ETV Bharat / bharat

Caffeine: কেফেইন আমাৰ স্বাস্থ্যৰ বাবে উপকাৰী নে অপকাৰী ?

author img

By

Published : Nov 8, 2022, 4:57 PM IST

কাঢ়াকৈ চাহ বা কফি একাপ নহ’লে দিনটো আৰম্ভ কৰিব নোখোজা লোকসকলৰ বাবে কেফেইন হৈছে এক প্ৰকাৰৰ নিচা । নিদ্ৰাহীনতাৰ পৰা ৰেহাই পাবলৈ বহু লোকে কেফেইন সেৱন কৰে ৷ কিছুদিন পূৰ্বে ‘নেচাৰ মেডিচিন’ নামৰ কাকতত প্ৰকাশিত এক তথ্যই কেফেইনে জ্বলা-পোৰা হ্রাস কৰিব পৰা এক নতুন ক্ষমতা চিনাক্ত কৰিছে ।

Caffeine is good or bad for our health
কেফেইন আমাৰ স্বাস্থ্যৰ বাবে উপকাৰী নে অপকাৰী ?

কাঢ়াকৈ চাহ বা কফি একাপ নহ’লে দিনটো আৰম্ভ কৰিব নোখোজা লোকসকলৰ বাবে কেফেইন হৈছে এক প্ৰকাৰৰ নিচা । নিদ্ৰাহীনতাৰ পৰা ৰেহাই পাবলৈ বহু লোকে কেফেইন(Caffeine) সেৱন কৰে ৷ কিছুদিন পূৰ্বে ‘নেচাৰ মেডিচিন’ নামৰ কাকতত প্ৰকাশিত এক তথ্যই কেফেইনে জ্বলা-পোৰা হ্রাস কৰিব পৰা এক নতুন ক্ষমতা চিনাক্ত কৰিছে(Caffeine is good or bad for our health)।

কেৱল সেয়াই নহয়, গৱেষণাটোৱে এয়াও বিচাৰি উলিওৱা হৈছে যে, কেফেইনযুক্ত পানীয় দৈনিক সেৱন কৰাৰ ফলত লোক দীর্ঘজীৱী হ’ব পাৰে । নতুন আৱিষ্কাৰসমূহ সন্দৰ্ভত ষ্টেনফ'ৰ্ড বিশ্ববিদ্যালয়ৰ প্ৰবক্তা মাৰ্ক ডেভিডে মন্তব্য কৰিছে যে, ‘বহু লোকে সেৱন কৰা আৰু প্ৰকৃততে সেৱন কৰিবলৈ ভাল পোৱা পানীয়ত সম্ভৱত: কেফেইনৰ প্ৰত্যক্ষ সুফল আমাৰ বাবে অপ্ৰত্যাশিতভাৱে আহিব পাৰে । আমি দেখুৱাব খুজিছো কেফেইন সেৱন কৰি দীৰ্ঘজীৱন লাভ ভালেমান উদাহৰণ । কেফেইন সেৱন আৰু দীৰ্ঘায়ু লাভৰ সম্পর্ক গৱেষণাগাৰৰ পৰীক্ষাত অধিক ভালদৰে দেখুৱাইছো ।

কেফেইনে কেনেকৈ জ্বলা-পোৰা হ্রাস কৰিব পাৰে

গৱেষকসকলে কেফেইন সেৱন আৰু বিষ যন্ত্ৰণা হ্রাস হোৱাৰ মাজত এক সম্পর্ক বিচাৰি পাইছে । গৱেষকসকলে চলোৱা দীর্ঘকালীন এক অধ্যয়নত অংশগ্ৰহণ কৰা ১১৪ জন ব্যক্তিৰ শৰীৰ জিনৰ বিশ্লেষণ কৰিছিল । এই বিশ্লেষণৰ ফলাফলৰ ওপৰত ভিত্তি কৰি তেওঁলোকে জানিব পাৰিলে যে ৬০ ৰ পৰা ৮৯ বছৰ বয়সৰ বয়সীয়াল লোকসকলে উচ্চতৰ পৰ্য্যায়ৰ ‘ইমিউন মলিকিউল’ উৎপন্ন কৰে । মাত্ৰাধিক পৰিমাণে এই মলিকিউলসমূহ থাকিলে হৃদৰোগ আৰু কেঞ্চাৰকে ধৰি বিভিন্ন যন্ত্রণাদায়ক আৰু ৰোগ উৎপত্তি হয় ।

গৱেষকসকলে জ্যেষ্ঠ আৰু প্রাপ্ত বয়স্ক লোকসকলৰ জিন পৰীক্ষা কৰি পালে যে, তেওঁলোকে আনতকৈ যথেষ্ট বেছি ‘ইনফ্লেমেটৰী মলিকিউল’ সৃষ্টি কৰে। যিসকল লোকে একে অণু কমকৈ সৃষ্টি কৰে, তেওঁলোক অধিক স্বাস্থ্যবান বুলি প্রমাণিত হৈছে । তেওঁলোকৰ দীর্ঘজীৱনৰ এক পৰিয়ালগত ইতিহাস থাকে । তেওঁলোকৰ ইয়াৰ লগতে কম মাত্ৰাৰ “এডেনাইন” আৰু “এডেন’ছাইন” (এডেনাইনযুক্ত এক শকৰা অণু) থাকে । এডেনাইন আৰু এডেন’ছাইন দুয়োটাই পূৰ্বতে জ্বলা-পোৰা সৃষ্টি কৰিব পাৰে বুলি জনা গৈছিল ।

যিহেতু গৱেষকসকলে আগতেই বিচাৰি উলিয়াইছিল যে, এডেন’ছাইনৰ প্ৰভাৱ মগজুত থাকে । গৱেষকসকলে প্রশ্নোত্তৰৰ মাধ্যমেৰে জ্যেষ্ঠ আৰু প্রাপ্তবয়ষ্কসকলৰ কেফেইন সেৱনৰ অভ্যাসৰ বিষয়ে পৰীক্ষা কৰিছিল । তেওঁলোকে বিচাৰি পাইছিল যে, কম জ্বলা-পোৰাত ভোগা তুলনামূলকভাৱে অধিক স্বাস্থ্যবান সদস্যসকলে দলৰ আনসকলতকৈ অধিক কেফেইন সেৱন কৰিছিল ।

কফিৰ অন্যান্য সুফলসমূহ

বিষ-যন্ত্রণা হ্রাস কৰাৰ লগতে কফিৰ আন কিছুমান স্বাস্থ্যজনিত উপকাৰিতা আছে(Other benefits of coffee) ৷ বিষ-যন্ত্রণা হ্ৰাস কৰাৰ লগতে কফিয়ে প্রদান কৰা আন আন স্বাস্থ্যজনিত উপকাৰিতাসমূহৰ ভিতৰত আছে-

কফিতে কিছু পৰিমাণে বি-ভিটামিন, খনিজ পদার্থ, পটাছিয়াম আৰু মেংগানিজ থাকে ।

ই যকৃতৰ কৰ্কট ৰোগৰ আশংকা কমায় আৰু লিভাৰ চিৰ'চিছৰ বিৰুদ্ধে সুৰক্ষা প্রদান কৰে ।

কফিয়ে তেজৰ শৰ্কৰা নিয়ন্ত্ৰণত সহায় কৰে ।

কফিয়ে মেটাব’লিজিম উন্নত কৰাত সহায় কৰিব পাৰে ।

কেফেইনে স্মৃতিশক্তি আৰু বুদ্ধি-বৃত্তিৰ বিকাশ ঘটায় ।

চাহৰ উপকাৰিতা

কফিৰ দৰে চাহে এক অত্যন্ত স্বাস্থ্যকৰ পানীয়(Benefits of tea) ৷ ব্লেক-টি ‘এটি অক্সিডেন্ট’ আৰু স্বাস্থ্যৰক্ষাৰ বাবে উপকাৰী হোৱাৰ দৰে ‘গ্ৰীণটি’ হৈছে আপুনি সেৱন কৰিব পৰা আটাইতকৈ স্বাস্থ্যকৰ কেফেইনযুক্ত পানীয় । গ্রীণ-টি সেৱন কৰাৰ কেইটিমান কাৰণ হ’ল-

  • গ্ৰীণ-টিত থকা কেটেচিন নামৰ উপাদানবিধে আপোনাক বিভিন্ন কৰ্কট ৰোগৰ আশংকাৰ পৰা দূৰত ৰাখে ।
  • গ্রীণ-টিয়ে চর্বি ক্ষয়ৰ লগতে স্বাস্থ্যকৰ খাদ্য সেৱন আৰু ব্যায়াম কৰাৰ বাবে অনুপ্রেৰণা দিয়ে ।
  • গ্ৰীণ-টিত পাৱা এণ্টি অক্সিডেন্টসমূহে আপোনাৰ হৃদযন্ত্ৰৰ পেশী সবল কৰি ৰাখি স্বাস্থ্য ৰক্ষাত সহায় কৰে ৷
  • গ্রীণ-টিত পোৱা ‘থিয়ানিন’ নামৰ এক প্রকাৰৰ এমিনো এচিডে আপোনাক মানসিক আৰু দুশ্চিন্তাৰ পৰা মুক্তি দিয়ে ।
  • গ্ৰীণ-টিয়ে আপোনাৰ দাঁত আৰু আলুৰ ৰোগ হোৱাৰ সম্ভাৱনাও হ্রাস কৰে ৷
  • গ্ৰীণ টি খোৱাৰ ফলত আপোনাৰ ৰোগ প্ৰতিৰোধ তন্ত্ৰৰ কাম-কাজ অধিক উন্নত হয় ।

কেফেইনৰ উৎস ভাবি-চিন্তি নির্বাচন কৰক

আপোনাৰ দিনটোৰ সঠিক আৰম্ভণিৰ বাবে এক উৎকৃষ্ট উপায় হৈছে জৈৱিক আৰু ‘ফেয়াৰ ট্রেড কফি’ বা চাহ খোৱা(Choose your source of caffeine wisely) । পিছে আপোনাৰ চাহকাপত কৃত্রিম ক্রীমাৰ বা চেনি মিহলাই নষ্ট নকৰিব । ইয়াত জৈৱিক ক্ৰীম, জৈৱিক কাঠ বাদামৰ গাখীৰ বা জৈৱিক নাৰিকলৰ গাখীৰ মিহলাই ল’ব পাৰে । চেনিৰ বিকল্প হিচাপে চাহ বা কফি কাপত সামান্য মৌ নাইবা ক’ক’নাট ক্রিষ্টেল মিহলাই ল’ব পাৰে ।

যদিহে আপুনি কফি ভাল পায়, তেন্তে ইয়াক সামান্য জৈৱিক ভার্জিন ক’কনাট অয়ল’ৰ সৈতে মিহলাই খোৱাৰ যত্ন কৰিব পাৰে । ভাৰ্জিন নাৰিকলৰ তেল ব্যৱহাৰ কৰাৰ ফলত কফি কাপ যথেষ্ট সুস্বাদু ফেনযুক্ত পানীয়লৈ পৰিণত হয় । কফি মিঠাকৈ খাবলৈ ভাল পালে ইয়াৰ আপুনি ক’ক’নাট ক্রিষ্টেল ব্যৱহাৰ কৰিব পাৰে ।

লগতে পঢ়ক: মুখমণ্ডল বা শৰীৰৰ পৰা তিল আঁতৰ কৰিব বিচাৰিছে নেকি? জানি লওক এইসমূহ ঘৰুৱা পদ্ধতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.