ETV Bharat / bharat

Rahul Gandhi in Wayanad: বিজেপিয়ে মোক মোৰ সমষ্টিৰ ৰাইজৰ পৰা পৃথক কৰাৰ চেষ্টা কৰিছিল; ৰাহুল গান্ধী - Rahul Gandhi in Wayanad

সাংসদ পদ ঘূৰাই পোৱাৰ পাচত পোন প্ৰথমবাৰৰ বাবে নিজা সমষ্টিত উপস্থিত হ’ল ৰাহুল গান্ধী ৷ কংগ্ৰেছ নেতাগৰাকীক নিজ সমষ্টিত উষ্ম আদৰণি ৷ মণিপুৰৰ পৰিস্থিতি সন্দৰ্ভত বিজেপিক আক্ৰমণ ৷

Rahul Gandhi in Wayanad
Rahul Gandhi in Wayanad
author img

By

Published : Aug 12, 2023, 10:02 PM IST

নেশ্যনেল ডেস্ক, 12 আগষ্ট: শনিবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে তেওঁৰ নিজা সমষ্টি ৱায়ানাডত উপস্থিত হয় ৷ নিজ সমষ্টিত উপস্থিত হোৱাৰ পাচতে নেতাগৰাকীৰ আড়ম্বৰপূৰ্ণভাৱে আদৰণি জনোৱা হয় ৷ উল্লেখ্য যে শনিবাৰে কেৰালা কংগ্ৰেছৰ নেতৃত্বাধীন ইউনাইটেড ডেমক্ৰেটিক ফ্ৰণ্টে (ইউডিএফ) সাংসদ পদ পুনৰ লাভ কৰি নিজ সমষ্টিত হোৱা ৰাহুল গান্ধীৰ বাবে এক অভ্যৰ্থনা অনুষ্ঠানৰ আয়োজন কৰিছিল ৷

অনুষ্ঠানটোত জনতাক সম্বোধন কৰি ৰাহুল গান্ধীয়ে ভাৰতীয় জনতা পাৰ্টীৰ (BJP) বিৰুদ্ধে তেওঁৰ সাংসদ পদ কাঢ়ি লৈ ৱায়ানাড সমষ্টিৰ ৰাইজৰ সৈতে তেওঁৰ সম্পৰ্ক ছিন্ন কৰাৰ প্ৰচেষ্টা চলোৱাৰ অভিযোগ উত্থাপন কৰে ৷ উল্লেখ্য যে মাত্ৰ কেইদিনমান পূৰ্বে ৰাহুল গান্ধীয়ে ‘মোদী’ উপাধি গোচৰৰ পৰিপ্ৰেক্ষিতত হেৰুওৱা সাংসদ পদ ঘূৰাই পায় ৷

ৰাহুল গান্ধীয়ে বিজেপিক তেওঁলোকৰ বিভাজনমূলক কৌশলৰ বাবে গৰিহণা দিয়ে আৰু দাবী কৰে যে দলটোৱে পৰিয়ালবোৰ ধ্বংস কৰা আৰু ভাৰতৰ ঐক্য কলুষিত কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ তেওঁ মণিপুৰলৈ গৈ লাভ কৰা অভিজ্ঞতাৰ কথা উল্লেখ কৰে ৷ তেওঁ কয় যে বিভাজনমূলক ৰণনীতিৰ বাবেই মণিপুৰৰ পৰিয়ালবোৰক ধ্বংস কৰা হৈছে ৷ সাংসদগৰাকীয়ে দাবী কৰে যে লোকসভাত মণিপুৰ বিষয়ত আলোচনাৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু তেওঁৰ কেবিনেট মন্ত্ৰীসকলক উপভোগ কৰা থকা দেখা গৈছিল ৷

ৱায়ানাডত ৰাইজক সম্বোধন কৰি ৰাহুল গান্ধীয়ে আৰু কয়, ‘‘মই ১৯ বছৰ ধৰি ৰাজনীতিত আছোঁ ৷ কিন্তু মই মণিপুৰত যি দেখিলোঁ, সেয়া মই কেতিয়াও অনুভৱ কৰা নাই । মণিপুৰত শ শ পৰিয়াল তেওঁলোকৰ (বিজেপি) বিভাজন কৌশলৰ বাবে ধ্বংস পৰিল ৷ মই লোকসভাত কৈছিলো যে ভাৰতৰ ধাৰণাটো মণিপুৰত হত্যা কৰা হৈছে ৷ প্ৰধানমন্ত্ৰীয়ে কেনেকৈ হাঁহিব পাৰে ? তেওঁ হাঁহিবলৈ কেনেকৈ সাহস কৰিছে ?’’ তেওঁ মণিপুৰ সমস্যাৰ প্ৰতি চমু সঁহাৰি দিয়াৰ বাবে প্ৰধানমন্ত্ৰীক সমালোচনা কৰে ৷

দুদিনীয়া ভ্ৰমণকালত ৰাহুল গান্ধীয়ে তেওঁৰ সমষ্টিৰ বিভিন্ন প্ৰচাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব । প্ৰাৰম্ভিক অনুষ্ঠানটো আছিল কালপেট্টাত ইউডিএফে আয়োজিত ৰাজহুৱা অভ্যৰ্থনা । ইয়াৰ উপৰিও, "কাইথাংগু কেয়াৰ কাৰ্যসূচী"ৰ (Kaithangu Care Programme) অংশ হিচাবে, কংগ্ৰেছ দলে নিৰ্মাণ কৰা নটা সম্পূৰ্ণ গৃহৰ চাবি ৰাজহুৱা সভাৰ সময়ত হিতাধিকাৰীসকলক হস্তান্তৰ কৰা হয় ৷

লগতে পঢ়ক: Centres New Bill : সন্ত্ৰাসবাদ আৰু গণপ্ৰহাৰৰ ওপৰত কেন্দ্ৰৰ নতুন বিধেয়ক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.