ETV Bharat / bharat

কেৰালাৰ শাসকীয় দুয়োটা দল দুৰ্নীতিগ্ৰস্ত: জে পি নাড্ডা - কেৰালাৰ শাসকীয় দুয়োটা দল দুৰ্নীতিগ্ৰস্ত

বুধবাৰে তিৰুবনন্তপুৰমত দুদিনীয়া ভ্ৰমণসূচীৰে উপস্থিত হোৱা ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰকাশ নাড্ডাই কেৰালাৰ শাসকীয় দলক তীব্ৰ ভাষাৰে সমালোচনা কৰে ।

কেৰালাৰ শাসকীয় দুয়োটা দল দুৰ্নীতিগ্ৰস্ত: জে পি নাড্ডা

author img

By

Published : Feb 3, 2021, 9:12 PM IST

নিউজ ডেস্ক , ৩ ফেব্ৰুৱাৰী: কেৰালাৰ আহি থকা নিৰ্বাচনৰ প্ৰাকক্ষণত ৰাজনৈতিক দলসমূহৰ মাজত নিৰ্বাচনী তৎপৰতা বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে । ভোটাৰৰ মন জয় কৰিবলৈ ইটো দলে আনটো দলক সমালোচনা কৰাও দেখিবলৈ পোৱা গৈছে । ইয়াৰ মাজতে বিজেপি দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ আক্ৰমণাত্মক মন্তব্য় শাসকীয় এলডিএফ আৰু ইউডিএফক উদ্দেশ্য়ি ।

ৰাষ্ট্ৰীয় সভাপতি গৰাকীয়ে এক সংবাদমেল সম্বোধন কৰি কয় যে দুয়োটা দলে এটা মূদ্ৰাৰ ইপিঠি সিপিঠি আৰু দল দুটা দুৰ্নীতিগ্ৰস্ত । সমান্তৰালকৈ দুয়োটা দলে ৰাইজৰ বিশ্বাসযোগ্য়তা হেৰুৱাইছে কিয়নো তেওঁলোকৰ কেৰালাকলৈ কোনো লক্ষ্য় নাই বুলি মন্তব্য় কৰে নেতাগৰাকীয়ে । তেওঁৰ অভিযোগ দুয়োটা দলে কেৱল ক্ষমতাকলৈ ব্য়স্ত । দুয়োটা দলৰ মাজৰ মনোমালিন্য়ৰ সুযোগ লৈ পশ্চিমবংগত বাওঁপন্থী আৰু কংগ্ৰেছে আগন্তুক নিৰ্বাচনৰ বাবে মিত্ৰতা কৰা বুলিও অভিযোগ উত্থাপন কৰে নেতাগৰাকীয়ে ।

দুদিনীয়া ভ্ৰমণসূচীৰে কেৰালাত উপস্থিত হোৱা নেতাগৰাকীয়ে কয় যে ৰাজ্য়খনৰ মুখ্য়মন্ত্ৰীৰ প্ৰাক্তন সচিব সোণৰ অবৈধ সৰবৰাহৰ ঘটনাৰ অভিযুক্ত যিটোৱে প্ৰমাণ কৰে যে চৰকাৰ খন কিমান দুৰ্নীতিগ্ৰস্ত । লগতে ৰাজ্য় চৰকাৰ খনে ক'ভিড-১৯ ৰ ক্ষেত্ৰত লোৱা ব্য়ৱস্থাপনাকলৈও প্ৰশ্ন কৰে নেতাগৰাকীয়ে । জে পি নাড্ডাৰ মতে ৰাজনৈতিক নেতাসকলৰ অৱহেলাৰ বাবে এতিয়া অধিকাংশ ক'ভিড-১৯ ৰ ঘটনা ৰাজ্য়খনৰ পৰা আহিছে ।

লগতে পঢ়ক:উত্তৰ প্ৰদেশ আৰক্ষীৰ বিৰুদ্ধে উৎকোচৰ দাবীৰ অভিযোগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.