ETV Bharat / bharat

পশ্চিমবংগত বিজেপিৰ পৰাজয় উদযাপন কৰিব কৃষকে: গুৰনাম সিং চাদুনি

author img

By

Published : May 2, 2021, 7:58 PM IST

পশ্চিমবংগ বিধানসভা নিৰ্বাচনত তৃণমূল কংগ্ৰেছৰ (টিএমচি) বিজয়ৰ ইংগিতৰ পিছতে ভাৰতীয় কৃষক সংঘৰ নেতা গুৰনাম সিং চাদুনিৰ প্ৰতিক্ৰিয়া প্ৰকাশ । তেওঁৰ মতে সমগ্ৰ কৃষকে ভাৰতীয় জনতা পাৰ্টীৰ পৰাজয় উদযাপন কৰিব ।

BKU LEADER
গুৰনাম সিং চাদুনি

নেশ্যনেল ডেস্ক,২ মে': পশ্চিমবংগ বিধানসভা নিৰ্বাচনত তৃণমূল কংগ্ৰেছৰ (টিএমচি) বিজয়ৰ ইংগিতৰ পিছতে ভাৰতীয় কৃষক সংঘৰ নেতা গুৰনাম সিং চাদুনিৰ প্ৰতিক্ৰিয়া প্ৰকাশ । তেওঁৰ মতে সমগ্ৰ কৃষকে ভাৰতীয় জনতা পাৰ্টীৰ পৰাজয় উদযাপন কৰিব । ইফালে বংগ বিধানসভা নিৰ্বাচনত টিএমচিৰ বিজয় প্ৰায় নিশ্চিত হৈছে ৷ সেয়ে বিজেপি নেতৃত্বাধীন চৰকাৰে প্ৰৱৰ্তন কৰা কৃষি আইনৰ বিৰুদ্ধে আন্দোলন কৰি থকা কৃষকসকলৰ মাজত আনন্দৰ ঢৌ উঠিছে ।

সমগ্ৰ দেশৰ কৃষকসকলক অভিনন্দন জনাই চাদুনিয়ে কয় যে বিজেপিৰ পৰাজয়ৰ আনন্দত লাড়ু বিতৰণ কৰাৰ লগতে চাকি জ্বলোৱা হ'ব । চাদুনিয়ে লগতে কয় যে আজি পশ্চিমবংগত বিজেপি পৰাজিত হৈছে ৷ পৰৱৰ্তী সময়ত উত্তৰ প্ৰদেশ নিৰ্বাচনত কৃষকসকলে বিজেপিক আঁতৰাব । তেওঁ বিজেপিক সকীয়নি প্ৰদান কৰি কয় যে যদিহে বিজেপিয়ে কৃষকৰ দাবী মানি নলয়, তেন্তে সমগ্ৰ কৃষকে ভাৰতৰ পৰা বিজেপিক ক্ষমতাৰ পৰা বাহিৰ কৰিব ।

লগতে পঢ়ক: বিজয় উৎসৱ আয়োজনকাৰীৰ বিৰুদ্ধে এজাহাৰ দাখিলৰ নিৰ্দেশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.