ETV Bharat / bharat

মণিপুৰ হিংসাত নিহতৰ শেষকৃত্যৰ নিৰ্দেশনা জাৰি উচ্চতম ন্যায়ালয়ৰ - Manipur violence victims bodies issue

উচ্চতম ন্যায়ালয়ে মণিপুৰৰ শৱগৃহত থকা চিনাক্ত কৰা কিন্তু কোনেও দাবী নকৰা ৮৮ টা মৃতদেহসহ সকলো মৃতদেহ সমাধিস্থ বা অন্ত্যেষ্টিক্ৰিয়াৰ নিশ্চয়তা প্ৰদান কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে ।

Manipur violence
মণিপুৰ হিংসাত নিহতৰ শেষকৃত্যৰ নিৰ্দেশনা জাৰি উচ্চতম ন্যায়ালয়ৰ
author img

By ETV Bharat Assamese Team

Published : Nov 29, 2023, 11:10 AM IST

নিউজ ডেস্ক, ২৯ নৱেম্বৰ : উচ্চতম ন্যায়ালয়ে মণিপুৰ হিংসাত নিহত যিসকলৰ মৃতদেহ এতিয়াও শৱগৃহত আছে সেইবোৰৰ শেষকৃত্যৰ নিৰ্দেশ জাৰি কৰিছে । মঙলবাৰে দেশৰ শীৰ্ষ ন্য়ায়ালয়ে মণিপুৰৰ শৱগৃহত থকা ইতিমধ্যে চিনাক্ত কৰা কিন্তু কোনেও দাবী নকৰা ৮৮ টা মৃতদেহকে ধৰি আন সকলো মৃতদেহ সমাধিস্থ বা অন্ত্যেষ্টিক্ৰিয়া নিশ্চিত কৰিবলৈ নিৰ্দেশনা জাৰি কৰে । আবেদনকাৰীৰ এগৰাকী অধিবক্তাই এই ক্ষেত্ৰত বাৰে বাৰে বাধা দিয়াৰ পিছত শীৰ্ষ ন্যায়ালয়ে মন্তব্য কৰে যে ন্যায়ালয়ে মৃতদেহৰ ক্ষেত্ৰত 'পৰিস্থিতি উত্তপ্ত কৰি ৰখাৰ' প্ৰচেষ্টাৰ অনুমতি নিদিয়ে ।

এগৰাকী আবেদনকাৰীক প্ৰতিনিধিত্ব কৰা জ্যেষ্ঠ অধিবক্তা কলিন গনছালভেছে দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত তিনিজনীয়া বিচাৰপীঠৰ সন্মুখত এই কথা কয় যে মৃতদেহ সমাধিস্থ কৰাৰ বাবে চৰকাৰে চিনাক্ত কৰা নটা স্থানৰ বিৱৰণ আমি জানিব বিচাৰোঁ । আনহাতে, মণিপুৰ চৰকাৰক প্ৰতিনিধিত্ব কৰা ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই গনছেলভেছক প্ৰশ্ন কৰে, "আমি কোন ?" মেহতাই দাবী কৰে যে চিনাক্ত কৰা মৃতদেহবোৰৰ নিকটাত্মীয়সকলে তেওঁলোকক দাবী কৰিবলৈ ইচ্ছুক, কিন্তু নাগৰিক সমাজ সংগঠনবোৰে সমস্যাৰ সৃষ্টি কৰিছে ।

ইফালে গনছালভেছে কয় যে তেওঁ নিকটাত্মীয়সকলক প্ৰতিনিধিত্ব কৰি আছে । এই ক্ষেত্ৰত মেহতাই কয় যে তেওঁ নিৰ্দিষ্ট স্বাৰ্থ নিহিত সংগঠনবোৰৰ ওপৰত আপত্তি কৰিছে । আনহাতে, বিষয়টো সন্দৰ্ভত মুখ্য ন্যায়াধীশে মৌখিকভাৱে মন্তব্য কৰে যে তেওঁ মৃতদেহৰ শেষকৃত্যৰ বিৰুদ্ধে বাধা প্ৰদানমূলক দৃষ্টিভংগী গ্ৰহণ কৰিব নোৱাৰে । লগতে তেওঁ কয় যে মৃতদেহৰ ওপৰত 'পৰিস্থিতি উত্তপ্ত কৰি ৰাখিবলৈ' চেষ্টা কৰিবলৈ অনুমতি নিদিয়ে । উল্লেখ্য যে শীৰ্ষ ন্যায়ালয়ৰ দ্বাৰা নিযুক্ত এখন সমিতিয়ে জনাইছিল যে শৱগৃহত থকা ১৭৫ টা মৃতদেহৰ ভিতৰত ১৬৯ গৰাকীক চিনাক্ত কৰা হৈছে । ইয়াৰে ৮১ গৰাকীৰ মৃতদেহ দাবী কৰা হৈছে আৰু আন ৮৮ গৰাকীক চিনাক্ত কৰা হৈছে যদিও তেওঁলোকৰ মৃতদেহ কোনেও দাবী কৰা নাই ।

ইফালে আন এগৰাকী আবেদনকাৰীৰ হৈ হাজিৰ হোৱা জ্যেষ্ঠ অধিবক্তা ইন্দিৰা জয়সিঙে বিচাৰপীঠক আহ্বান জনায় যে প্ৰচলিত বা ধৰ্মীয় প্ৰথা অনুসৰি মৃতদেহবোৰ যাতে সসন্মানেৰে সমাধিস্থ কৰা হয় আৰু অপৰাধমূলক বিচাৰত প্ৰমাণ হিচাপে মৃতদেহৰ ডিএনএ নমুনা সংৰক্ষণ কৰিব লাগে । মেহতাই দুয়োটা পৰামৰ্শতে সন্মত হয় আৰু বিচাৰপীঠক অনুৰোধ কৰে যে সংগঠনবোৰে যাতে মৃতদেহবোৰ সমাধিস্থ কৰাত কোনো হস্তক্ষেপ নকৰে ।

ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু মনোজ মিশ্ৰক লৈ গঠিত বিচাৰপীঠখনে এই কথাত গুৰুত্ব দি কয় যে মৃতদেহবোৰ অনিৰ্দিষ্টকালৰ বাবে শৱগৃহত ৰাখিব নোৱাৰি । লগতে আন কোনো পক্ষৰ কোনো হস্তক্ষেপ অবিহনে নটা স্থানৰ যিকোনো এটাত চিনাক্ত আৰু দাবী কৰা মৃতদেহৰ বাবে পৰিয়ালৰ সদস্যসকলে অন্তিম সংস্কাৰ কৰিব পাৰে বুলি নিৰ্দেশ দিয়ে । এনেধৰণৰ কেইবাটাও নিৰ্দেশনা জাৰি কৰাৰ সময়ত বিচাৰপীঠে কয় যে হয় পৰিয়ালবোৰে তেওঁলোকক দাবী কৰিব পাৰে নতুবা ৰাজ্য চৰকাৰে পৌৰ আইন অনুসৰি পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰিব ।

আনহাতে, শীৰ্ষ ন্যায়ালয়ে কয় যে ৰাজ্যিক কৰ্তৃপক্ষই চিনাক্ত কৰা মৃতদেহসমূহৰ যিবোৰ ইতিমধ্যে দাবী কৰা হৈছে সেইবোৰৰ নিকটাত্মীয়ক শেষকৃত্যৰ স্থান সম্পৰ্কে অৱগত কৰিব আৰু এই প্ৰক্ৰিয়াটো ৪ ডিচেম্বৰ বা তাৰ পূৰ্বে সম্পূৰ্ণ কৰিব লাগে ।

লগতে পঢ়ক :উত্তৰকাশী অপাৰেচন 'জিন্দাগী' সফল, আৱদ্ধ শ্ৰমিকক ১ লাখ টকাকৈ সাহায্য প্ৰদানৰ ঘোষণা মুখ্যমন্ত্ৰী ধামীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.