ETV Bharat / bharat

BJP leader found hanging: দুহাত বান্ধি গছত ওলোমাই থ’লে বিজেপি নেতাৰ মৃতদেহ

author img

By ETV Bharat Assamese Team

Published : Nov 8, 2023, 10:34 PM IST

গছত হাত বান্ধি ওলোমাই থোৱা অৱস্থাত উদ্ধাৰ বিজেপি নেতাৰ মৃতদেহ ৷ ৰাজনৈতিক হত্যাৰ সন্দেহ দলৰ ৷ পৰিয়ালৰ মতে পৰকীয়া প্ৰেমৰ বাবেহে কৰা হৈছে হত্যা ৷

BJP leader found hanging
BJP leader found hanging

নিউজ ডেস্ক, 8 নৱেম্বৰ: পশ্চিম বংগৰ বাংকুৰা জিলাৰ নিধিৰামপুৰ গাঁৱত বুধবাৰে গছৰ ডালত ওলমি থকা অৱস্থাত উদ্ধাৰ হয় এগৰাকী স্থানীয় বিজেপি নেতাৰ মৃতদেহ । নেতাজনক শেহতীয়াকৈ সমাপ্ত হোৱা পশ্চিম বংগৰ তিনি স্তৰীয় পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা শুভদীপ মিশ্ৰ বুলি জানিব পৰা গৈছে । পৰিয়ালৰ লোকে জনোৱা মতে, যোৱা সাত দিন ধৰি তেওঁ নিৰুদ্দেশ হৈছিল আৰু অৱশেষত বুধবাৰে পুৱা তেওঁৰ মৃতদেহ অঞ্চলটোৰ এজোপা গছত ওলমি থকা দেখা গৈছিল ।

BJP leader found hanging
সুভেন্দু অধিকাৰীৰ প্ৰতিক্ৰিয়া

তেওঁৰ হাত দুখন বান্ধি থোৱা আছিল । মৃত নেতাজনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ আৰক্ষী সেই স্থানত উপস্থিত হোৱাৰ লগে লগে ছাল্টোৰা বিধানসভা সমষ্টিৰ স্থানীয় বিজেপি বিধায়ক চন্দনা বাউৰীয়ে প্ৰতিবাদ আৰম্ভ কৰি মৃতদেহটো পুলিচৰ হাতত গতাই দিবলৈ অস্বীকাৰ কৰে । মৃত বিজেপি নেতাগৰাকীৰ মৃতদেহ লৈ যোৱাত বাধা প্ৰদান কৰি বাউৰীয়ে আৰক্ষীৰ বাহনখনৰ সন্মুখত শুই পৰে ।

শাসকীয় তৃণমূল কংগ্ৰেছৰ সৈতে জড়িত স্থানীয় গুণ্ডাই অঞ্চলটোত মৃত বিজেপি নেতাগৰাকীৰ ক্ৰমবৰ্ধমান জনপ্ৰিয়তাত আতংকিত হৈ পৰাত মিশ্ৰক হত্যা কৰা বুলি দাবী কৰে বিৰোধী দলৰ নেতা সুভেন্দু অধিকাৰীয়ে । এই বিষয়ত বাংকুৰা জিলাৰ আৰক্ষী অধীক্ষক বৈভৱ তিৱাৰীৰ ভূমিকাও পুংখানুপুংখভাৱে তদন্ত কৰিবলৈও দাবী জনায় বিৰোধী দলপতিগৰাকীয়ে ।

"টিএমচিৰ গুণ্ডাই শুভদীপ মিশ্ৰক হত্যা কৰি হাত বান্ধি মৃতদেহ গছত ওলোমাই থৈছে । বাংকুৰা জিলাৰ শুভদীপ মিশ্ৰই ২০২৩ চনৰ পঞ্চায়ত নিৰ্বাচনত নিধিৰামপুৰৰ পৰা সালতোৰা বিধানসভা সমষ্টিৰ গংগাজলঘাটি ব্লকৰ লটিয়াবনি আঞ্চলত বিজেপিৰ প্ৰাৰ্থী আছিল ৷ টিএমচিৰ চোৰ আৰু গুণ্ডাই তেওঁৰ ক্ৰমবৰ্ধমান জনপ্ৰিয়তা আৰু দুৰ্নীতিৰ বিৰোধী স্থিতি হজম কৰিব নোৱাৰাৰ বাবে হত্যা কৰিছে ।’’ Xত এক পোষ্টত অধিকাৰীয়ে এইদৰে কয় ।

"এইটো এটা হত্যাকাণ্ড । যি ভিডিঅ' উপলব্ধ, যিটো ভিডিঅ' ময়ো এক্সত মুখখন ম্লান কৰি পোষ্ট কৰিছো, তাত স্পষ্টকৈ দেখা গৈছে যে তেওঁৰ হাত বন্ধা আছে । কোনোৱে হাত বান্ধি গছত ওলমি থাকিব নোৱাৰে । স্পষ্ট যে তেওঁৰ বান্ধি থৈ তাৰ পিছত গছত ওলোমাই থোৱা হ'ল । আমি ভাবো যে এয়া ৰাজনৈতিক হত্যাকাণ্ড আৰু ইয়াৰ লগত আৰক্ষী আৰু তৃণমূল কংগ্ৰেছৰ গুণ্ডা জড়িত হৈ আছে । পৰিয়ালৰ দাবীত আমি একমত, আৰু আমিও চিবিআইৰ তদন্তৰ দাবী জনাইছো ৷” তেওঁ লগতে কয় ।

"এই কাণ্ডত আৰক্ষী অধীক্ষক; বাংকুৰা জিলা আৰক্ষীৰ ভূমিকা সম্পৰ্কে পুংখানুপুংখভাৱে তদন্ত কৰিব লাগিব । ইয়াৰ সৈতে সংলগ্ন কৰা হৈছে যোৱা মাহত আৰক্ষী অধীক্ষকে জাৰি কৰা এটা আদেশ । এনে লাগে যেন তেওঁ নিজৰ পদবীৰ সীমাবদ্ধতা অতিক্ৰম কৰি প্ৰত্যক্ষ নিয়ন্ত্ৰণ লাভ কৰিব বিচাৰিছিল । এই নিৰ্দেশ ৰাজনৈতিক প্ৰকৃতিৰ যেন লাগে, প্ৰশাসনিক নহয় । জিলা আৰক্ষী ইউনিটবোৰ ইউনিফৰ্ম পিন্ধা টিএমচি কেডাৰৰ বাহিৰে একো নহয় । তেওঁলোকৰ একমাত্ৰ কাম হ'ল টিএমচি দলৰ অস্তিত্ব যিমান পাৰি সিমান দিন অব্যাহত থকাটো নিশ্চিত কৰা । চিবিআইৰ তদন্তৰ দাবী জনাইছো ৷ কাৰণ আৰক্ষীয়ে যৎপৰোনাস্তি চেষ্টা কৰিব যাতে প্ৰমাণ লুকুৱাব পাৰে আৰু শাসকীয় টিএমচি দলৰ অন্তৰ্গত দোষীক সুৰক্ষা দিব পাৰে ৷ যাতে তেওঁলোকৰ ৰাজনৈতিক মালিকক সন্তুষ্ট কৰিব পৰা যায় ।’’ X ত দীঘলীয়া পোষ্টত অধিকাৰীয়ে এইদৰে কয় ।

সংবাদ সংস্থা এএনআইৰ তথ্য অনুসৰি, মিশ্ৰৰ লগত প্ৰেমৰ সম্পৰ্ক থকা গাঁৱৰ এগৰাকী বিবাহিতা মহিলাৰ পৰিয়ালে হত্যা কৰা বুলি পৰিয়ালটোৱে দাবী কৰিছে । অধিকাৰীৰ মন্তব্যৰ বাবে তৃণমূল কংগ্ৰেছে প্ৰত্যুত্তৰ দি বিজেপিয়ে শগুনৰ ৰাজনীতিত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন কৰিছে ।

তৃণমূলৰ জ্যেষ্ঠ নেতা তথা কেবিনেট মন্ত্ৰী শশী পাঞ্জাই সাংবাদিকৰ আগত কয়, "ইয়াত বিজেপিৰ ভূমিকা কি ? তেওঁ বিজেপি সমৰ্থক হ'ব পাৰে বা টিএমচিৰ সমৰ্থক হ'ব পাৰে, কিন্তু পৰিয়ালে কি কৈছে আমি চাব লাগিব । পৰিয়ালৰ লোকে আন এজনক আঙুলিয়াইছে । পৰিয়ালে কৈছে যে এইটো এটা ব্যক্তিগত বিষয় যিয়ে এই মৃত্যুৰ কাৰণ হৈছিল ।’’

লগতে পঢ়ক: Mission against Maoist: ৱায়ানাডত মাওবাদীৰে আৰক্ষীৰ সংঘৰ্ষ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.