ETV Bharat / bharat

Lucknow Gorakhpur accident : লক্ষ্ণৌত বাছ আৰু ট্ৰাকৰ সংঘৰ্ষ; ৭ গৰাকী যাত্ৰীৰ মৃত্যু

author img

By

Published : Apr 22, 2023, 10:02 AM IST

অযোধ্যাৰ দিশৰ পৰা অহা এখন যাত্ৰীবাহী বাছ আৰু বিপৰীত দিশৰ পৰা অহা ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ (Bus and Truck collision in UP)। দুৰ্ঘটনাটোত ৭ গৰাকী যাত্ৰীৰ মৃত্যু হোৱাৰ লগতে ৪০ ৰো অধিক লোক আহত । মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ শোক প্ৰকাশ ।

Lucknow Gorakhpur highway accident
লক্ষ্ণৌত বাছ আৰু ট্ৰাকৰ সংঘৰ্ষ

নেশ্যনেল ডেস্ক,২২ এপ্ৰিল : উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত ভয়ংকৰ দুৰ্ঘটনা (Tragic accident in UP)। যাত্ৰীবাহী বাছ আৰু ট্ৰাকৰ সংঘৰ্ষৰ ফলত ৭ গৰাকী যাত্ৰীৰ মৃত্যু । দুৰ্ঘটনাটোত ৪০ জনতকৈ অধিক লোক আহত হয় (7 death in Ayodhya accident)। অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে । আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ।

জানিব পৰা মতে শুকুৰবাৰে লক্ষ্ণৌ-গোৰখপুৰ ঘাইপথৰ অযোধ্যা কোতৱালী অঞ্চলত যাত্ৰীবাহী বাছ আৰু ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ হৈছিল । আৰক্ষীয়ে জনোৱা মতে, অযোধ্যাৰ পৰা অহা যাত্ৰীবাহী বাছখনে আম্বেদকাৰ নগৰ অভিমুখে যাবলৈ ৰাজপথত উঠিছিল আৰু সেই সময়তে বিপৰীত দিশৰ পৰা অহা ট্ৰাকখনৰ সৈতে বাছখনৰ সংঘৰ্ষ হয় (Bus and Truck collision in Lucknow)।

এই দুৰ্ঘটনা ইমানেই ভয়াৱহ আছিল যে ট্ৰাকখন ৰাজপথত কেইবাটাও বাগৰ মাৰিছিল আৰু বাছখন ভাগি চূৰ্ণ-বিচূৰ্ণ হৈ গৈছিল । অযোধ্যাৰ মুখ্য চিকিৎসা বিষয়া ডাঃ অজয় ৰাজাৰ মতে, দুৰ্ঘটনাটোত ৭ জন লোকৰ মৃত্যু হয় আৰু ৪০ জনৰো অধিক লোক আহত হয় । জানিব পৰা মতে বহু সময় ধৰি উদ্ধাৰ অভিযান অব্যাহত ৰাখিবলগীয়া হয় ।

জিলা দণ্ডাধীশ নীতিশ কুমাৰে সংবাদ মাধ্যমক জনোৱা মতে আহতসকলক উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণৰ বাবে ঘটনাস্থলীত ১২ খনৰো অধিক এম্বুলেন্স ব্যৱহাৰ কৰা হয় । দুৰ্ঘটনাটোৰ পাচতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে টুইটত কৰে । টুইটযোগে তেওঁ দুৰ্ঘটনাটোক লৈ শোক প্ৰকাশ কৰে আৰু জিলা প্ৰশাসনক আহতসকলৰ সঠিক চিকিৎসা প্ৰদানৰ বাবে নিৰ্দেশ দিয়ে (UP CM tweet on Lucknow Gorakhpur highway accident)।

টুইটত মুখ্যমন্ত্ৰীগৰাকীয়ে অযোধ্যা জিলাত সংঘটিত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰে । তেওঁলোকৰ বিদেহী আত্মাৰ শান্তি কামনা কৰি মুখ্যমন্ত্ৰীয়ে শোকসন্তপ্ত পৰিয়ালৰ সদস্যসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে । আহতসকলৰ তাৎক্ষণিক চিকিৎসাৰ লগতে সাহায্যৰ কামো ত্বৰান্বিত কৰিবলৈ নিৰ্দেশ দিয়ে । লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰে ।

ইফালে দুৰ্ঘটনাটোৰ ফলত মৃত্যু হোৱা লোকসকলৰ পৰিয়ালৰ মাজত এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় । পবিত্ৰ ঈদক লৈ দেশজুৰি ব্যাপক প্ৰস্তুতি চলি থকাৰ মাজতে এই মৰ্মান্তিক দুৰ্ঘটনাই সকলোকে শোকস্তব্ধ কৰা দেখা গৈছে ।

লগতে পঢ়ক :Satyapal Malik Summoned: চিবিআয়ে চমন জাৰি কৰিলে জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.