নেচনেল ডেস্ক, ২০ মাৰ্চ : ভাৰতৰ ৫ খন ৰাজ্যত শেহতীয়াকৈ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছে । বিজেপিয়ে গোৱা, উত্তৰাখণ্ড আৰু মণিপুৰতো চৰকাৰ গঠন কৰিবলৈ সাজু হৈছে আনহাতে আম আদমি পাৰ্টিয়ে পাঞ্জাৱত প্ৰথমবাৰলৈ চৰকাৰ গঠন কৰিছে (AAP formed the maiden government in Punjab)। আটাইকেইখন ৰাজ্যৰ নিৰ্বাচনৰ ফলাফল পৰ্যালোচনা কৰিছে বিজেপি দলে (BJP party reviews recent election results)। বিশেষকৈ ৰাজনৈতিকভাৱে গুৰুত্বপূৰ্ণ উত্তৰ প্ৰদেশৰ ফলাফলক লৈ বিশেষ পৰ্যালোচনা কৰা হৈছে ।
দলীয় সূত্ৰৰ মতে আগন্তুক ২০২৪ ৰ লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য এই ফলাফল অতি গুৰুত্বপূৰ্ণ হ'ব দলটোৰ বাবে । যদিও যোগী আদিত্যনাথ চৰকাৰে উত্তৰ প্ৰদেশত জয়ৰ ধাৰা অব্যাহত ৰাখিছে কিন্তু লক্ষণীয় বিষয়টো হৈছে যে দলটোৱে ২০১৭ চনৰ বিধানসভা নিৰ্বাচনৰ তুলনাত প্ৰায় ৬০ খন আসন কম পাইছে (BJP lost nearly 60 seats as compared to 2017)। ২০১৭ চনত ৩২৫ খন আসনৰ বিপৰীতে ২৫৫ খন আসন লাভ কৰিছিল বিজেপিয়ে ।
সূত্ৰৰ মতে নিৰ্বাচনী ফলাফল আৰু ৰাজ্য চৰকাৰৰ নতুন কেবিনেটক লৈ বিভিন্ন বৈঠকত যথেষ্ট বিশ্লেষণ আৰু চিন্তা-চৰ্চা কৰি থকা হৈছে । জানিব পৰা মতে উত্তৰ প্ৰদেশৰ ভাৰপ্ৰাপ্ত বিষয়া ধৰ্মেন্দ্ৰ প্ৰধানে শেহতীয়া এখন বৈঠকত উত্তৰ প্ৰদেশ নিৰ্বাচনৰ ফলাফলৰ সম্পূৰ্ণ ব্লুপ্ৰিণ্ট প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সন্মুখত ৰাখিছিল (Dharmendra Pradhan put complete blueprint of UP elections result)। বৈঠকত চাৰিটা মুখ্য কাৰকৰ ওপৰত আলোচনা কৰা হৈছ । বিজয়ী প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা, বিশেষত্ব, তেওঁৰ জাতি আৰু প্ৰাৰ্থীৰ বয়সৰ বিষয়ে নেতৃত্বই আলোচনা কৰিছে ।
সূত্ৰৰ মতে নতুন কেবিনেটৰ বাবে শিক্ষাগত অৰ্হতা আৰু প্ৰাৰ্থীৰ বয়সৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছে । যাৰ বাবে শিক্ষিত আৰু যুৱ বিজয়ী প্ৰাৰ্থীসকলে কেবিনেটত স্থান পোৱাৰ সম্ভাৱনা আছে । ইয়াৰ উপৰিও, যিবোৰ আসনত দলটোৰ ভোটৰ সংখ্যা বৃদ্ধি পাইছে আৰু যি বোৰত দলটোৰ ভোটৰ অংশ হ্ৰাস পাইছে সেইবোৰৰ ওপৰতো পৰ্যালোচনা কৰা হৈছে । লগতে সেইবোৰ স্থানত ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে দলটোক শক্তিশালী কৰাৰ উদ্দেশ্যে বিভিন্ন ৰণনীতি সম্পৰ্কে বিশ্লেষণ কৰা হৈছে ।
বিশেষ সূত্ৰই জনোৱা মতে চৰকাৰক প্ৰতিনিধিত্ব কৰাৰ উদ্দেশ্যে বিভিন্ন স্তৰৰ প্ৰাৰ্থীসকলক বিবেচনা কৰা হৈছে (Preference to candidates at different backgrounds for UP Cabinet)। ইফালে পূৰ্বৰ মন্ত্ৰীসকলৰ কাম কাজৰ পৰ্যালোচনাও কৰা হৈছে । পূৰ্বৰ মন্ত্ৰীসকলক কেবিনেটত স্থান নিদিয়াৰ প্ৰসংগও সম্প্ৰতি চৰ্চাত আছে ।
অৱশ্যে, সূত্ৰৰ মতে ৰাইজে বিচৰা নেতাসকলক সুযোগ দিয়া হ'ব পাৰে । ইয়াৰ উপৰিও, দলটোৱে এইবাৰ মহিলাসকলক কেবিনেটত স্থান দিয়াৰ ক্ষেত্ৰত গুৰুত্ব দিছে । অনুমান কৰা হৈছে যে এইবাৰ দুজনৰ পৰিৱৰ্তে তিনিজন উপ-মুখ্যমন্ত্ৰী ৰাখিব পাৰে । তৃতীয়গৰাকী উপ-মুখ্যমন্ত্ৰী হিচাপে এগৰাকী মহিলা প্ৰাৰ্থীক অন্তৰ্ভুক্ত কৰাৰ সম্ভাৱনা আছে ।
সামগ্ৰিকভাৱে, ২০২৪ চনৰ নিৰ্বাচনত জাতিগত সমীকৰণে কেনেদৰে প্ৰভাৱ পেলাব সেয়া লক্ষ্য ৰাখিয়ে দলটোৰ উত্তৰ প্ৰদেশ কেবিনেট গঠন কৰা হ'ব । বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অৰুণ সিঙে কোৱা মতে উত্তৰ প্ৰদেশত দলে ৰাইজৰ পৰা এক বৃহৎ সমৰ্থন লাভ কৰিছে আৰু সেয়ে এই বিজয়ৰ পাছত দলটোৱে এনে বহি নাথাকে । বৰঞ্চ জনসাধাৰণৰ সেৱাত ব্ৰতী হ'ব বিজেপি ।
বিজেপিয়ে ইতিমধ্যে ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে নেকি বুলি কৰা এক প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে লোকসভা নিৰ্বাচন বিধানসভা নিৰ্বাচনতকৈ ডাঙৰ আৰু সেয়ে দলটোৱে নিশ্চিতভাৱে কিছু পূৰ্বৰে পৰা নিৰ্বাচনৰ প্ৰস্তুতি চলাব আৰু সেয়া এক স্বাভাৱিক প্ৰক্ৰিয়া ।
লগতে পঢ়ক :কংগ্ৰেছৰ ভিতৰচ'ৰাত অসন্তুষ্টি, জি-২৩ নেতাসকলৰ গুৰুত্বপূৰ্ণ বৈঠক