নেশ্যনেল ডেস্ক, 4 জুলাই : হিমাচল প্ৰদেশৰ কুল্লুৰ চাইঞ্জ উপত্যকাৰ জংলাত সোমবাৰে সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা(Bus accident in Sainj valley of Kullu) ৷ এই দুৰ্ঘটনাত এখন বাছ নিয়ন্ত্ৰণহীন হৈ বাগৰি পৰাৰ ফলত 10 জন লোকৰ মৃত্যু হোৱাৰ আশংকা কৰা হৈছে ।
আনহাতে, প্ৰশাসনৰ লোক ইতিমধ্যে ঘটনাস্থলীলৈ ৰাওনা হৈছে । চাইঞ্জ উপত্যকাৰ শ্চেনশ্বৰৰ পৰা চাইঞ্জ অভিমুখে গৈ আছিল বাছখন । একে সময়তে, জাংলা নামৰ ঠাইত কেঁচি মোডত, বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই আৰু পথৰ তলৰ দ খাৱৈত বাগৰি পৰে ।
জানিব পৰা মতে, দুৰ্ঘটনাগ্ৰস্ত বাছখনত ৪০ জনতকৈও অধিক যাত্ৰী আছিল । স্থানীয় লোকসকলৰ উপৰিও, স্কুলীয়া শিশুসকল চাইঞ্জ স্কুলৰ ফালে গৈ আছিল । বাছখনত কিমানজন যাত্ৰী আছিল সেই বিষয়ে এতিয়ালৈকে জানিব পৰা হোৱা নাই ।
ইফালে কুল্লুৰ আৰক্ষী অধীক্ষক গুৰদেৱ শৰ্মাই কয় যে, বাছখন দুৰ্ঘটনাত পতিত হোৱাৰ খবৰ পোৱা গৈছে আৰু আৰক্ষীৰ এটা দল ঘটনাস্থলীলৈ ততাতৈয়াকৈ ৰাওনা হোৱাৰ পিছতে উদ্ধাৰ অভিযান চলোৱা হ'ব ।
লগতে পঢ়ক : আজি ঘোষণা হ'ব পাৰে CBSC ৰ দশম শ্ৰেণীৰ ফলাফল