ETV Bharat / bharat

উত্তৰ প্ৰদেশত উদ্ধাৰ সন্ধানহীন যুৱতীৰ মৃতদেহ

author img

By

Published : Nov 16, 2020, 1:00 PM IST

আৰক্ষীয়ে গোচৰ ৰুজু হোৱাৰ পাছতেই ঘটনাৰ তদন্ত কৰি অভিযুক্ত যুৱকজনক 24 ঘণ্টাৰ ভিতৰত আটক কৰিছিল ।

Body of missing 23-year-old girl found in Uttar Pradesh's Basti, accused nabbed
উত্তৰ প্ৰদেশত উদ্ধাৰ সন্ধানহীন যুৱতীৰ মৃতদেহ

নিউজ ডেস্ক, 16 নৱেম্বৰ: উত্তৰ প্ৰদেশৰ বাস্তীৰ কালৱাৰত দেওবাৰে এগৰাকী 23 বছৰীয়া যুৱতীৰ মৃতদেহ উদ্ধাৰ হয় ৷ যুৱতীগৰাকীৰ 10 নৱেম্বৰৰ পৰা সন্ধানহীন হৈ আছিল আৰু পৰিয়ালৰ লোকে এই সন্দৰ্ভত স্থানীয় আৰক্ষী চকীত গোচৰ ৰুজু কৰিছিল ৷

যুৱতীগৰাকীৰ মৃতদেহ তেওঁৰ ঘৰৰ ওচৰৰ পথাৰত উদ্ধাৰ কৰা হৈছিল ৷ বৰ্তমান আৰক্ষীয়ে যুৱতীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷ কালৱাৰী আৰক্ষী বিষয়া বিন্দশ্বৰী মণি ত্ৰিপাৰ্থী, অতিৰিক্ত আৰক্ষী অধীক্ষক ৰবিন্দৰ সিং আৰু কালৱাৰীৰ চক্ৰ বিষয়া অনিল কুমাৰ সিং ঘটনাস্থলীত উপস্থিত হৈ সমগ্ৰ ঘটনাৰ বুজ লোৱাৰ লগতে ঘটনাস্থলী পৰিদৰ্শন কৰে ৷

আৰক্ষী বিষয়াজনে জানিবলৈ দিয়া অনুসৰি, আৰক্ষীয়ে লগে লগে ঘটনাৰ সন্দৰ্ভত গোচৰ ৰুজু কৰি অভিযুক্ত যুৱকজনক 24 ঘণ্টাৰ ভিতৰত আটক কৰিছিল । কিন্তু সেই সময়ত দায়িত্বত থকা আৰক্ষী বিষয়াজনে এই ঘটনাক গুৰুত্ব সহকাৰে গ্ৰহণ কৰা নাছিল ৷ যুৱতীগৰাকী সন্ধানহীন হোৱা আৰু মৃত্যু হোৱা এক গোচৰত আৰক্ষী বিষয়াজনৰ লগত আন এজন আৰক্ষীক ইতিমধ্য নিলম্বন কৰা হৈছে ৷ ইয়াৰ লগতে সমগ্ৰ ঘটনা তদন্ত কৰাৰ বাবে তিনিজনীয়া এখন সমিতিও গঠন কৰা হৈছে বুলি জানিবলৈ দিয়ে বিন্দশ্বৰী মণি ত্ৰিপাৰ্থীয়ে ৷

লগতে পঢ়ক: জম্মু-কাশ্মীৰৰ পঞ্চায়ত নিৰ্বাচনৰ দায়িত্বত অনুৰাগ ঠাকুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.