ত্ৰিপুৰা, 1 জুন : ত্ৰিপুৰা আৰক্ষীৰ অন্য এক সফলতা ৷ এক গোপন সূত্ৰৰ পম খেদি ত্ৰিপুৰা আৰক্ষীয়ে লাভ কৰিছিল এক খবৰ ৷ এই খবৰৰ ভিত্তিতেই আৰু চিআৰপিএফ ত্ৰিপুৰা আৰক্ষী আৰু চিআৰপিএফ জোৱানসকলে খোৱাই জিলাৰ বৈজলবাৰী আৰক্ষী চকীৰ সন্মুখত চলাই এক তালাচী অভিযান (Tripura police operation against cannabis) ৷
উল্লেখ্য যে, খোৱাইৰ খণ্ড উন্নয়ন আৰক্ষী বিষয়া ৰাজিব সূত্ৰধাৰ, বৈজলবাৰীৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সুকান্ত দেৱবৰ্মা, খোৱাই আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উদ্যম দেৱবৰ্মা আৰু চিআৰপিএফ 124 বেটেলিয়ন ডি কোম্পানীৰ জোৱানসকলে চলাই এই অভিযান ৷
এই অভিযানতে গেছৰ চিলিণ্ডাৰ কঢ়িয়াই অনা এখন ট্ৰাকৰ পৰা 700 কিলোগ্ৰামতকৈ অধিক গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীৰ দলটোৱে (Tripura police seized huge amuont of cannabis)৷ লগতে আৰক্ষীৰ দলটোৱে গাঞ্জা সৰবৰাহৰ লগত জড়িত থকাৰ অভিযোগত আটক কৰে ট্ৰাকৰ চালকজলক (cannabis peddler arrested in Tripura) ৷ আটকাধীন লোকজনৰ নাম আজাদুৰ ৰেহমান (32) বুলি জানিব পৰা গৈছে ৷
আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি, জব্দকৃত গাঞ্জাখিনিৰ আনুমানিক বজাৰ মূল্য প্ৰায় 3.50 লাখ টকা ৷
লগতে পঢ়ক : ৰাজ্যত সংঘটিত ঈশান উদয় কেলেংকাৰীৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ