ETV Bharat / bharat

Karnataka Hijab row: হিজাব বিতৰ্কক লৈ ৰাহুল গান্ধীৰ বিৰুদ্ধে সোচ্ছাৰ বিজেপি

পুনৰ বিৰ্তকত ৰাহুল গান্ধী ৷ "তেওঁ ভাৰতৰ ভবিষ্য়তৰ বাবে বিপদজনক (BJP calls Rahul Gandhi dangerous for India's future after hijab row )" এইবুলি মন্তব্য কৰে কৰ্ণাটকৰ বিজেপি দলে ৷

author img

By

Published : Feb 5, 2022, 7:35 PM IST

bjp-calls-rahul-gandhi-dangerous-for-indias-future-after-hijab-row
হিজাব বিতৰ্কক লৈ ৰাহুল গান্ধীৰ বিৰুদ্ধে সোচ্ছাৰ বিজেপি

নেশ্যনেল ডেস্ক, 5 ফ্ৰেব্ৰুৱাৰী : কৰ্ণাটকৰ কিছু শিক্ষানুস্থানৰ ছাত্ৰীক হিজাব অথবা বোৰ্খা পিন্ধি শিক্ষানুস্থানলৈ অহাত বাধা দিয়াক লৈ উত্তপ্ত হৈছে কৰ্ণাটকৰ লগতে দেশৰ আন আন ৰাজ্যৰ ৰাজনীতি (Karnataka Hijab row ) ।

এই হিজাব অথবা বোৰ্খা পিন্ধাৰ বিষয়ক লৈ নিজৰ মত স্পষ্ট কৰাৰ বাবে এতিয়া কংগ্ৰেছ নেতা ৰাহুল গান্ধীক আক্ৰমণ কৰিছে বিজেপি দল তথা বহু বিজেপি নেতাই । কৰ্ণাটকৰ বিষয়টো লৈ চৰ্চা হৈ থকা সময়তে ৰাহুল গান্ধীয়ে নিজৰ টুইটাৰৰ জৰিয়তে কৈছিল যে, হিজাব অথবা বোৰ্খাৰ বিষয়টো শিক্ষাৰ মাজলৈ টানি আনি ছাত্ৰী সকলৰ ভৱিষ্যত কাঢ়ি লোৱা হৈছে । "মা সৰস্বতীয়ে জ্ঞান সকলোকে সমানে দিয়ে । তেওঁ কাৰোৱেই মাজত পাৰ্থক্য নকৰে । "

ৰাহুল গান্ধীৰ এই টুইটৰ পাছতেই কংগ্ৰেছ নেতা গৰাকীৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰা দেখা যায় বিজেপি দলৰ বহু নেতাক । কৰ্ণাটকৰ বিজেপি দলে ৰাহুলক তীব্ৰ ভাষাৰে সমালোচনা কৰি কয় যে নিজৰ বক্তব্যৰ জৰিয়তে কংগ্ৰেছৰ কো-ওনাৰ ৰাহুল গান্ধীয়ে আকৌ এবাৰ প্ৰমাণ কৰিলে যে, তেওঁ ভাৰতৰ ভবিষ্য়তৰ বাবে বিপদজনক (BJP calls Rahul Gandhi dangerous for India's future after hijab row ) । "যদি এই হিজাব অথবা বোৰ্খা শিক্ষাৰ ইমানেই প্ৰয়োজনীয় ৰাহুল গান্ধীয়ে ইয়াক কংগ্ৰেছ চৰকাৰ থকা ৰাজ্য সমূহত বাধ্যতামুলক নকৰে কিয় ?" কৰ্ণাটকৰ বিজেপিৰ শাখাই প্ৰশ্ন কৰে ৰাহুলক ।

  • By letting students’ hijab come in the way of their education, we are robbing the future of the daughters of India.

    Ma Saraswati gives knowledge to all. She doesn’t differentiate. #SaraswatiPuja

    — Rahul Gandhi (@RahulGandhi) February 5, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

কৰ্ণাটকৰ উডুপি জিলাৰ এখন মহাবিদ্যালয়ৰ একাংশ ছাত্ৰীক হিজাব অথবা বোৰ্খা পিন্ধি শ্ৰেণীলৈ অহাত বধা দিয়াৰ পাছত মহাবিদ্যালয় খনৰ কিছু ছাত্ৰকো গেৰুৱা মাফলাৰ লৈ মহাবিদ্যালয়লৈ আহা দাখা যায় । ইয়াৰ পাছতেই এই হিজাব অথবা বোৰ্খা বিতৰ্ক আৰম্ভ হয় আৰু টুইটাৰ তথা আন আন সামাজিক মাধ্যম সমূহত বিয়পি পৰে ।

এই বিতৰ্ক সামাজিক মাধ্যম তথা আন আন বিদ্যালয় আৰু মহাবিদ্যালয়লৈ বিয়পি পৰাৰ পাছতেই ৰাজ্য়খনৰ মুখ্য়মন্ত্ৰী বাসৰাজ বোম্মাইয়ে শনিবাৰে ৰাজ্য়খনৰ প্ৰাথমিক আৰু উচ্চ শিক্ষা বিভাগৰ মন্ত্ৰী বি চি নাগেশ থথা আন আন বিষয়া সকলৰ সৈতে চৰকাৰৰ স্থিতি স্পষ্ট কৰিবলৈ এক জৰুৰী আলোচনাত মিলিত হোৱা দেখা যায় ।

লগতে পঢ়ক : 'ত্ৰিপুৰাত হ্ৰাস হৈছে মহিলাৰ বিৰুদ্ধে অপৰাধ': মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.