ETV Bharat / bharat

ৰাজনীতিৰ পথাৰৰ পৰা অব্যাহতি প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বাবুল সুপ্ৰিয়ৰ - জেপি এগৰাকী প্ৰভাৱশালী নেতা বাবুল সুপ্ৰিয়

ৰাজনীতি ত্যাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বিজেপিৰ সাংসদ বাবুল সুপ্ৰিয়ই ৷ সামাজিক কাম কৰিবলৈ ৰাজনীতিত থকাৰ প্ৰয়োজন নাই বুলি মন্তব্য কৰে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷

Babul Supriyo has quit politics
ৰাজনীতি এৰিলে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বাবুল সুপ্ৰিয়ই
author img

By

Published : Jul 31, 2021, 8:22 PM IST

নেশ্যনেল ডেস্ক, 31 জুলাই : ৰাজনীতিৰ জগতখনত এতিয়াৰে পৰা দেখা নাপাব প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ এগৰাকী প্ৰভাৱশালী নেতা বাবুল সুপ্ৰিয়ক ৷ ইতিমধ্যে ৰাজনীতিৰ পথাৰ ত্যাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বিজেপিৰ সাংসদ গৰাকীয়ে ৷ দুদিনমান পূৰ্বৰে পৰা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ ৰাজনীতি ত্যাগৰ বিষয়টোৱে চৰ্চা লাভ কৰা দেখা গৈছিল ৷

ৰাজনৈতিক সমালোচক তথা বিশ্লেষকসকলে সন্দেহ কৰিছিল যে, বিজেপিৰ নেতা বাবুল সুপ্ৰিয়ই ত্যাগ কৰিব ৰাজনীতি ৷ ইতিমধ্যে বাবুল সুপ্ৰিয়ই নিজৰ ফেচবুক পেজৰ জৰিয়তে ৰাজনীতি ত্যাগ কৰা কথা স্পষ্টকৈ প্ৰকাশ কৰিছে ৷ ফেচবুক পোষ্টৰ জৰিয়তে তেওঁ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে ৷

লগতে পঢ়ক: প্ৰশান্ত কিশোৰে কি পৰামৰ্শ দিছে কংগ্ৰেছ দলক ?

নেতাগৰাকীয়ে এই কথাও স্পষ্ট কৰি দিছে যে, ৰাজনীতি ত্যাগ কৰাৰ পাচত কোনো দলত যোগদান নকৰে ৷ পোষ্টটোৰ জৰিয়তে ৰাজনীতিত নাথাকিলেও নেতাগৰাকীয়ে সদায় সমাজৰ বাবে কাম কৰি যোৱাৰ আগ্ৰহ প্ৰকাশ কৰে ৷

"বিদায়, মই কোনো ৰাজনৈতিক দললৈ যোৱা নাই । টিএমচি, কংগ্ৰেছ, চিপিআই(এম) কোনো দলৰ নেতৃত্বই মোৰ সৈতে যোগাযোগ কৰা নাই আৰু কোনো দলতে যোগদান কৰাৰো ইচ্ছা প্ৰকাশ কৰা নাই ৷ সামাজিক কাম কৰিবলৈ ৰাজনীতিত থকাৰ প্ৰয়োজন নাই" ৷ সামাজিক মাধ্যম ফেচবুকৰ জৰিয়তে এই কথা প্ৰকাশ কৰে বিজেপিৰ নেতা বাবুল সুপ্ৰিয়ই ৷

লগতে পঢ়ক: সুশান্তৰ দলত্যাগে জোকাৰিছে কংগ্ৰেছৰ শীৰ্ষ মহল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.