ETV Bharat / bharat

TMCৰ বাবে উপযোগী নহয় ত্ৰিপুৰাৰ মাটি: বিধায়ক ৰতন চক্ৰৱৰ্তী

author img

By

Published : Jul 30, 2021, 7:41 PM IST

ৰতন চক্ৰৱৰ্তীৰ মতে তৃণমূলে আগতেও ত্ৰিপুৰাত নিজৰ স্থিতি শক্তিশালী কৰিবলৈ চেষ্টা চলাইছিল । ত্ৰিপুৰাৰ মাটি তেওঁলোকৰ বাবে নহয় আৰু মানুহক সকলো সময়তে ফুচুলাব নোৱাৰি বুলিও উল্লেখ কৰে বিধায়ক ৰতন চক্ৰৱৰ্তীয়ে ।

ratan chakraborty
TMCৰ বাবে উপযোগী নহয় ত্ৰিপুৰাৰ মাটি

আগৰতলা,৩০ জুলাই: ত্ৰিপুৰাৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ (Tripura upcoming assembly election) প্ৰতি লক্ষ্য ৰাখি ৰাজ্যখনত স্থিতি সবল কৰাৰ উদ্দেশ্যে বিভিন্ন পন্থা হাতত লৈছে তৃণমূল কংগ্ৰেছে (Trinamool Congress) । পশ্চিমবংগত সফল হোৱা তৃণমূল কংগ্ৰেছে ত্ৰিপুৰাতো আধিপত্য বিস্তাৰৰ বাবে পদক্ষেপ লৈছে । শেহতীয়াকৈ ৰাজ্যখনৰ কেইবাজনো নেতাই যোগদান কৰিছে তৃণমূল কংগ্ৰেছত । এনে সময়তে তৃণমূল কংগ্ৰেছৰ প্ৰাক্তন নেতাই সমালোচনা কৰে দলটোক ।

তৃণমূল কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা বৰ্তমানৰ বিজেপি বিধায়ক ৰতন চক্ৰৱৰ্তীয়ে (Ratan Chakraborty) দাবী কৰে যে তৃণমূল কংগ্ৰেছে কেৱল ইয়াৰ ৰাষ্ট্ৰীয় দলৰ (National party) টেগ ধৰি ৰাখিবলৈ ত্ৰিপুৰাত প্ৰৱেশ কৰিছিল । কিন্তু ৰাষ্ট্ৰীয় দলৰ মৰ্যাদা নিশ্চিত কৰিবলৈ তেওঁলোকক ছয় শতাংশ ভোটৰ প্ৰয়োজন আছিল । যাৰ বাবে তৃণমূল কংগ্ৰেছ ত্ৰিপুৰাক লৈ নিৰাশ বুলি মন্তব্য কৰে চক্ৰৱৰ্তীয়ে । উল্লেখ্য যে, ত্ৰিপুৰাত টিএমচিৰ (TMC) উৎপত্তিৰ সাক্ষী হিচাপে থকা কেইজনমান নেতাৰ ভিতৰত চক্ৰৱৰ্তীও অন্যতম আছিল ।

ৰতন চক্ৰৱৰ্তীৰ মতে তৃণমূলে আগতেও ত্ৰিপুৰাত নিজৰ স্থিতি শক্তিশালী কৰিবলৈ চেষ্টা চলাইছিল । পুৰণি স্মৃতি ৰোমন্থন কৰি চক্ৰৱৰ্তীয়ে কয় যে তেওঁ প্ৰাক্তন নেতা স্বৰ্গীয় সুধীৰ ৰঞ্জন মজুমদাৰৰ (Sudhir Ranjan Majumdar) সৈতে প্ৰথমে তৃণমূল কংগ্ৰেছৰ নেতৃত্বৰ ওচৰলৈ গৈছিল । কিন্তু, দলটোৰ কেন্দ্ৰীয় নেতৃত্বৰ ভূমিকাৰ বাবে তেওঁ হতাশ হৈছিল ।

তেওঁ তৃণমূলৰ টিকটত উপ-নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছিল আৰু বিজয় নিশ্চিত হৈছিল কিন্তু তেতিয়াই তৃণমূল দলে তেওঁক বিশ্বাসঘাতকতা কৰিছিল বুলি দাবী কৰে নেতাজনে । তেওঁলোকে দলটোৰ সৈতে তেওঁৰ সম্পৰ্ক অস্বীকাৰ কৰি পত্ৰিকা জাৰী কৰিছিল আৰু তেওঁৰ সহায়ৰ বাবে কোনো কেন্দ্ৰীয় নেতা অহা নাছিল বুলি ক্ষোভ উজাৰে নেতাগৰাকীয়ে । ইমানৰ পাছতো যিসকলে দলটোক পুনৰুজ্জীৱিত কৰিবলৈ ত্ৰিপুৰালৈ আহিছে তেওঁলোকক উদ্দেশ্যি নেতাগৰাকীয়ে কয় যে তেওঁলোকে এটা কথা বুজা উচিত যে ত্ৰিপুৰাৰ মাটি তেওঁলোকৰ বাবে নহয় আৰু মানুহক সকলো সময়তে ফুচুলাব নোৱাৰি ।

বাওঁপন্থী আৰু তৃণমূল কংগ্ৰেছৰ নেতাসকলে নতুন সমীকৰণৰ বাবে প্ৰস্তুতি চলোৱাৰো অভিযোগ উত্থাপন কৰি চক্ৰৱৰ্তীয়ে কয় যে ২১ জুলাইত টিএমচিৰ নেতা তথা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে (Mamata Banerjee) এক ভাষণ প্ৰদান কৰি তেওঁৰ ৰাজনৈতিক প্ৰস্তাৱৰ ক্ষেত্ৰত বহুতো কথা উল্লেখ কৰিছিল । কিন্তু তেওঁ চিপিআইএমৰ বিৰুদ্ধে যিকোনো কথা কোৱাৰ পৰা বিৰত আছিল । সম্ভৱতঃ ত্ৰিপুৰাত নতুন সমীকৰণৰ বাবেই তেওঁ চিপিআইএমক (CPIM) কোনো সমালোচনা কৰা নাছিল বুলি সন্দেহ প্ৰকাশ কৰে চক্ৰৱৰ্তীয়ে ।

ইফালে বিজেপি চৰকাৰৰ দিনত ত্ৰিপুৰাত যথেষ্ট উন্নয়ন হোৱাৰ কথাও উল্লেখ কৰে বিধায়কগৰাকীয়ে । বিধায়ক চক্ৰৱৰ্তীৰ মতে ত্ৰিপুৰাৰ ৰাইজে বিজেপিৰ দিনত প্ৰকৃত বিকাশ দেখা পাইছে আৰু জনজাতীয়লোককে ধৰি সকলো শ্ৰেণীৰ লোকক সন্মান জনোৱা হৈছে বিজেপিৰ দিনতে । তেওঁৰ মতে ত্ৰিপুৰা এতিয়া এখন প্ৰকৃত কল্যাণমূখী ৰাজ্য । কোনো আন্দোলন বা দাবী অবিহনে মানুহে দুৱাৰমুখতে লাভ কৰিছে বিভিন্ন ধৰণৰ সেৱা ।

জনজাতিৰ লোকসকলৰো যথেষ্ট উন্নয়ন সম্ভৱ হৈছে । চক্ৰৱৰ্তীৰ মতে কেৱল বিজেপি চৰকাৰৰ দিনত পূৰ্বৰ চৰকাৰে গুৰুত্ব নিদিয়া নতুন ত্ৰিপুৰাৰ পথ প্ৰদৰ্শক মহাৰাজা বীৰ বিক্ৰমক (Maharaja Bir Bikram) স্বীকৃতি প্ৰদান কৰি তেওঁৰ জন্ম জয়ন্তীত ছুটিৰ দিন হিচাপে ঘোষণা কৰা হৈছে । ত্ৰিপুৰাত টিএমচিৰ আগমনৰ প্ৰস্তুতি সন্দৰ্ভত বিজেপিৰ মুখপাত্ৰ নবেন্দু ভট্টাচাৰ্যই (Nabendu Bhattacharjee) কয় যে টিএমচিয়ে বিজেপি বিৰোধী ভোটসমূহ একত্ৰিত কৰিবলৈ চেষ্টা কৰি আছে আৰু যাৰ বাবে তেওঁলোক বাওঁপন্থীসকলৰ সৈতে একে মঞ্চতে আহিব পাৰে ৷

লগতে পঢ়ক:দুষ্টচক্ৰৰ লক্ষ্য ত্ৰিপুৰা চৰকাৰৰ অ'ফিচিয়েল ৱেবছাইট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.