নেশ্যনেল ডেস্ক,১৩ মে': ৰাজস্থানৰ জয়ছালমেৰ জিলাত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা । সীমান্ত সুৰক্ষা বাহিনীৰ এজন জোৱানে বন্দুকেৰে গুলীয়াই আত্মহত্যা কৰা ঘটনাই সকলোকে চিন্তিত কৰি তুলিছে । চিংকাৰা সীমান্ত চকীত বৃহস্পতিবাৰে পুৱতি নিশা এই ঘটনা সংঘটিত হয় ।
জোৱানজনৰ নাম প্ৰেম কুমাৰ যাদৱ বুলি জানিব পৰা গৈছে । মধ্য প্ৰদেশৰ ভিন্দৰৰ হেড কনিষ্টবল আছিল প্ৰেম কুমাৰ যাদৱ । যাদৱে চাকৰিৰ পৰা এমহীয়া ছুটী লৈ ঘৰলৈ আহিছিল আৰু যোৱা ৩০ এপ্ৰিলত চাকৰিত পুনৰ যোগদান কৰিছিল । পাৰিবাৰিক কন্দলৰ বাবেই এই চৰম পথ বাছি লয় বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে । বৰ্তমানেও যাদৱৰ আত্মহত্যাৰ ঘটনা ৰহস্যৰ আৱৰ্তত ।
সতীৰ্থ জোৱান আৰু আৰক্ষীয়ে যাদৱৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে । পৰীক্ষাৰ অন্তত মৃতদেহটো যাদৱৰ পৰিয়ালক চমজাই দিয়ে আৰক্ষীয়ে । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে ।