নিউজ ডেস্ক,৬ মাৰ্চ: উৰিষ্যাৰ কোৰাপুট জিলাত ৰহস্যজনক ঘটনা । এগৰাকী সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানে নিজৰ চাৰ্ভিছ পিষ্টলেৰে গুলীয়াই আত্মহত্যা কৰে । মৃত জোৱানজনক ৰাজস্থানৰ বাসিন্দা ইন্দ্ৰ সিং বুলি চিনাক্ত কৰা হৈছে । তেওঁ জিলাখনৰ জালাপুটত বিএছএফৰ ১৫ নং বেটেলিয়নৰ জোৱান আছিল ।
জানিব পৰা মতে, তেওঁক চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছিল যদিও তেওঁক চিকিৎসকে মৃত ঘোষণা কৰে । অৱশ্যে জোৱানজনে কি পৰিস্থিতিৰ বাবে এই চৰম সিদ্ধান্ত ললে এতিয়াও জানিব পৰা হোৱা নাই । আৰক্ষীয়ে জনোৱা মতে মৰণোত্তৰ পৰীক্ষাৰ পিছতহে জানিব পৰা যাব ঘটনাৰ ৰহস্যৰ বিষয়ে ।
লগতে পঢ়ক:আৰক্ষী বিষয়াৰ হত্যাৰ অভিযুক্তৰ বিৰুদ্ধে নিয়াৰ ছাৰ্জশ্বীট