ETV Bharat / bharat

Bomb threat at Bengaluru airport : বোমাৰে বিমানবন্দৰ উৰুৱাই দিয়াৰ ভাবুকি দি গ্ৰেপ্তাৰ মহিলা - Kerala woman Arrested on Bomb threat case

বোমাৰে কেম্পেগৌড়া আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ উৰুৱাই দিয়াৰ ভাবুকি দিলে এগৰাকী মহিলাই (Woman arrested for threatening bomb)। কেৰালাৰ মহিলাগৰাকীক গ্ৰেপ্তাৰ । ১৭ ফেব্ৰুৱাৰীলৈকে ১১ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ ।

Bomb threat at Bengaluru airport
বোমাৰে বিমানবন্দৰ উৰুৱাই দিয়াৰ ভাবুকি দি গ্ৰেপ্তাৰ মহিলা
author img

By

Published : Feb 6, 2023, 8:36 PM IST

নেশ্যনেল ডেস্ক,৬ ফেব্ৰুৱাৰী : দেশৰ বিমানবন্দৰবোৰত বহু সময়ত বোমাতংকৰ খবৰ পোহৰলৈ আহে । একাংশ লোক বোমাৰ ভুৱা তথ্য দিয়াৰ ফলত বিমানবন্দৰত বিশৃংখল পৰিৱেশৰ সৃষ্টি হয় (Bomb scare in Airport)। আনকি এনেধৰণৰ ভুৱা তথ্যৰ বাবে বহু সময়ত বিমানৰ উৰণ বিলম্বও হোৱা দেখা যায় । যাৰ দ্বাৰা বিমানবন্দৰৰ বিমান পৰিচালন প্ৰক্ৰিয়াত যথেষ্ট প্ৰভাৱ পৰে । সেয়েহে এনে ধৰণৰ ভুৱা তথ্য দিয়া লোক বা সংস্থাৰ বিৰুদ্ধে কঠোৰ হৈছে ভাৰতৰ বিমান পৰিবহণ মন্ত্ৰালয় লগতে প্ৰশাসন (Airport authority strict on fake bomb information)।

এইবাৰ তেনে এক ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ হ'ল এগৰাকী মহিলা । বিমানবন্দৰত নিৰাপত্তা কৰ্মীৰ সৈতে তৰ্কত লিপ্ত হৈ বোমা বিস্ফোৰণৰ হুংকাৰ দিছিল মহিলাগৰাকীয়ে (Kerala woman Arrested on Bomb threat case)। আনকি বিমানবন্দৰত বোমা বিস্ফোৰণৰ ভাবুকি প্ৰদান কৰিছিল মহিলাগৰাকীয়ে । যাৰবাবে মহিলাগৰাকীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰে । জানিব পৰা মতে বিমানখনত উঠিবলৈ পলম হোৱাৰ বাবে নিৰাপত্তা কৰ্মীৰ সৈতে তৰ্কত লিপ্ত হৈছিল মহিলাগৰাকী । ঘটনাটো কেম্পেগৌড়া আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত সংঘটিত হৈছিল ।

জানিব পৰা মতে কেৰালাৰ মহিলাগৰাকীয়ে ৩ ফেব্ৰুৱাৰীত বেংগালুৰুৰ পৰা কলকাতালৈ যাবলৈ বিমানবন্দৰত উপস্থিত হৈছিল । মহিলাগৰাকীয়ে ইণ্ডিগ' ফ্লাইট নম্বৰ 6E445ত টিকট বুক কৰিছিল । ৬ নম্বৰৰ বৰ্ডিং গেটত বহি থকা সময়ত মহিলাগৰাকীয়ে প্ৰথমতে বিমানবন্দৰৰ নিৰাপত্তা কৰ্মচাৰীৰ সৈতে বিমানখনৰ বাবে পলম হৈ আছে বুলি বাক বিতণ্ডাত লিপ্ত হৈছিল । যদি তেওঁক সোনকালে যাবলৈ নিদিয়ে তেনেহ'লে তেওঁ ভাবুকি দিছিল যে তেওঁ বিমানবন্দৰত এটা বোমা স্থাপন কৰিব আৰু উৰুৱাই দিব (Kempegowda Airport bomb scare)।

কৰ্মচাৰীসকলক ভাবুকি দিয়াৰ পাছত মহিলাগৰাকীয়ে যাত্ৰীসকলৰ ওপৰতো চিঞৰ বাখৰ কৰিছিল । আনকি ভাবুকি দি কৈছিল যে তেওঁ সেই ঠাইত বোমা ৰাখিছে । যাৰ বাবে সুৰক্ষা কৰ্মীয়ে মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰে আৰু আৰক্ষীৰ হাতত গতাই দিয়ে । পাছত, আৰক্ষীয়ে মহিলাগৰাকীক জিম্মাত লয় আৰু এটা গোচৰ ৰুজু কৰে আৰু আদালতত হাজিৰ কৰে । দেৱানাহাল্লিৰ জেএমএফচি আদালতে মহিলাগৰাকীক ১৭ ফেব্ৰুৱাৰীলৈকে ১১ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ।

লগতে পঢ়ক :3 arrested persons under UAPA : হায়দৰাবাদত বোমা আক্ৰমণৰ ষড়যন্ত্ৰ চলোৱা তিনি সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.