ETV Bharat / bharat

বিজেপিয়ে সন্ত্ৰাসক ঢাল হিচাপে ব্যৱহাৰ কৰিছে : মানিক সৰকাৰ

author img

By

Published : Sep 24, 2022, 2:13 PM IST

আগৰতলাৰ সমীপৰ হাপানিয়াত উত্তপ্ত পৰিস্থিতি (Tense situation in Hapania)। চিপিআই(এম)ৰ কাৰ্যালয়ৰ ওচৰতে থকা ব্যৱসায়িক প্ৰতিষ্ঠানত দুৰ্বৃত্তৰ আক্ৰমণ । ভাঙি জ্বলাই দিলে প্ৰতিষ্ঠানখন । এই ঘটনাত বিজেপিৰ সমৰ্থক জড়িত থকাৰ অভিযোগ চিপিআই(এম)ৰ নেতা মানিক সৰকাৰৰ ।

CPIM
বিজেপিয়ে সন্ত্ৰাসক ঢাল হিচাপে ব্যৱহাৰ কৰিছে

আগৰতলা,২৪ ছেপ্টেম্বৰ : ত্ৰিপুৰাত বিভিন্ন ৰাজনৈতিক দলৰ মাজত সংঘাত অব্যাহত আছে (Clashes among political parties in Tripura)। বিভিন্ন স্থানত আকৌ দলীয় সমৰ্থকৰ মাজত মাৰপিটৰ ঘটনাও সংঘটিত হোৱা দেখা গৈছে । ইয়াৰ মাজতে আগৰতলাৰ হাপানিয়া অঞ্চলত চাঞ্চল্যকৰ ঘটনা । বৃহস্পতিবাৰে নিশা দুৰ্বৃত্তৰ দলে লণ্ড ভণ্ড কৰিলে অঞ্চলটোৰ ব্যৱসায়িক প্ৰতিষ্ঠান (Miscreants vandalized some shop in Hapania)। ব্যৱসায়িক প্ৰতিষ্ঠান কেইখন ভাঙি পেলোৱাৰ লগতে দুৰ্বৃত্তৰ দলটোৱে জ্বলাইও দিয়ে । এই ঘটনাৰ পাছতে অঞ্চলটোত তীব্ৰ আতংকই বিৰাজ কৰিছে । ইফালে বিৰোধীয়ে অভিযোগ কৰা মতে এই ঘটনাত শাসকীয় বিজেপিৰ গুণ্ডা বাহিনী জড়িত আছে ।

শনিবাৰে উক্ত অঞ্চলত উপস্থিত হয় প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিৰোধী চিপিআই(এম)ৰ নেতা মানিক সৰকাৰ (Manik Sarkar visits Hapania)। ঘটনাস্থলীত উপস্থিত হৈ মানিক সৰকাৰে অভিযোগ কৰে যে শাসকীয় বিজেপিয়ে অস্তিত্ব ৰক্ষাৰ বাবে সন্ত্ৰাসক ঢাল হিচাপে ব্যৱহাৰ কৰি আছে (BJP backed miscreants vandalized shop in Hapania)। তেওঁ দাবী কৰা মতে বিজেপিয়ে ইতিমধ্যে ৰাজ্যখনত ভেটি হেৰুৱাইছে ।

মানিক সৰকাৰে জনোৱা মতে বৃহস্পতিবাৰে পুৱা উক্ত অঞ্চলটোত চিপিআই(এম) দলে এক কাৰ্যসূচী অনুষ্ঠিত কৰাৰ কথা আছিল । কিন্তু আৰক্ষীয়ে অনুমতি দিয়া নাছিল । পৰৱৰ্তী সময়ত কাৰ্যালয়ত সভা অনুষ্ঠিত কৰাৰ অনুমতি দিয়া হৈছিল । লক্ষণীয়ভাৱে একাংশ চিপিআই(এম) নেতাই দলৰ কাৰ্যালয়ৰ সমীপৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনত বহি আছিল । নেতাকেইগৰাকী তাৰ পৰা আঁতৰি যোৱাৰ পাছত উক্ত ব্যৱসায়িক প্ৰতিষ্ঠানত বিজেপিৰ গুণ্ডা বাহিনীয়ে অগ্নি সংযোগ কৰে বুলি অভিযোগ কৰে মানিক সৰকাৰে (Manik Sarkar slams BJP)।

মানিক সৰকাৰে অভিযোগ কৰা মতে যিসকল চিপিআই(এম)ৰ সমৰ্থকে সমদলটোত অংশগ্ৰহণৰ বাবে উপস্থিত হৈছিল তেওঁলোকে ঘৰলৈ উভতি যোৱাৰ সময়ত আক্ৰমণৰ সন্মুখীন হৈছিল । এই ঘটনাৰ খবৰ পোৱাৰ পাছতে মানিক সৰকাৰসহ চিপিআই(এম)ৰ সাতজনীয়া এটা প্ৰতিনিধি দল ঘটনাস্থলীত উপস্থিত হৈ সমগ্ৰ পৰিস্থিতিৰ বুজ লোৱাৰ কথা উল্লেখ কৰে নেতাগৰাকীয়ে ।

তেওঁ উল্লেখ্য কৰা মতে চিপিআই(এম)ৰ বিধায়কৰ চাৰিজনীয়া প্ৰতিনিধি দলে অমতালী আৰক্ষী থানাত উপস্থিত হৈ সমগ্ৰ ঘটনা সম্পৰ্কে শীৰ্ষ আৰক্ষী বিষয়াসকলৰ সৈতে আলোচনা কৰিছে । আৰক্ষীৰ ভূমিকাক লৈও নেতাসকলে বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন কৰিছে । মানিক সৰকাৰে উল্লেখ কৰা মতে আৰক্ষীয়ে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিছে ।

লগতে পঢ়ক :ত্ৰিপুৰাত নতুন দন্ত চিকিৎসা মহাবিদ্যালয়ৰ ঘোষণা মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.