নেশ্যনেল ডেস্ক, ৩০ জুলাই : এটা বাসগৃহত কেইটিমান শিশুৱে খেলি আছিল । তেওঁলোকে ধেমালি কৰিয়েই শ্বহীদ-এ-আজম নাটক প্ৰদৰ্শন কৰিছিল । কোনোৱে শ্বহীদ ভগত সিঙৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল, কোনোৱে ৰাজগুৰু আৰু কোনোৱে সুখদেৱৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল । ঘৰখনত অকলেই আটাইকেইটা শিশুৱে এই আখৰা চলাই আছিল ।
সময় হৈছিল ভগত সিঙৰ ফাঁচীৰ দৃশ্যৰ আখৰা কৰাৰ । ভগত সিঙৰ চৰিত্ৰ ৰূপায়ণ কৰা ১০ বছৰীয়া শিৱমে ডিঙিত ৰচী বান্ধি থিয় হৈছিল এখন ষ্টুলৰ ওপৰত । দুৰ্ভাগ্যৱশতঃ হঠাতে শিশুটিৰ ভৰি পিছলি ষ্টুলখনৰ পৰা আঁতৰি আহে ৰচীডালৰ গাঁঠি টান হৈ যায় । ফলত শিশুটিয়ে কৰুণ মৃত্যুক সাৱতিবলগীয়া হয় ।
এই অঘটন সংঘটিত হোৱাৰ পিছত পৰিয়ালৰ সদস্যসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় । মৰণোত্তৰ পৰীক্ষা নকৰাকৈয়ে শিশুটিৰ অন্ত্যেষ্টিক্ৰিয়া কৰে পৰিয়ালৰ লোকে ।
এই হৃদয়বিদাৰক ঘটনাটো সংঘটিত হয় উত্তৰ প্ৰদেশৰ বদায়ুঁৰ কুঁৱৰগাঁও আৰক্ষী থানাৰ অধীনৰ বাৱাত গাঁৱত । পিতৃ-মাতৃয়ে পথাৰত কাম কৰিবলৈ যোৱাৰ সময়ত শিৱমে সমনীয়াৰ সৈতে খেলি আছিল । ১৫ আগষ্টত নাটক প্ৰদৰ্শন কৰাৰ দৰেই শ্বহীদ-এ-আজম নাটকত অভিনয় কৰিছিল শিশুকেইটাই । কিন্তু শিৱমে ভগত সিঙৰ চৰিত্ৰ ৰূপায়ণ কৰি থকা সময়তে এই অঘটন সংঘটিত হয় ।
শিৱমক সেই অৱস্থাত দেখি শিশুকেইটা আতংকিত হৈ পৰে আৰু সেই স্থানৰ পৰা পলায়ন কৰে । কিছু সময়ৰ পাছত শিৱমৰ মাতৃ ঘৰলৈ উভতি আহে আৰু শিৱমক চিপ লৈ ওলমি থকা অৱস্থাত প্ৰত্যক্ষ কৰে । এই ঘটনাক লৈ এতিয়া সমগ্ৰ অঞ্চলটোতে শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে ।