে ইয়াৰ বিৰোধিতা কৰিছে ।

সমিতিৰ অধ্যক্ষ বিনোদ সোনকাৰে জনোৱা মতে কংগ্ৰেছৰ সাংসদ প্ৰনীত কৌৰকে ধৰি সমিতিখনৰ ৬ জনীয়া সদস্যই প্ৰতিবেদনখন সমৰ্থন কৰিছিল । তেওঁ কয় যে শুকুৰবাৰে লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ ওচৰত 'বিতং প্ৰতিবেদন' দাখিল কৰিব । সোনকাৰে কোৱা মতে লোকসভাৰ অধ্যক্ষই এই ক্ষেত্ৰত যিকোনো ব্যৱস্থা ল'ব ।

লক্ষণীয়ভাৱে, ৬ জনীয়া সমিতিত পাঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙৰ পত্নী প্ৰনীত কৌৰো আছে যি এতিয়া বিজেপিৰ অংশ । কংগ্ৰেছৰ অনুশাসন সমিতিয়ে এই বছৰৰ ফেব্ৰুৱাৰীত প্ৰনীত কৌৰক দল বিৰোধী কাৰ্যকলাপত জড়িত থকাৰ অভিযোগত নিলম্বন কৰিছিল ।

উল্লেখ্য যে নিশিকান্ত ডুবেয়ে মৈত্ৰৰ বিৰুদ্ধে কৌৰৰ সিদ্ধান্তক সমৰ্থন কৰিছে আৰু কংগ্ৰেছ সাংসদৰ আপোচহীন স্থিতি বুলি অভিহিত কৰিছে । তেওঁৰ মতে পাঞ্জাৱে নিতৌ ভাৰতৰ পৰিচয় আৰু ৰাষ্ট্ৰীয় সুৰক্ষাৰ পক্ষত থিয় দি আহিছে । আজি পুনৰ কেপ্টেইন অমৰিন্দৰ সিং আৰু কংগ্ৰেছ দলৰ সাংসদ প্ৰনীত কৌৰে ৰাষ্ট্ৰীয় সুৰক্ষাৰ বাবে আপোচ নকৰিলে বুলিও তেওঁ প্ৰশংসা কৰে । তেওঁৰ মতে সুস্থ চিন্তাধাৰাৰ ব্যক্তিয়ে মহুৱা মৈত্ৰক সমৰ্থন নকৰে ।

ইফালে প্ৰতিবেদনখনৰ বিৰোধিতা কৰা বিৰোধী সাংসদসকলে সমিতিৰ পৰামৰ্শক পক্ষপাতমূলক আৰু ভুল বুলি অভিহিত কৰিছে । মহুৱা মৈত্ৰই সংবাদ মাধ্যমৰ সন্মুখত দাবী কৰিছে যে তেওঁক বহিষ্কাৰ কৰিলেও অহা নিৰ্বাচনত তেওঁ সংখ্যাগৰিষ্ঠ ভোটত জয়ী হ'ব ।

লগতে পঢ়ক :Abhishek Banerjee supports Mahua Moitra : মহুৱা মৈত্ৰৰ পক্ষত মন্তব্য দলৰ সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.