ETV Bharat / bharat

বুৰ্জ খলিফাত উজলিল মহাত্মা গান্ধীৰ প্ৰতিচ্ছবি

author img

By

Published : Oct 3, 2021, 1:07 PM IST

জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫২ সংখ্যক জন্ম জয়ন্তী উপলক্ষ্যে বিশ্ব ভিন্ন প্ৰান্তত বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয় । ইয়াৰ মাজতে আৰৱৰ বুৰ্জ খলিফাও আলোকিত হ'ল মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিৰে ।

152nd birth anniversary
বুৰ্জ খলিফাত উজলিল মহাত্মা গান্ধীৰ প্ৰতিচ্ছবি

নেশ্যনেল ডেস্ক , ৩ অক্টোবৰ : বিশ্বৰ আকৰ্ষণীয় অট্টালিকাবোৰৰ ভিতৰত অন্যতম আকাশচুম্বী আৰৱৰ বুৰ্জ খলিফা (Burj Khalifa)। বিভিন্ন সময়ত বিশ্বৰ বিভিন্ন দেশৰ বহু স্মৃতি এই বুৰ্জ খলিফাৰ জৰিয়তে প্ৰতিফলিত কৰা হয় । এইবাৰ জাতিৰ পিতা (Father of the Nation) মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিৰে আলোকিত হ'ল বুৰ্জ খলিফা । বুৰ্জ খলিফাত মহাত্মা গান্ধীৰ প্ৰতিচ্ছবি আলোকিত হোৱাৰ লগে লগে বিভিন্ন মহলত ব্যাপক চৰ্চা হোৱা দেখা গৈছে ।

মহাত্মা গান্ধীৰ ১৫২ সংখ্যক জন্ম জয়ন্তীক বিশ্বজুৰি আন্তৰ্জাতিক অহিংসা দিৱস হিচাপে উদযাপন কৰা হৈছে । বিভিন্ন সংগঠনকে ধৰি বিশ্বৰ বিভিন্ন নেতাই তেওঁৰ অহিংসা আৰু সহিষ্ণুতাৰ বাৰ্তাক স্মৰণ কৰিছে । ভাৰতৰ লগতে সমগ্ৰ বিশ্বত বিভিন্ন কাৰ্যসূচীও আয়োজন কৰা হৈছে ।

শনিবাৰে কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে (Piyush Goyal) ডুবাইত ভাৰতৰ কনচুলেট জেনেৰেলত মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি গোৱেলে কয় যে, মহাত্মা গান্ধীৰ দেশৰ স্বাধীনতাত যথেষ্ট অৱদান আছে, তেওঁ ৰাষ্ট্ৰৰ পিতা, প্ৰতিজন ভাৰতীয়ৰ বাবে তেওঁ আদৰ্শ স্বৰূপ । তেওঁ লগতে কয় যে, ভাৰত আৰু বিশ্বৰ জনসাধাৰণৰ সৈতে তেওঁৰ গভীৰ দাৰ্শনিক, আধ্যাত্মিক আৰু আৱেগিক সম্পৰ্কক সদায় স্বীকাৰ কৰিব লাগিব ।

উল্লেখ্য যে, ১৮৬৯ চনৰ ২ অক্টোবৰত গুজৰাটৰ পোৰবন্দৰ চহৰত জন্মগ্ৰহণ কৰা মহাত্মা গান্ধীয়ে অহিংসা আন্দোলনৰ নেতৃত্ব দিছিল আৰু ঔপনিৱেশিক ব্ৰিটিছ শাসনৰ বিৰুদ্ধে স্বাধীনতা সংগ্ৰামৰ শীৰ্ষ নেতা আছিল । যাৰ ফলত ভাৰতে ১৯৪৭ চনত স্বাধীনতা লাভ কৰে । 'স্বৰাজ' আৰু 'অহিংসা'ত অটল বিশ্বাসৰ বাবে সমগ্ৰ বিশ্বতে প্ৰশংসা লাভ কৰিছিল বাপু নামেৰে জনাজাত মহাত্মা গান্ধী।

লগতে পঢ়ক :ইতিহাসৰ পাটত মহাত্মাৰ সেৱাগ্ৰাম আশ্ৰম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.