ETV Bharat / bharat

BJP MLA dances with swords : হাতত তৰোৱাল লৈ জনতাৰ সমুখত বিজেপি নেতা

author img

By

Published : Apr 10, 2023, 8:18 PM IST

বিতৰ্কত পশ্চিমবংগৰ বিজেপি বিধায়ক অজয় পোদ্দাৰ (BJP MLA Ajay Poddar in controversy)। ৰাজহুৱা অনুষ্ঠানত হাতত তৰোৱাল লৈ বিধায়কগৰাকীয়ে নৃত্য কৰা ভিডিঅ' ভাইৰেল । তীব্ৰ সমালোচনাৰ সন্মুখীন বিজেপি বিধায়কগৰাকী । আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ।

BJP MLA dances with swords
হাতত তৰোৱাল লৈ জনতাৰ সমুখত বিজেপি নেতা

নেশ্যনেল ডেস্ক,১০ এপ্ৰিল : হাতত তৰোৱাল লৈ নৃত্য কৰাত ব্যস্ত বিজেপি নেতা । ৰাম নৱমী উপলক্ষে আয়োজিত এক অনুষ্ঠানত পশ্চিমবংগৰ কুলটি সমষ্টিৰ বিজেপি বিধায়ক অজয় পোদ্দাৰে হাতত তৰোৱাল লৈ নৃত্য কৰাৰ দৃশ্য সামাজিক মাধ্যমত ভাইৰেল (Ajay Poddar was dancing with swords)। লগে লগে ৰাজনৈতিক মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । জনপ্ৰতিনিধিৰ এনে ৰূপ দেখি হতবাক সাধাৰণ জনতা ।

উল্লেখ্য যে কুলটি বিধানসভা সমষ্টিত ৰাম নৱমী আখৰা শীৰ্ষক এক ধৰ্মীয় অনুষ্ঠানৰ আয়োজন কৰা হয় । কুল্টিৰ ইটাপাৰা অঞ্চলত আয়োজিত এই কাৰ্যসূচীত অংশ লোৱা অজয় পোদ্দাৰক তৰোৱালৰে নৃত্য কৰা দেখা গৈছে । বিধায়কগৰাকীৰ এই নৃত্যৰ ভিডিঅ'টো ভাইৰেল হোৱাৰ পাছতে তীব্ৰ বিতৰ্ক আৰম্ভ হৈছে ।

ধৰ্মীয় শোভাযাত্ৰাৰ সময়ত অস্ত্ৰ প্ৰদৰ্শনৰ অনুমতি নথকা স্বত্বেও এনেদৰে জনপ্ৰতিনিধিয়ে তৰোৱাল লৈ নৃত্য কৰাৰ লগে লগে বহুতে বিধায়কগৰাকীক সমালোচনা কৰিছে (BJP MLA dances with swords)। অৱশ্যে, পোদ্দাৰে এই অভিযোগ খণ্ডন কৰি কয় যে তেওঁ ৰাস্তাত তৰোৱাল লৈ কোনো ষ্টাণ্ট কৰা নাই ।

ভিডিঅ'টোত পোদ্দাৰক দুখন তৰোৱাল লৈ গেৰুৱা পাগুৰি পিন্ধি থকা অৱস্থাত নৃত্য কৰা দেখা গৈছে (Kulti MLA viral video)। সেয়ে বিধায়ক পোদ্দাৰক ৰাইজে সমালোচনা কৰিছে । কিন্তু তাৰ পাছতো পোদ্দাৰে দাবী কৰিছে যে ৰাস্তাত শোভাযাত্ৰাত কোনো অস্ত্ৰ ব্যৱহাৰ কৰা হোৱা নাছিল । সংবাদ মাধ্যমৰ আগত পোদ্দাৰে কয় যে, সকলো হিন্দু দেৱ-দেৱীয়ে হাতত অস্ত্ৰ লৈ যায় । হিন্দুৱে আনকি অস্ত্ৰ-শস্ত্ৰৰ উপাসনা কৰে । ৰাম নৱমীৰ কেইদিনমান পাছত আয়োজিত ৰাম নৱমী আখৰা উদযাপন কৰাটো এটা পুৰণি ৰীতি ।

পোদ্দাৰে লগতে কয় যে তেওঁ সেই স্থানত অস্ত্ৰ প্ৰদৰ্শন কৰা নাছিল । তেওঁ অস্ত্ৰ-শস্ত্ৰ লৈ ৰাস্তাত ওলাইও যোৱা নাছিল । এইটো এটা নিৰ্দিষ্ট এলেকাৰ ভিতৰত হৈছিল । এইটো এটা পৰম্পৰা আৰু ৰাৱণ দাহৰ পাছত গাঁৱখনত অস্ত্ৰৰ উপাসনা কৰা হয় বুলি তেওঁ উল্লেখ কৰে ।

উল্লেখ্য যে মহিলাকে ধৰি কণ কণ শিশুসকলেও এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছিল । য'ত বিজেপি বিধায়ক পোদ্দাৰক তৰোৱালেৰে ষ্টাণ্ট প্ৰদৰ্শন কৰা দেখা যায় । ইফালে আৰক্ষী আৰু প্ৰশাসনেও এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে কিয়নো বিধায়কজনৰ কাৰ্যকলাপে মুখ্যমন্ত্ৰীৰ আদেশ অমান্য কৰিছে । আৰক্ষীয়ে ইয়াৰ পুংখানুপুংখ তদন্ত আৰম্ভ কৰিছে ।

লগতে পঢ়ক :Delhi to London flight: যাত্ৰীৰ অভব্য আচৰণৰ বাবে লণ্ডন অভিমুখী বিমান উভতিল দিল্লীলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.