ETV Bharat / bharat

নিৰ্বাচনৰ প্ৰাকক্ষণত বিজেপিয়ে মোক ঘৰত বন্দী কৰিব বিচাৰিছিল: মমতা

author img

By

Published : Mar 17, 2021, 5:16 PM IST

ঝাড়গ্ৰাম জিলাৰ গোপিবল্লভপুৰত এক ৰাজহুৱা সভাত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে অভিযোগ কৰে যে আগতে চিপিআই (এম) য়ে তেওঁক আক্ৰমণ কৰিছিল আৰু এতিয়া বিজেপিয়ে একেটা কামকে কৰি আছে ।

নিৰ্বাচনৰ প্ৰাকক্ষণত বিজেপিয়ে মোক ঘৰত বন্দী কৰিব বিচাৰিছিল:মমতা

নেশ্যনেল ডেস্ক,১৭ মাৰ্চ: যোৱা ১০ মাৰ্চত নন্দীগ্ৰামত আঘাতপ্ৰাপ্ত হৈছিল পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী । কিছু সুস্থ হৈ ইতিমধ্যে মুখ্যমন্ত্ৰী গৰাকীয়ে জনসভাত অংশগ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছে । কিন্তু ইয়াৰ মাজতে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ গুৰুতৰ অভিযোগ বিজেপিৰ বিৰুদ্ধে ।

ঝাড়গ্ৰাম জিলাৰ গোপিবল্লভপুৰৰ এক ৰাজহুৱা সভাত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, বিজেপিয়ে তেওঁক নিৰ্বাচনৰ পূৰ্বে ঘৰৰ ভিতৰত বন্দী কৰি ৰাখিবলৈ আক্ৰমণ কৰিছিল । হুইল চেয়াৰত বহিয়ে ৰাজহুৱা সভাত অংশ লৈ মুখ্যমন্ত্ৰী গৰাকীয়ে উত্থাপিত কৰে এই গুৰুতৰ অভিযোগ ।

টিএমচিৰ পক্ষত ভোটদানৰ বাবে আহ্বান জনাই তেওঁ ৰাইজক উদ্দেশ্যি কয় যে বিজেপিয়ে তেওঁৰ কণ্ঠ ৰুদ্ধ কৰিব নোৱাৰে ৷ আগন্তুক নিৰ্বাচনত বিজেপিক পৰাভূত কৰিবলৈ সক্ষম হ'ব তৃণমূল কংগ্ৰেছ ।

তেওঁ লগতে কয় যে তৃণমূলৰ প্ৰাৰ্থীৰ বাবে দিয়া প্ৰতিটো ভোট হ'ব তেওঁৰ পক্ষত । মুখ্যমন্ত্ৰী গৰাকীয়ে দাবী কৰা মতে, ২০১৯ চনত ঝাড়গ্ৰামৰ লোকসভাৰ আসন বিজেপিয়ে দখল কৰিছিল, যদিও তাত কোনো উন্নয়ন হোৱা নাই । ৰাইজক উদ্দেশ্যি তেওঁ কয় যে যদি পুনৰ ৰাইজে টিএমচিৰ পক্ষত ভোট প্ৰদান কৰে তেনেহ'লে প্ৰতিঘৰৰ সন্মুখত বিনামূলীয়াকৈ ৰেচন যোগানৰ ব্যৱস্থা কৰিব চৰকাৰে ।

লগতে পঢ়ক: ৰাজস্থানত ধৰ্ষণৰ বলি ৬ বছৰীয়া শিশু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.