ETV Bharat / bharat

Indigo controversy: পাটনাৰ যাত্ৰীক উদয়পুৰত অৱতৰণ কৰালে ইণ্ডিগ’ৱে

author img

By

Published : Feb 4, 2023, 9:22 AM IST

পুনৰ বিতৰ্কৰ মেৰপাকত ইণ্ডিগ’ ৷ ইণ্ডিগ’ বিমান কৰ্তৃপক্ষৰ গাফিলতিৰ বাবেই পাটনাৰ এগৰাকী যাত্ৰীক উদয়পুৰত অৱতৰণ কৰালে ইণ্ডিগ’ বিমানে (Indigo flies Patna passenger to Udaipur) ৷

Bizarre! Indigo flies Patna passenger to Udaipur, DGCA orders probe
পাটনাৰ যাত্ৰীক উদয়পুৰত অৱতৰণ কৰালে ইণ্ডিগ’ৱে

নেশ্যনেল ডেস্ক, 4 জানুৱাৰী: ইণ্ডিগ’ত কালিকা লাগিছে ৷ ইটোৰ পিচত সিটো বিতৰ্কই লগ এৰা নাই ইণ্ডিগ’ বিমানসেৱা কৰ্তৃপক্ষক (Indigo controversy) ৷ বিগত কেইবামাহ ধৰি ইণ্ডিগ’ বিমানসেৱাত হোৱা গাফিলতিৰ বাবেই প্ৰতিদিনেই বাতৰিৰ শিৰোনাম দখল কৰিছে প্ৰতিষ্ঠানটোৱে ৷ এইবাৰ পাটনাৰ এগৰাকী যাত্ৰীক উদয়পুৰত অৱতৰণ কৰালে ইণ্ডিগ’ বিমানে (Indigo flies Patna passenger to Udaipur) ৷

ঘটনাৰ বিৱৰণী অনুসৰি দিল্লীৰ পৰা পাটনালৈ যাব লগা আফাছাৰ হুছেইন নামৰ যাত্ৰীগৰাকীক উদয়পুৰৰ বিমানত লৈ যোৱা হৈছিল (Indigo flies Patna passenger to Udaipur)) ৷ আফছাৰ হুছেইনে ইণ্ডিগ’ ফ্লাইট 6ই-214ত পাটনাৰ বাবে টিকট বুক কৰিছিল ৷ তেওঁ 30 জানুৱাৰীত নিৰ্ধাৰিত বিমানত উঠিবলৈ দিল্লী বিমানবন্দৰত উপস্থিত হৈছিল। কিন্তু ভুলৱশতঃ তেওঁ দিল্লীৰ পৰা উদয়পুৰ অভিমুখী বিমান 6ই-319 ত উঠে ৷ যাত্ৰীজনে উদয়পুৰ বিমানবন্দৰত অৱতৰণ কৰাৰ পিছতহে প্ৰকৃত ঘটনাটো পোহৰলৈ আহে ৷

লগে লগে যুৱকজনে উদয়পুৰ বিমানবন্দৰৰ উর্ধ্বতন কৰ্তৃপক্ষক অৱগত কৰে ৷ তাৰ পিছত বিমানবন্দৰটোৰ বিষয়াই বিমান সংস্থাটোক বিষয়টোৰ সম্পৰ্কে জনায় ৷ এই কথা অৱগত হোৱাৰ পাছতে বিমান সংস্থাটোৱে যাত্ৰীগৰাকীক বিমানযোগে পুনৰ দিল্লীলৈ পঠিয়াই ৷ ইয়াৰ এদিন পাছতহে অৰ্থাৎ 31জানুৱাৰীত যাত্ৰীগৰাকীয়ে পুনৰ উদয়পুৰলৈ যাত্ৰা কৰিব লগা হয় ৷

এই ঘটনাৰ পিচতেই অসামৰিক বিমান পৰিবহন সঞ্চালকালয়ে (ডিজিচিএ) (Directorate General of Civil Aviation) ঘটনাটোক লৈ তদন্তৰ নিৰ্দেশ দিছে ৷ এজন যাত্ৰীক তেওঁৰ প্ৰকৃত গন্তব্যস্থানৰ পৰা প্ৰায় ১,৪০০ কিলোমিটাৰ দূৰত থকা উদয়পুৰলৈ লৈ অনা ঘটনাই বিমান সেৱা প্ৰদানৰ ক্ষেত্ৰত বিমান সংস্থাটোৰ গাফিলতিকে প্ৰমাণ কৰিছে বুলি মন্তব্য প্ৰকাশ কৰে (DGCA orders probe Indigo)৷

ডিজিচিএয়ে প্ৰশ্ন উত্থাপন কৰে যে, বিমানত উঠাৰ সময়ত যাত্ৰীগৰাকীৰ বৰ্ডিং পাছ কিয় স্কেন কৰা হোৱা নাছিল ৷ ইয়াৰোপৰি বিমানত উঠাৰ পূৰ্বে দ্বিতীয় পৰ্যায়ৰ বৰ্ডিং পাছ পৰীক্ষাত যাত্ৰীগৰাকীৰ বিমানখন সেইখন লহয় বুলি কিয় জনোৱা হোৱা নাছিল ৷ বিমান সংস্থাটোক অচিৰেই এইসমূহ প্ৰশ্নৰ উত্তৰ দিবলৈ জাননী জাৰি কৰিছে ডিচিজিএ ৷

"6E-319 দিল্লী-উদয়পুৰ বিমানত এজন যাত্ৰীৰ সৈতে সংঘটিত হোৱা অনাকাংক্ষিত ঘটনাটোৰ বিষয়ে আমি জ্ঞাত। আমি এই বিষয়ত উৰ্ধ্বতন কৰ্তৃপক্ষৰ সৈতে কথা পাতিছো । যাত্ৰীগৰাকীৰ অসুবিধাৰ বাবে আমি দুঃখিত" ৷ শুকুৰবাৰে বিমানসংস্থাটোৱে এক বিবৃতিত এই কথা প্ৰকাশ কৰে ৷

লগতে পঢ়ক: Excessive salt: অত্যধিক নিমখ গ্ৰহণ কৰিলে শৰীৰত দেখা দিব পাৰে এইসমূহ লক্ষণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.